গৃহ মন্ত্ৰালয়
আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া আৰক্ষী কৰ্মীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাষণ দিয়ে
‘ড্ৰাগছৰ বিৰুদ্ধে যুঁজ’ৰ বাৰ্তা কঢ়িয়াই নিয়া দেশজোৰা মটৰচাইকেল ৰেলীৰো শুভাৰম্ভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
আজি আমাৰ দেশে বিশ্বৰ বুকুত সন্মান আৰু মৰ্যাদাৰে মূৰ দাঙি থিয় দিব পাৰিছে। এই গৌৰৱময় সাফল্যৰ ভেটি হৈছে আমাৰ বীৰ জোৱানসকলৰ ত্যাগ আৰু নিষ্ঠা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰস্তুত কৰা ‘নিচামুক্ত ভাৰত’ গঢ়াৰ ৰূপৰেখা কাৰ্যক্ষেত্ৰত ৰূপায়ণৰ বাবে দেশৰ সকলো আৰক্ষী বাহিনীয়ে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব লাগিব।
আমি সকলোৱে একেলগে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিম আৰু ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দেশক নিচাযুক্ত দ্ৰব্যৰ অভিশাপৰ পৰা মুক্ত কৰিম।
২০২৬ চন ভাৰতীয় আৰক্ষীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ২০২৬ চনৰ ৩১ মাৰ্চত আমি নক্সালবাদৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ।
ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ আজি সমগ্ৰ দেশৰ নাগৰিকৰ বাবে শ্ৰদ্ধা আৰু সন্মানৰ এক পৱিত্ৰ স্থানত পৰিণত হৈছে।
দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী কৰ্মীসকলেই হৈছে প্ৰতিৰক্ষাৰ প্ৰথম আৰু শেষৰটো স্তৰ। নিৰ্বাচনেই হওক, উৎসৱ-পাৰ্বণেই হওক অথবা সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰাই হওক— কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকল প্ৰতিটো ক্ষেত্ৰতে সতৰ্ক হৈ থাকে আৰু সেৱা আগবঢ়াবলৈ সদায় সাজু থাকে।
দেশৰ গণতন্ত্ৰক সুৰক্ষিত কৰি ৰখাই হওক অথবা গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সুচাৰুৰূপে পৰিচালনা নিশ্চিত কৰাই হওক—কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অৱদান অবিহনে এই দুয়োটা কাম সম্পন্ন কৰাৰ কথা আমি কল্পনাও কৰিব নোৱাৰোঁ।
সকলো চৰকাৰী সেৱাৰ ভিতৰত আৰক্ষীৰ সেৱা অন্যতম প্ৰত্যাহ্বানমূলক। আৰক্ষী কৰ্মীসকলৰ বাবে উৎসৱৰ দিনতো ছুটী নাথাকে। এনে বিশেষ দিনতো তেওঁলোকে কৰ্তব্যত নিয়োজিত হৈ অটল নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি যায়।
শেহতীয়াকৈ পশ্চিমবংগত অনুষ্ঠিত নিৰ্বাচন এটাও প্ৰাণহানিৰ ঘটনা নোহোৱাকৈ সম্পন্ন হৈছে। ইয়াৰ কৃতিত্ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ। এতিয়া দেশ নিৰ্বাচনী হিংসাৰ পৰা মুক্ত হৈছে।
দশক দশক ধৰি দেশত আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত তিনিটা প্ৰধান প্ৰত্যাহ্বানৰ কেন্দ্ৰ আছিল—কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চল আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত অঞ্চল। আজি এই তিনিওটা অঞ্চলতে শান্তি প্ৰতিষ্ঠা হৈছে আৰু উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে।
পোষ্ট কৰা হৈছে:
21 OCT 2026 1:41PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া আৰক্ষী কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অনুষ্ঠানত ভাষণ দিয়ে।এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘ড্ৰাগছৰ বিৰুদ্ধে যুঁজ’ শীৰ্ষক বাৰ্তা কঢ়িয়াই নিয়া দেশজোৰা মটৰচাইকেল ৰেলীৰো শুভাৰম্ভ কৰে।আৰক্ষী স্মৃতি দিৱসৰ এই অনুষ্ঠানত সাংসদ শ্ৰী কৃষ্ণ প্ৰসাদ টেনেটি আৰু শ্ৰী ৰাজীৱ কুমাৰ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক শ্ৰী মহেশ দীক্ষিত, ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী শত্ৰুজিৎ কাপুৰ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্যান্য শাখাৰ সঞ্চালক প্ৰধানসকল আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পৰা আজিলৈকে দেশৰ সেৱাত নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ আৰক্ষী কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁলোক ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত সমবেত হৈছে।তেওঁ কয় যে স্বাধীনতা লাভৰ প্ৰায় আঠটা দশকৰ পাছত আজি ভাৰতে বিশ্বৰ বুকুত সন্মান আৰু মৰ্যাদাৰ এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।এই সাফল্যৰ ভেটি হৈছে আমাৰ বীৰ জোৱানসকলৰ ত্যাগ।দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰা আৰু সীমান্ত সুৰক্ষিত কৰি ৰখাৰ বাবে এই বীৰ জোৱানসকলে যদি নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ নকৰিলেহেঁতেন, তেন্তে আজি আমাৰ দেশৰ অৱস্থান ক’ত থাকিলহেঁতেন, সেয়া কোনেও কল্পনাও কৰিব নোৱাৰিলেহেঁতেন।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ২০২৬ চন ভাৰতীয় আৰক্ষীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ।২০২৬ চনৰ ৩১ মাৰ্চত দশক দশক ধৰি ভাৰতক জুৰুলা কৰি অহা নক্সালবাদৰ পৰা দেশে মুক্তি লাভ কৰে।১৯৮১ চনৰ পৰা ২০২৬ চনৰ মাৰ্চ মাহলৈকে নক্সালবাদৰ বাবে দেশে বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।এই সময়ছোৱাত বহু সাহসী নিৰাপত্তাৰক্ষী আৰু নিৰীহ নাগৰিকে প্ৰাণ হেৰুৱাইছিল।৩,৬০০ৰো অধিক নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল আৰু প্ৰায় ১৩,৭০০ নিৰীহ নাগৰিকেও প্ৰাণ হেৰুৱাইছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পাঁচটা দশক ধৰি চলি অহা এই সমস্যাৰ অন্ত পেলাই দেশে এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। এই প্ৰসংগত তেওঁ শ্বহীদ নিৰাপত্তাৰক্ষীসকলৰ পৰিয়ালবৰ্গক জনাব বিচাৰে যে তেওঁলোকৰ ৩,৬০০ সহকৰ্মীৰ সৰ্বোচ্চ ত্যাগেই দেশৰ এই অগ্ৰগতিৰ ভেটি।শ্বহীদসকলৰ পৰিয়ালবৰ্গক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ অপূৰণীয় ক্ষতি কেতিয়াও পূৰণ কৰিব পৰা নাযাব। তথাপি, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেখুওৱা নিষ্ঠা আৰু ত্যাগৰ বাবে দেশৰ ১৪০ কোটি নাগৰিকে সদায় কৃতজ্ঞ হৈ থাকিব।

আৰক্ষী স্মৃতি দিৱসৰ ইতিহাস স্মৰণ কৰি শ্ৰী অমিত শ্বাহে কয় যে ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ দুৰ্গম আৰু প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশেৰে ভৰা হট স্প্ৰিংছ অঞ্চলত চীনা সৈন্যৰ আক্ৰমণ সাহসেৰে প্ৰতিহত কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) ১০গৰাকী জোৱানে নিজৰ প্ৰাণ আহুতি দিছিল।হট স্প্ৰিংছৰ সেই ঘটনাৰ বিষয়ে অধ্যয়ন কৰিলে স্পষ্ট হয় যে সুউচ্চ পাৰ্বত্য অঞ্চলত যেতিয়া যুদ্ধৰ সিদ্ধান্ত নিৰ্ধাৰিত হৈছিল, তেতিয়া পৰিণাম প্ৰায় নিশ্চিত হৈ পৰিছিল।তথাপি, দেশৰ ভূখণ্ডৰ এচিকুট মাটিও যাতে বিদেশী শক্তিৰ হাতলৈ নাযায়, সেই সংকল্পত অটল থাকি এই অমৰ বীৰসকলে কৰ্তব্য পালন কৰি নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছিল।সেই সময়ৰ পৰাই প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে।তেওঁ কয় যে যি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত তেওঁলোক সমবেত হৈছিল, সেই স্মৃতিসৌধটো দেশৰ বিভিন্ন প্ৰান্তত কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া আৰক্ষী কৰ্মীসকলৰ সন্মানাৰ্থে ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।