তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰত কেৱল বিশ্বৰ এক কণ্টেণ্ট বজাৰ হৈ থকাৰ পৰিৱৰ্তে বিশ্বমঞ্চত প্ৰতিদ্বন্দ্বী সংবাদ আৰু মনোৰঞ্জন প্ৰতিষ্ঠানৰ স্ৰষ্টা হৈ উঠিব লাগিব: চিআইআই বিগ পিকচাৰ সন্মিলন ২০২৬ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব
ভাৰতীয় সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডক ১০০ বিলিয়ন ডলাৰৰ উদ্যোগলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনাৰে চি আই আইৰ শ্বেতপত্ৰ প্ৰকাশ
পোষ্ট কৰা হৈছে:
15 OCT 2026 4:16PM by PIB Guwahati
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে আজি সংবাদ আৰু মনোৰঞ্জন উদ্যোগটোক কেৱল প্ৰসাৰতা বা আকাৰৰ মাজতে আৱদ্ধ নাথাকি মূল বৌদ্ধিক সম্পত্তি, বহনক্ষম ব্যৱসায়িক আৰ্হি আৰু বিশ্ব বজাৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ আহ্বান জনায়। ভাৰতক সৃষ্টিশীল কণ্টেণ্ট, প্ৰযুক্তি, প্ৰতিভা আৰু বিশ্বৰ ভিতৰতে প্ৰতিযোগিতাক্ষম মনোৰঞ্জন প্ৰতিষ্ঠানৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাই হৈছে ইয়াৰ মূল উদ্দেশ্য।

“সংবাদ আৰু মনোৰঞ্জন খণ্ডৰ নতুন অৰ্থনীতি: ভাৰতৰ ভৱিষ্যতৰ গোলকীয় সংবাদ প্ৰতিষ্ঠান গঢ়াৰ দিশে” শীৰ্ষক মূল বিষয়বস্তুৰে অনুষ্ঠিত দুদিনীয়া ‘চিআইআই বিগ পিকচাৰ সন্মিলন ২০২৬’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী চঞ্চল কুমাৰে কয় যে ভাৰতৰ ওচৰত ইয়াৰ সমৃদ্ধিশালী সাধুকোৱা ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃষ্টিশীল প্ৰতিভাক চিৰস্থায়ী অৰ্থনৈতিক তথা সাংস্কৃতিক মূল্যলৈ ৰূপান্তৰিত কৰাৰ এক বিৰল সুযোগ আছে।
তেওঁ এই সন্মিলনৰ মূল বিষয়বস্তুক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক" শীৰ্ষক ৱেভছ ২০২৫ৰ দৃষ্টিভংগীৰ সৈতে সংযুক্ত কৰে, য'ত উদ্ভাৱন আৰু বিশ্বাস দুয়োটাতে গুৰুত্ব দিয়া হৈছে। ভাৰতৰ সৃষ্টিশীল ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি শ্ৰী চঞ্চল কুমাৰে ৱেভছ, ৱেভছ বজাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’ল’জীছ (আইআইচিটি) আৰু ইণ্ডিয়া চিনে হাবৰ দৰে উদ্যোগসমূহৰ কথা সোঁৱৰাই দিয়ে। তদুপৰি, সৃষ্টিশীলতা আৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ বাবে এক শক্তিশালী পাইৰেচীবিৰোধী আইনী ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ “ভাৰতত সৃষ্টি কৰক, ভাৰতৰ অধিকাৰত ৰাখক, ভাৰতৰ পৰা সম্প্ৰসাৰণ কৰক, বিশ্ব দৰবাৰলৈ লৈ যাওক” বুলি নিজৰ মূল লক্ষ্য ব্যক্ত কৰে।

