প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতে এনে এক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল বিচাৰে য’ত সকলো দেশে নিজৰ অগ্ৰাধিকাৰ বাছনি কৰিব পাৰে, স্বাৰ্থ সুৰক্ষিত ৰাখি শান্তিৰে উন্নয়নৰ পথত আগবাঢ়েঃ প্ৰথম আছিয়ান-ভাৰত প্ৰতিৰক্ষা থিঙ্ক টেংক ফ’ৰামত প্ৰতিৰক্ষা মন্ত্ৰী
পোষ্ট কৰা হৈছে:
14 OCT 2026 11:44AM by PIB Guwahati
"ভাৰতে এনে এখন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল বিচাৰে য’ত ডাঙৰ-সৰু সকলো দেশেই নিজৰ পচন্দ মতে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰাখি শান্তিৰে উন্নয়ন সাধন কৰিব পাৰে"। নতুন দিল্লীৰ মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইচিছ (এম পি-আই ডি এছ এ)ত ১৪ অক্টোবৰত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন (আছিয়ান)-ভাৰত প্ৰতিৰক্ষা থিঙ্ক টেংক ফ'ৰামক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই মন্তব্য কৰে। তেওঁ বিশ্বাস গঢ়ি তোলা, পৰস্পৰৰ সাৰ্বভৌমত্বক সন্মান জনোৱা, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰণ কৰা আৰু সীমান্তৰ নতুন আৰু পৰম্পৰাগত প্ৰত্যাহ্বানসমূৰে মোকাবিলা কৰিবলৈ আলোচনাৰ পথ মুকলি ৰখাৰ আহ্বান জনায়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে শান্তি, সুস্থিৰতা, সমৃদ্ধি আৰু এক মুকলি আৰু সামগ্ৰিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় ক্ষেত্ৰ বৰ্তাই ৰখাত ভাৰত আৰু আছিয়ানৰ স্পষ্ট আগ্ৰহ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু সাগৰ (Security and Growth for All in the Region) আৰু মহাসাগৰ (Mutual and Holistic Advancement for Security and Growth Across Regions)ৰ দৃষ্টিভংগীয়ে এক মুকলি আৰু বহুমুখী সহযোগিতাৰ পোষকতা কৰে। দেশখনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কেন্দ্ৰীয় আছিয়ান নেতৃত্বাধীন ব্যৱস্থাৰ জৰিয়তে ইয়াক সংহত কৰে। তেওঁ উল্লেখ কৰে যে সন্ত্ৰাসবাদ, চাইবাৰ অপৰাধ, পাইৰেচি, সৰবৰাহ, অবৈধ মাছ ধৰা, জলবায়ু সম্পৰ্কীয় দুৰ্যোগ আৰু গুৰুত্বপূৰ্ণ যোগান শৃংখলৰ বিপদৰ আশংকাৰ উপৰি সাগৰীয় কাৰ্যকলাপৰ জৰিয়তে সৃষ্টি হোৱা বৰ্ধিত কৌশলগত প্ৰতিযোগিতা চাপ আৰু অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ ফলত অঞ্চলটোত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কোনো দেশেই অকলে এই প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিব নোৱাৰে বুলি তেওঁ কয়।
শ্ৰী ৰাজনাথ সিঙে ভিন্ন মতসমূহ বিবাদলৈ পৰিণত হোৱাৰ পূৰ্বে সোনকালে আৰু শান্তিপূৰ্ণভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এনে এক আঞ্চলিক ব্যৱস্থাৰ বাবে জোৰ দিয়ে য'ত দেশসমূহে পক্ষ বাছনি কৰিবলৈ বাধ্য নোহোৱাকৈ একেলগে কাম কৰে। "ভাৰতে বিশ্বাস কৰে যে যেতিয়া দেশসমূহে একেলগে সামৰ্থ্য গঢ়ি তোলে, আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান কৰে আৰু আলোচনাৰ জৰিয়তে বিশ্বাস বজাই ৰাখে তেতিয়া নিৰাপত্তা শক্তিশালী হয়", তেওঁ কয়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ বহু শতিকা পুৰণি ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি ইতিহাস, সংস্কৃতি, বাণিজ্য আৰু ধাৰণাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এক্ট ইষ্ট নীতি হৈছে অঞ্চলটোৰ সৈতে সমান অংশীদাৰ হিচাপে কাম কৰাৰ এক দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি। "ভাৰতৰ দৃষ্টিভংগী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ আছিয়ানৰ দৃষ্টিভংগী পৰস্পৰৰ পৰিপূৰক হ'ব পাৰে। আমি সহযোগিতা শক্তিশালী কৰা উচিত, আঞ্চলিক মঞ্চসমূহৰ মাজত প্ৰতিযোগিতা সৃষ্টি কৰা উচিত নহয়"। শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰত মহাসাগৰ আৰু দক্ষিণ-পূব এছিয়াৰ জলভাগ সুৰক্ষিত কৰি ৰখাটো এক যৌথ দায়িত্ব কিয়নো ই এক সংযুক্ত সামুদ্ৰিক স্থানৰ অংশ, যি বাণিজ্য, শক্তি, জনসাধাৰণ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা, আন্তঃব্যৱহাৰযোগ্যতা আৰু পানীৰ তলৰ সজাগতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাটো এক সুস্থিৰ, নিয়ম-আধাৰিত সামুদ্ৰিক ব্যৱস্থা নিশ্চিত কৰাৰ মূল চাবিকাঠি হ'ব।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ২০২৬ বৰ্ষক আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতা বৰ্ষ হিচাপে অভিহিত কৰা হৈছে, ই হৈছে অংশীদাৰী স্বাৰ্থক ব্যৱহাৰিক কাৰ্য্যলৈ ৰূপান্তৰিত কৰাৰ এক সুযোগ। "আমি সামুদ্ৰিক তথ্যৰ আদান-প্ৰদান উন্নত কৰাৰ লগতে নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ মাজত সহযোগিতা শক্তিশালী কৰিব লাগিব আৰু জৰুৰীকালীন অৱস্থাত একেলগে সঁহাৰি জনোৱাৰ ক্ষমতা গঢ়ি তুলিব লাগিব। আমি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি জলদস্যু, সৰবৰাহ, অবৈধ মাছ ধৰা আৰু অন্যান্য ভাবুকিৰ বিৰুদ্ধেও কাম কৰা উচিত", তেওঁ কয়।

প্ৰতিৰক্ষা প্ৰযুক্তিক আন এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি অভিহিত কৰি শ্ৰী ৰাজনাথ সিঙে আঙুলিয়াই দিয়ে যে কৃত্ৰিম বুদ্ধিমত্তা, ড্ৰোন, চাইবাৰ ক্ষমতা আৰু মহাকাশ ভিত্তিক প্ৰণালী ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে, শেহতীয়া সংঘাতে প্ৰদৰ্শন কৰিছে যে তুলনামূলকভাৱে কম খৰচী ড্ৰোনে ব্যয়বহুল প্ৰতিৰক্ষা প্ৰণালীক প্ৰত্যাহ্বান জনাব পাৰে। তেওঁ ব্যৱহাৰিক, সুলভ আৰু খাপ খোৱা সমাধানৰ সৈতে সঁহাৰি জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয়, "ভাৰতে বিশ্বাস কৰে যে উদ্ভাৱন মাত্ৰ কেইটামান ডাঙৰ সংস্থাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ষ্টাৰ্ট-আপ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু সৰু কোম্পানী সকলোৱে অৰিহণা যোগাব পাৰে। প্ৰতিৰক্ষা উৎকৃষ্টতাৰ বাবে উদ্ভাৱন (আই ডি ই এক্স) আৰু প্ৰযুক্তি উন্নয়ন পুঁজি (টি ডি এফ)ৰ দৰে ভাৰতৰ উদ্যোগসমূহে আমাৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে উদ্ভাৱকসকলৰ সৈতে সহযোগিতাৰ এক পথ সৃষ্টি কৰিছে"। তেওঁ উদ্ভাৱকসকলক স্পষ্টভাৱে সংজ্ঞায়িত সমস্যা যেনে কাউণ্টাৰ-ড্ৰোন প্ৰণালী, চাইবাৰ প্ৰতিৰক্ষা, সামুদ্ৰিক নিৰীক্ষণ আৰু দুৰ্যোগ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ উপায় অন্বেষণ কৰিবলৈ আহ্বান জনায়।