এই স্মৃতিসৌধ নিৰ্মাণৰ মূল উদ্দেশ্য আছিল ভৱিষ্যত প্ৰজন্মৰ আৰক্ষী কৰ্মীসকলক নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত নিষ্ঠাৱান হৈ থাকিবলৈ অনুপ্ৰাণিত কৰা আৰু কৰ্তব্য পালন কৰোঁতে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিবলৈও সাজু কৰি তোলা।তেওঁ লগতে কয় যে এই স্মৃতিসৌধ সমগ্ৰ দেশৰ নাগৰিকৰ বাবেও শ্ৰদ্ধা আৰু সন্মানৰ এক পৱিত্ৰ স্থানত পৰিণত হৈছে।কৃতজ্ঞ নাগৰিকসকলে এই স্থানলৈ আহি ৩৬,৮৫২গৰাকী আৰক্ষী কৰ্মীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁলোকৰ সেৱা তথা ত্যাগৰ বাবে সমগ্ৰ দেশৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সকলো চৰকাৰী সেৱাৰ ভিতৰত আৰক্ষীৰ সেৱা অন্যতম প্ৰত্যাহ্বানমূলক সেৱা।দেশৰ প্ৰতিগৰাকী নাগৰিকে ৰক্ষাবন্ধন, হোলী, দীপাৱলী আৰু ঈদৰ দৰে উৎসৱ-পাৰ্বণ পালন কৰে। কিন্তু আৰক্ষী কৰ্মীসকলে প্ৰায়ে এই উৎসৱসমূহ উদ্যাপনৰ বাবে ছুটী লাভ নকৰে।তেওঁ কয় যে মানুহে নিজৰ পৰিয়ালৰ সৈতে উৎসৱ-পাৰ্বণ উদ্যাপন কৰাৰ সময়ত আৰক্ষী কৰ্মীসকলে আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰা, যান-বাহন নিয়ন্ত্ৰণ কৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব পালন কৰি কৰ্তব্যত নিয়োজিত হৈ থাকে।জীৱনৰ মূল্যৱান আৰু কৰ্মক্ষম সময়ছোৱা পৰিয়ালৰ পৰা আঁতৰি থাকি দেশৰ সেৱাত উৎসৰ্গা কৰাটো দেশৰ প্ৰতি আগবঢ়োৱা এক মহান সেৱা।

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ দেশতে আৰক্ষী কৰ্মীসকলৰ অসাধাৰণ ধৈৰ্য, সংযম, অনুশাসন, সাহস আৰু কৰ্তব্যনিষ্ঠাৰ বহুতো উদাহৰণ আছে, যাৰ জৰিয়তে তেওঁলোকে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা অধিক শক্তিশালী কৰি তুলিছে।তেওঁ কয় যে আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী কৰ্মীসকলেই হৈছে প্ৰতিৰক্ষাৰ প্ৰথম আৰু শেষৰটো স্তৰ।সীমান্তত নিয়োজিত আৰু দেশৰ ভিতৰতো নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চি এ পি এফ) সকলো জোৱানৰ প্ৰতি তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকিও এই জোৱানসকলে নিৰ্বাচন, উৎসৱ-পাৰ্বণ, প্ৰতিবাদ অথবা সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ সময়ত সদায় সতৰ্ক হৈ থাকে আৰু প্ৰতিটো পৰিস্থিতিতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰি তোলে।দেশৰ কাম-কাজ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰিবলৈ তেওঁলোকে অহৰহ কৰ্তব্য পালন কৰি থাকে।গণতন্ত্ৰক সুৰক্ষিত কৰি ৰখাই হওক অথবা গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সুচাৰু পৰিচালনা নিশ্চিত কৰাই হওক, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অৱদান অবিহনে এই কামসমূহ সম্পন্ন কৰাৰ কথা কল্পনাও কৰিব নোৱাৰি।শ্ৰী শ্বাহে কয় যে উত্তৰপ্ৰদেশ আৰু বিহাৰত নিৰ্বাচনী হিংসা নিৰ্মূল কৰাত ভাৰতে সফলতা লাভ কৰিছিল যদিও পশ্চিমবংগত দীৰ্ঘদিন ধৰি নিৰ্বাচনী হিংসা অব্যাহত আছিল।তেওঁ কয় যে শেহতীয়াকৈ সমাপ্ত হোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰক্ষীসকলে এক উল্লেখযোগ্য সফলতা অৰ্জন কৰে। তেওঁলোকৰ প্ৰচেষ্টাত এটাও প্ৰাণহানিৰ ঘটনা নোহোৱাকৈ নিৰ্বাচন সম্পন্ন কৰা সম্ভৱ হয়।এই সফলতাৰ জৰিয়তে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে এক নতুন মান স্থাপন কৰিছে।তেওঁ লগতে কয় যে নিৰ্বাচনী হিংসাৰ অৱসান ঘটিছে বুলি এতিয়া সমগ্ৰ দেশেই স্বীকাৰ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবছৰমানত দেশে কেইবাটাও প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল, যাৰ ভিতৰত তিনিটা প্ৰত্যাহ্বান দশক দশক ধৰি অব্যাহত আছিল।