গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২১ অক্টোবৰ ২০২৬, বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱস উপলক্ষে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘ড্ৰাগছৰ বিৰুদ্ধে যুঁজ’ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এখন সৰ্বভাৰতীয় মটৰচাইকেল ৰেলীৰো শুভাৰম্ভ কৰিব

এই ৰেলীৰ অংশ হিচাপে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ আৰক্ষী বাইক আৰোহীসকলে ৩১ অক্টোবৰত গুজৰাটৰ একতা নগৰত উপস্থিত হৈ একতা পেৰেডত অংশগ্ৰহণ কৰিব

১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত চীনা সেনাৰ এটা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দলে চলোৱা অতৰ্কিত আক্ৰমণত দহগৰাকী সাহসী আৰক্ষী জোৱানে দেশৰ বাবে প্ৰাণ আহুতি দিছিল

এই শ্বহীদসকলৰ লগতে কৰ্তব্য পালন কৰি দেশৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা আন সকলো শ্বহীদৰ স্মৃতিত প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়

আৰক্ষী কৰ্মীসকলৰ আত্মবলিদান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ আৰক্ষী স্মৃতি দিৱসৰ দিনা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো দেশবাসীৰ নামত কৰিছিল উৎসৰ্গা

পোষ্ট কৰা হৈছে: 19 OCT 2026 5:50PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৬ চনৰ ২১ অক্টোবৰ, বুধবাৰে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱস উপলক্ষে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ (জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লী) প্ৰায় ৯০ গৰাকী আৰক্ষী বাইক আৰোহী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ (চি আৰ পি এফ, চি আই এছ এফ, বি এছ এফ, এছ এছ বি, আই টি বি পি আৰু এন এছ জি) লগতে কেইটামান কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ (আৰ পি এফ, এন ডি আৰ এফ আৰু এন আই এ) প্ৰতিনিধিক সামৰি আয়োজন কৰা এক মটৰচাইকেল ৰেলীৰ শুভাৰম্ভ কৰিব। ‘ড্ৰাগছৰ বিৰুদ্ধে যুঁজ’ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই ৰেলী সৰ্বভাৰতীয় কাৰ্যসূচীৰেই এক অংশ। এই কাৰ্যসূচীৰ অধীনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় বাহিনীৰ আৰক্ষী বাইক আৰোহীসকলে ২০২৬ চনৰ ৩১ অক্টোবৰত গুজৰাটৰ একতা নগৰত উপস্থিত হৈ একতা পেৰেডত অংশগ্ৰহণ কৰিব।

 

১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত চীনা সেনাৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত জোৱানসকলে চলোৱা অতৰ্কিত আক্ৰমণত দহগৰাকী সাহসী আৰক্ষী জোৱানে দেশৰ বাবে প্ৰাণ আহুতি দিছিল।সেই সময়ৰ পৰাই প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰক্ষী কৰ্মীসকলে আগবঢ়োৱা আত্মবলিদান আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ আৰক্ষী স্মৃতি দিৱসৰ দিনা নতুন দিল্লীৰ চাণক্যপুৰীত অৱস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো দেশবাসীৰ নামত উৎসৰ্গা কৰিছিল।

এই স্মাৰকে আৰক্ষী বাহিনীৰ মাজত ৰাষ্ট্ৰীয় পৰিচয়বোধ, গৌৰৱ, উমৈহতীয়া লক্ষ্যৰ প্ৰতি একনিষ্ঠতা, উমৈহতীয়া ইতিহাস আৰু ভৱিষ্যতৰ প্ৰতি একতাৰ অনুভূতি জগাই তোলে। ইয়াৰ লগতে, প্ৰয়োজন হ’লে নিজৰ জীৱনৰ বিনিময়তো দেশক সুৰক্ষা দিয়াৰ সংকল্পক অধিক সুদৃঢ় কৰিছে।