শ্ৰী ৰাজনাথ সিঙে যুটীয়া গৱেষণা প্ৰকল্প, যৌথ পৰীক্ষাৰ সুযোগ, যুৱ গৱেষকসকলৰ মাজত আদান-প্ৰদান আৰু সাৱধানে ডিজাইন কৰা উদ্ভাৱন প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এনে সহযোগিতাই সংবেদনশীল তথ্য সুৰক্ষিত কৰিব লাগিব, বৌদ্ধিক সম্পত্তিক সন্মান কৰিব লাগিব আৰু প্ৰযুক্তি দায়বদ্ধভাৱে আদান-প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। "আমাৰ দেশসমূহৰ মাজত বিশ্বাস শক্তিশালী কৰাৰ লগতে উপযোগী সামৰ্থ্য বিকাশ কৰাটো ইয়াৰ লক্ষ্য হ'ব লাগে", তেওঁ কয়।
প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে প্ৰতিখন দেশৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰ অনুসৰি টহল জাহাজ, ৰাডাৰ, আকাশী-প্ৰতিৰক্ষা ব্যৱস্থা, হেলিকপ্টাৰ, ড্ৰোন আৰু অন্যান্য প্ৰযুক্তিৰ ক্ষেত্ৰত আছিয়ান অংশীদাৰসকলৰ সৈতে সহযোগিতা অন্বেষণ কৰিবলৈ ভাৰত সাজু। তেওঁ কয় যে 'আত্মনিৰ্ভৰ ভাৰত' প্ৰচেষ্টাই শক্তিশালী ঘৰুৱা সামৰ্থ্য গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিন্তু আত্মনিৰ্ভৰশীলতাৰ অৰ্থ বিচ্ছিন্নভাৱে কাম কৰা নহয়। ই বিশ্বস্ত অংশীদাৰসকলৰ বাবে একেলগে সঁজুলিৰ নক্সা প্ৰস্তুত, নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু উন্নত কৰাৰ সুযোগ সৃষ্টি কৰিব পাৰে, তেওঁ কয়।
সহ-উন্নয়ন, সহ-উৎপাদন, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পৰিৱৰ্তন, প্ৰশিক্ষণ আৰু দীৰ্ঘম্যাদী কাৰিকৰী সমৰ্থনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে এই ব্যৱস্থাসমূহে স্থানীয় দক্ষতা গঢ়ি তুলিব পাৰে, উদ্যোগক সহায় কৰিব পাৰে আৰু যোগান শৃংখলক অধিক নিৰ্ভৰযোগ্য কৰি তুলিব পাৰে। "আমাৰ গৱেষকসকলে এনে অংশীদাৰিত্ববোৰে কি কাম কৰে তাক ভালদৰে চাব লাগিবঃ স্পষ্ট প্ৰয়োজনীয়তা, বিক্ৰীৰ পিছত নিৰ্ভৰযোগ্য সমৰ্থন, উপযুক্ত প্ৰযুক্তি সুৰক্ষা, দায়িত্ব আৰু লাভালাভৰ ন্যায্য আদান-প্ৰদান , স্থানীয় কোম্পানী আৰু দক্ষ শ্ৰমিকসকলৰ বাবে সুযোগ। আমাৰ লক্ষ্য স্থায়ী অংশীদাৰীত্ব হোৱা উচিত, এবাৰৰ লেনদেন নহয়", তেওঁ কয়।
প্ৰাকৃতিক দুৰ্যোগৰে মোকাবিলা কৰিবলৈ সহযোগিতা বৃদ্ধিৰ আহ্বান জনাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ঘূৰ্ণীবতাহ, বান, সাগৰৰ স্তৰ বৃদ্ধি আৰু অত্যধিক বতৰৰ পৰিৱৰ্তনে বন্দৰৰ ক্ষতি কৰিব পাৰে, বাণিজ্য ব্যাহত কৰাৰ লগতে জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বাবে মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) প্ৰতিৰক্ষা আলোচনাৰ এক নিয়মীয়া অংশ হোৱা উচিত। "আমি ইজনে সিজনৰ পৰা শিকিব পাৰোঁ, সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ আদান-প্ৰদান কৰিব পাৰোঁ আৰু সংকটৰ সৃষ্টি হোৱাৰ পূৰ্বে সমন্বয় উন্নত কৰিব পাৰোঁ", তেওঁ কয়।
থিঙ্ক টেংকৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰসমূহক ভাল বিশ্লেষণৰ প্ৰয়োজন, কিন্তু লগতে এইবোৰক কাৰ্যকৰী কৰিব পৰা ধাৰণাসমূহৰো প্ৰয়োজন।