তেওঁ কয় যে আজি দেশৰ তিনিটা প্ৰধান সমস্যাজৰ্জৰিত অঞ্চল—কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চল আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা হৈছে।এই অঞ্চলসমূহত এতিয়া উন্নয়নৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে আৰু উন্নয়নৰ ক্ষেত্ৰত দেশৰ আন অঞ্চলসমূহৰ সৈতে ফেৰ মাৰিবলৈ এই অঞ্চলসমূহ সাজু হৈছে।শ্ৰী অমিত শ্বাহে কয় যে কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে।কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱা আৰু হাজাৰ হাজাৰ লোকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ কৰাৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল শান্তিৰ পথত আগবাঢ়িছে।তেওঁ লগতে কয় যে কেইবাখনো ৰাজ্যলৈ বিয়পি পৰা পাঁচটা দশক পুৰণি নক্সাল সমস্যাৰ সম্পূৰ্ণ নিৰ্মূলৰ ক্ষেত্ৰত আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলে এক বৃহৎ সফলতা লাভ কৰিছে।নক্সালবাদ নিৰ্মূলৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু ইয়াৰ কোব্ৰা বেটেলিয়নক ধন্যবাদ জনায়। লগতে ছত্তীশগড় আৰক্ষীৰ সাহসিকতাৰো প্ৰশংসা কৰে।শ্ৰী অমিত শ্বাহে কয় যে দেশ এতিয়াও সম্পূৰ্ণৰূপে সমস্যামুক্ত হোৱা নাই আৰু সমুখত কেইবাটাও প্ৰত্যাহ্বান বাকী আছে।তেওঁ জনায় যে ২০২৬ চনৰ বাকী সময়ছোৱা আৰু পৰৱৰ্তী তিনিটা বছৰ—২০২৭, ২০২৮ আৰু ২০২৯ চনত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ চলাই ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দেশক নিচাযুক্ত দ্ৰব্যৰ অভিশাপৰ পৰা মুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।তেওঁ এই লক্ষ্যক দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু সৰবৰাহে ভৱিষ্যৎ প্ৰজন্মৰ ভৱিষ্যৎ বিপন্ন কৰে, অৰ্থনীতিৰ ওপৰত অপ্ৰয়োজনীয় বোজা জাপি দিয়ে আৰু প্ৰায়ে দেশবিৰোধী উদ্দেশ্যৰে কাম কৰা সংগঠনসমূহক আৰ্থিক সাহায্য যোগান ধৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰস্তুত কৰা ‘নিচামুক্ত ভাৰত’ গঢ়াৰ ৰূপৰেখা কাৰ্যকৰী কৰাৰ বাবে দেশৰ সকলো আৰক্ষী বাহিনীক সম্পূৰ্ণ নিষ্ঠাৰে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।তেওঁ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত কৰি ৰখাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়।আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰা মটৰচাইকেল ৰেলীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল—জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ প্ৰায় ৯০গৰাকী আৰোহীয়ে অংশগ্ৰহণ কৰিছে।ইয়াৰ উপৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী—কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), সশস্ত্ৰ সীমা বল (এছ এছ বি), ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ (এন এছ জি) জোৱানসকলেও এই ৰেলীত অংশগ্ৰহণ কৰিছে।লগতে ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) দৰে কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ প্ৰতিনিধিসকলো এই ৰেলীত চামিল হৈছে।‘ড্ৰাগছৰ বিৰুদ্ধে যুঁজ’ৰ বাৰ্তাৰে আয়োজিত এই ৰেলী দেশজোৰা অভিযানৰ এক অংশ।এই অভিযানৰ অধীনত দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ মটৰচাইকেল আৰোহীসকলে গুজৰাটৰ একতা নগৰত উপস্থিত হৈ ‘একতা পেৰেড-২০২৬’ত অংশগ্ৰহণ কৰিব।
***
RK/RR/PR/PS/DM
(ৰিলিজ আই ডি : 2326006)
অতিথি কক্ষ : 7