প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা প্ৰাচী পাণ্ডেক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
20 OCT 2026 7:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ ব্যক্তিগত শ্ৰেণী ৬ শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে প্ৰাচী পাণ্ডেক অভিনন্দন জনাইছে।
তেওঁৰ অভিষেকত ব্ৰঞ্জৰ পদক জয় কৰাটো ভাৰতীয় পেৰা টেবুল টেনিছৰ জগতত ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই প্ৰশংসনীয় কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনায়।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘ভাৰতীয় পেৰা টেবুল টেনিছৰ বাবে এক ঐতিহাসিক ক্ষণ!
এছিয়ান পেৰা গেমছত মহিলাৰ ব্যক্তিগত শ্ৰেণী ৬ শিতানত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈ প্ৰাচী পাণ্ডেই সঁচাকৈয়ে বিশেষ সফলতা অৰ্জন কৰিছে। অভিষেক গেমছত লাভ কৰা তেওঁৰ ব্ৰঞ্জৰ পদক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই যুগান্তকাৰী সাফল্যৰ বাবে অভিনন্দনঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/VJ/PRK/MK
(ৰিলিজ আই ডি : 2325623)
অতিথি কক্ষ : 4