তেওঁ মঞ্চখনৰ পৰা কিছুমান ব্যৱহাৰিক ফলাফলৰ পৰামৰ্শ দিয়ে; যাৰ ভিতৰত আছিল সাগৰীয় নিৰাপত্তা, চাইবাৰ ভাবুকি, নতুন প্ৰযুক্তি, দুৰ্যোগৰে মোকাবিলা আৰু প্ৰতিৰক্ষা- উদ্যোগৰ সহযোগিতাৰ বিষয়ত এক যৌথ ভাৰত-আছিয়ান (India-ASEAN) গৱেষণা কাৰ্যসূচী প্ৰস্তুত কৰা; লগতে ফে'ল'শ্বিপ, পৰিদৰ্শন কাৰ্যসূচী আৰু যৌথ প্ৰকাশনৰ জৰিয়তে উদীয়মান / নৱীন গৱেষকসকলকে ধৰি বিভিন্ন গৱেষকসকলৰ মাজত নিয়মীয়া ভাব-বিনিময়ৰ ব্যৱস্থা কৰা, লগতে সামুদ্ৰিক দুৰ্যোগ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত আলোচনাভিত্তিক অনুশীলন, কাউণ্টাৰ-ড্ৰোন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যুটীয়া অধ্যয়ন বা সুৰক্ষিত সামুদ্ৰিক তথ্য আদান-প্ৰদানৰ ক্ষেত্ৰত গৱেষণা প্ৰকল্পৰ দৰে কম সংখ্যক পাইলট প্ৰকল্পৰ চিনাক্তকৰণ, গৱেষক, অনুশীলনকাৰী আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে ট্ৰেক ১.৫ আৰু ট্ৰেক ২ আলোচনাৰ প্ৰচাৰ আৰু পৰামৰ্শৰ এক সংক্ষিপ্ত ৰূপ প্ৰস্তুত কৰা আৰু তেওঁলোকক আগুৱাই নিব পৰা প্ৰতিষ্ঠানসমূহক চিনাক্ত কৰা।
আদৰণী ভাষণত এম পি-আই ডি এছ এৰ সঞ্চালক প্ৰধান অম্ব সুজন আৰ চিনয়ে আছিয়ানৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু সমৰ্থনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এঘাৰখন আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ভাৰতৰ অংশগ্ৰহণকাৰীক আদৰণি জনাই তেওঁ এই মঞ্চক আছিয়ান-ভাৰত প্ৰতিৰক্ষা সম্পৰ্কৰ বিকাশত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক মাইলৰ খুঁটি বুলি বৰ্ণনা কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে এই মঞ্চই ভাৰত আৰু আছিয়ানৰ কৌশলগত আলোচনাক প্ৰতিষ্ঠানিক ৰূপ দিব আৰু গভীৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰিব।
আছিয়ান-ভাৰত ডিফেন্স থিঙ্ক টেংক ফ'ৰামৰ বিষয়ে
১৪-১৫ অক্টোবৰত আয়োজিত এই মঞ্চৰ লক্ষ্য হৈছে কৌশলগত আলোচনা শক্তিশালী কৰা, যৌথ বিশ্লেষণৰ প্ৰচাৰ কৰা আৰু ভাৰত আৰু আছিয়ানৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ বাবে ব্যৱহাৰিক পথ চিনাক্ত কৰা। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অক্টোবৰত কুৱালালামপুৰত অনুষ্ঠিত দ্বাদশ এ ডি এম এম-প্লাচৰ সমান্তৰালভাৱে অনুষ্ঠিত দ্বিতীয় আছিয়ান-ভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকত কৰা ঘোষণাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত, কৌশলগত স্থিৰতা, আঞ্চলিক ভূ-ৰাজনীতি, সামুদ্ৰিক সুৰক্ষা, গ্ৰে-জ'ন প্ৰত্যাহ্বান, এইচ এ ডি আৰ, সামুদ্ৰিক ক্ষেত্ৰ সজাগতা, প্ৰতিৰক্ষা প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, মহাকাশ, মানৱ বিহীন ব্যৱস্থা, প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা আৰু স্থিতিস্থাপক যোগান শৃংখলৰ বিষয়ে মঞ্চই আলোচনা কৰিব। এই আলোচনাসমূহে এক শক্তিশালী আৰু অধিক অগ্ৰগামী আছিয়ান-ভাৰত প্ৰতিৰক্ষা অংশীদাৰিত্বত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

***
VK/SR/Savvy/US
(ৰিলিজ আই ডি : 2323243)
অতিথি কক্ষ : 5