এই স্মাৰকত এটা কেন্দ্ৰীয় ভাস্কৰ্য, এখন ‘শৌৰ্যৰ দেৱাল’ আৰু এটা সংগ্ৰহালয় আছে। কেন্দ্ৰীয় ভাস্কৰ্যটো ৩০ ফুট উচ্চতাৰ একক গ্ৰেনাইট শিলেৰে নিৰ্মিত এটা স্মৃতিস্তম্ভ। ই আৰক্ষী কৰ্মীসকলৰ শক্তি, সহনশীলতা আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰতীক। ‘শৌৰ্যৰ দেৱাল’ত শ্বহীদসকলৰ নাম খোদিত কৰা আছে। স্বাধীনতাৰ পিছৰে পৰা কৰ্তব্য পালন কৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী কৰ্মীসকলৰ সাহস আৰু আত্মত্যাগৰ প্ৰতি এই দেৱালে স্থায়ী স্বীকৃতি বহন কৰিছে।সংগ্ৰহালয়টো ভাৰতৰ আৰক্ষী ব্যৱস্থাৰ ইতিহাস আৰু ইয়াৰ ক্ৰমবিকাশৰ বিষয়ে আলোকপাত কৰা এক প্ৰদৰ্শনী হিচাপে গঢ়ি তোলা হৈছে।এই স্মাৰক আৰক্ষী কৰ্মীসকলৰ লগতে সাধাৰণ নাগৰিকসকলৰ বাবেও এক পৱিত্ৰ তীৰ্থস্থান আৰু শ্ৰদ্ধাৰস্থলী। ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো  সোমবাৰৰ বাহিৰে সপ্তাহৰ প্ৰতিটো দিনতে জনসাধাৰণৰ বাবে মুকলি থাকে।কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহে প্ৰতি শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকস্থলীত বেণ্ড প্ৰদৰ্শন, পেৰেড আৰু ৰিট্ৰিট অনুষ্ঠানৰ আয়োজন কৰে।  এই কাৰ্যসূচী সূৰ্যাস্তৰ এঘণ্টা পূৰ্বে আৰম্ভ হয়।

 

 পূৰ্বৰ বছৰসমূহৰ দৰেই, আৰক্ষীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশতে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হ’ব। এই উপলক্ষ্যে মূল অনুষ্ঠানটো নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আয়োজন কৰা হ’ব। অনুষ্ঠানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ (চি এ পি এফ) আৰু দিল্লী আৰক্ষীৰ যৌথ কুচকাৱাজ অনুষ্ঠিত হ’ব।পৰম্পৰা অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত সভাপতিত্ব কৰিব। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী,  আৰক্ষীৰ পটভূমি থকা সাংসদ, , কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰব্বীসকলকে ধৰি আন বিশিষ্ট ব্যক্তিসকলেও শ্বহীদসকলৰ স্মৃতিত পুষ্পস্তৱক অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানসকল, আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

 

আৰক্ষীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সমবেত লোকসকলক উদ্দেশ্যি  ভাষণ দিব।হট স্প্ৰিংছত শ্বহীদ হোৱা আৰক্ষী জোৱানসকলৰ স্মৃতিত নিৰ্মিত বেদীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পুষ্পস্তৱক অৰ্পণ কৰাৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰিব।এই অনুষ্ঠান দূৰদৰ্শনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। আৰক্ষীৰ বিভিন্ন ৱেবছাইটত ইয়াৰ সম্প্ৰচাৰ কৰা হ’ব আৰু আকাশবাণী তথা অন্যান্য সংবাদ মাধ্যমে অনুষ্ঠানটোৰ বাতৰি প্ৰচাৰ কৰিব।

 

শ্বহীদসকলৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহে বিভিন্ন স্মৃতিচাৰণ  কাৰ্যসূচীৰ আয়োজন কৰিব। এই কাৰ্যসূচীসমূহৰ ভিতৰত থাকিব শ্বহীদসকলৰ পৰিয়ালৰ সদস্যসকলৰ স্মাৰকস্থলী পৰিদৰ্শন, আৰক্ষীৰ বেণ্ডৰ প্ৰদৰ্শন, মটৰচাইকেল ৰেলী, শ্বহীদসকলৰ স্মৃতিত দৌৰ প্ৰতিযোগিতা, ৰক্তদান শিবিৰ, শিশুসকলৰ মাজত ৰচনা লিখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা তথা আৰক্ষী কৰ্মীসকলৰ আত্মত্যাগ, সাহসিকতা আৰু সেৱাৰ বিষয়ে আলোকপাত কৰা তথ্যচিত্ৰৰ প্ৰদৰ্শন আদি থাকিব। এই সময়ছোৱাত সমগ্ৰ দেশৰ সকলো আৰক্ষী বাহিনীয়েও একেধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিব।

 

 

*****

RK/RR/PS/PR/DM


(ৰিলিজ আই ডি : 2325327) অতিথি কক্ষ : 9