প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন আৰু নতুন অভিলেখ স্থাপন কৰা মোনা আগৰৱালক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
19 OCT 2026 1:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছ ২০২৬ৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে মোনা আগৰৱালক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতিযোগিতাখনত মোনা আগৰৱালে অসাধাৰণ প্ৰদৰ্শনেৰে নতুন এছিয়ান পেৰা গেমছৰ অভিলেখো স্থাপন কৰিছে। তেওঁৰ এই সাফল্যই প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম দিনটোক অধিক বিশেষ কৰি তুলিছে। তেওঁ মোনা আগৰৱালৰ লক্ষ্যভেদৰ নিখুঁততা, দৃঢ় সংকল্প আৰু সংযমৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে মোনা আগৰৱালৰ আগন্তুক প্ৰতিযোগিতাসমূহতো ধাৰাবাহিকভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কামনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে লিখিছে—
“এছিয়ান পেৰা গেমছ ২০২৬ৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে মোনা আগৰৱালক অভিনন্দন জনাইছোঁ! তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ সুবাদতে তেওঁ নতুন এছিয়ান পেৰা গেমছৰ অভিলেখো স্থাপন কৰিছে! এয়া এক উল্লেখযোগ্য সাফল্য, যিয়ে ভাৰতৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোক অধিক বিশেষ কৰি তুলিছে। তেওঁৰ লক্ষ্যভেদৰ নিখুঁততা, দৃঢ় সংকল্প আৰু সংযম সঁচাকৈয়ে প্ৰশংসনীয়। আগন্তুক প্ৰতিযোগিতাসমূহতো তেওঁ ধাৰাবাহিকভাৱে সফলতা লাভ কৰক, তাৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।”
@narendramodi”
****
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2325106)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam