প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতে প্ৰধানমন্ত্ৰীৰ আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ , কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা
পোষ্ট কৰা হৈছে:
13 OCT 2026 10:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতে আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই ভাৰত-কানাডা সম্পৰ্কত ইতিবাচক গতি বৃদ্ধি কৰিবলৈ আৰু বাণিজ্য, শক্তি, প্ৰযুক্তি, নিৰাপত্তা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি তেওঁলোকৰ কৌশলগত অংশীদাৰিত্বৰ মূল ক্ষেত্ৰসমূহত দৃঢ় ফলাফল লাভৰ দিশত কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু কানাডাই অধিক সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ দিশত অৰিহণা যোগাইছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে কৈছে;
‘প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতে আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰিলো।
আমি ভাৰত-কানাডা সম্পৰ্কত ইতিবাচক গতি বৃদ্ধি কৰিবলৈ আৰু বাণিজ্য, শক্তি, প্ৰযুক্তি, নিৰাপত্তা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি আমাৰ কৌশলগত অংশীদাৰিত্বৰ মূল ক্ষেত্ৰসমূহত দৃঢ় ফলাফল লাভৰ দিশত কাম কৰিবলৈ সন্মত হৈছো।
ভাৰত আৰু কানাডাই একেলগে অধিক সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ দিশত অৰিহণা যোগাইছে।@MarkJCarney’
****
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2323072)
অতিথি কক্ষ : 7