প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত ৰূপৰ পদক বিজয়ী বান্টিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
21 OCT 2026 6:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ হাই জাম্পৰ টি-৬৪ শাখাত ৰূপৰ পদক অৰ্জন কৰা বান্টিৰ সফলতাত আনন্দ প্ৰকাশ কৰে।
বান্টিয়ে অসাধাৰণ প্ৰতিভা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সফলতাই তেওঁক আগন্তুক বছৰবোৰত আৰু উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰি অধিক সাফল্য অৰ্জন কৰিবলৈ আত্মবিশ্বাস যোগাব।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়—
“২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ হাই জাম্পৰ টি-৬৪ শাখাত বান্টিয়ে ৰূপৰ পদক অৰ্জন কৰাত মই আনন্দিত হৈছোঁ।তেওঁ অসাধাৰণ প্ৰতিভা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে।
এই সফলতাই তেওঁক আগন্তুক বছৰবোৰত আৰু উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰি অধিক সাফল্য অৰ্জন কৰিবলৈ অধিক আত্মবিশ্বাস প্ৰদান কৰক।”
@narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2326323)
অতিথি কক্ষ : 6