সন্মিলনত ভাৰতীয় উদ্যোগ মহাসংঘ (চিআইআই)ৰ শ্বেতপত্ৰ “সংবাদ আৰু মনোৰঞ্জন খণ্ডৰ নতুন অৰ্থনীতি” প্ৰকাশ কৰা হয়, য’ত ২০৩০ চনৰ প্ৰথম ভাগৰ ভিতৰতে ভাৰতৰ সংবাদ আৰু মনোৰঞ্জন খণ্ডক ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ উদ্যোগত পৰিণত কৰাৰ এক ৰূপৰেখা দাঙি ধৰা হৈছে। এই শ্বেতপত্ৰখনে খণ্ডটোৰ দ্ৰুত বিকাশৰ বাবে ক্ষিপ্ৰ সংস্কাৰ, শক্তিশালী আঞ্চলিক বজাৰ আৰু পৰিমাপযোগ্য কাৰ্যকৰী প্ৰক্ৰিয়াৰ পোষকতা কৰে।
সন্মিলনৰ সভাপতি তথা ছ’নী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ বেনাৰ্জীয়ে ব্যৱসায়িক আৰ্হিসমূহৰ মূল দিশটো পুনৰ বিবেচনাৰ আহ্বান জনায়। তেওঁ কয়, “এক বৃহৎ দৰ্শকগোষ্ঠী লাভ কৰাটো কেৱল এক আৰম্ভণিহে, ই কোনো ব্যৱসায়িক আৰ্হি হ’ব নোৱাৰে।” তেওঁ দৰ্শকৰ মূল্যবোধ, বিজ্ঞাপনদাতাৰ স্পষ্ট ফলাফল আৰু বিনিয়োগকাৰীৰ সুৰক্ষিত ধাৰাবাহিক লাভৰ ওপৰত অধিক গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।

সন্মিলনৰ সহকাৰী সভাপতি তথা ইউটিউব ইণ্ডিয়াৰ দেশীয় পৰিচালন সঞ্চালক শ্ৰীমতী গুণজন ছোনীয়ে সৃষ্টিশীলতা আৰু সংস্কৃতিক “বিকশিত ভাৰত”ৰ লক্ষ্যক সমৰ্থন কৰা ভাৰতৰ অৰ্থনৈতিক শক্তি বুলি অভিহিত কৰে। তেওঁ কয় যে ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাই নতুন প্ৰজন্মৰ স্ৰষ্টাসকলক তেওঁলোকৰ কল্পনা আৰু স্থানীয় পৰিচয়ক বিশ্বমানৰ উদ্যোগলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰে।

সন্মিলনৰ আন এগৰাকী সহ-সভাপতি তথা জেটছিনথেছিছৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰাজন নৱানীয়ে কয় যে গোলকীয় পৰিৱৰ্তনৰ সৈতে খোজ মিলাই চলিবলৈ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সুলভ ব্যৱহাৰ অতি আৱশ্যকীয়। তেওঁ উল্লেখ কৰে যে এআয়ে মানুহৰ কল্পনা আৰু ধাৰণাক বাস্তৱায়িত কৰাৰ ব্যৱধান দ্ৰুতগতিত হ্ৰাস কৰি আনিছে।
তদুপৰি, শ্ৰী চঞ্চল কুমাৰে ‘ৱেভছ গ্ল’বেল ইনভেষ্টটৰ এণ্ড ইনভেষ্টী মীট’ মুকলি কৰে, য’ত ডেৰ শতাধিক বিনিয়োগকাৰী আৰু উদ্যোগী একত্ৰিত হয়। এই পদক্ষেপে ৱেভএক্স আৰু ৱেভছ বজাৰৰ প্ৰায় ২০জন অংশগ্ৰহণকাৰীক পোনপটীয়া সংযোগ স্থাপন কৰি মূলধন যোগানকাৰী আৰু উদীয়মান সৃষ্টিশীল ব্যৱসায়সমূহৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে।
****
PIB Mumbai | Sidharth Bodke/ Edgar Coelho/ Priti Malandkar/DB
(ৰিলিজ আই ডি : 2324202)
অতিথি কক্ষ : 9