গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত প্ৰথম বিমষ্টেক গৃহমন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰি ভাৰত সন্মানিত হৈছে বুলি ক'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

এই ঐতিহাসিক বৈঠকে সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ সৈতে জড়িত অপৰাধ, মানৱ সৰবৰাহ,অবৈধ বিত্তীয় লেনদেন আৰু চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ যৌথ সংকল্পক প্ৰতিপন্ন কৰে

দৃঢ় সমন্বয়ৰ জৰিয়তে বিমষ্টেক অঞ্চলক অধিক নিৰাপদ, শক্তিশালী আৰু সুৰক্ষিত কৰি তোলাৰ প্ৰতিশ্ৰুতি ভাৰতৰ।
সদস্য ৰাষ্ট্ৰসমূহৰ গৃহমন্ত্ৰী আৰু প্ৰতিনিধি দলসমূহক উষ্ম আদৰণি জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 12 OCT 2026 6:29PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী অমিত শ্বাহে আজি কয় যে ২০২৬ চনৰ ১৩ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া  বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আয়োজন কৰিবলৈ পাই ভাৰতে গৌৰৱ অনুভৱ কৰিছে।

সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “২০২৬ চনৰ ১৩ অক্টোবৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ  বৈঠক অনুষ্ঠিত কৰিবলৈ পাই ভাৰত গৌৰৱান্বিত হৈছে। মই সদস্য ৰাষ্ট্ৰসমূহৰ সন্মানীয় গৃহমন্ত্ৰী আৰু প্ৰতিনিধি দলসমূহক উষ্ম আদৰণি জনাইছোঁ।

এই ঐতিহাসিক বৈঠকে সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় পৰিসৰত সক্ৰিয় সংগঠিত অপৰাধী চক্ৰ, নিচাযুক্ত দ্ৰব্যৰ সৈতে জড়িত অপৰাধ,মানৱ সৰবৰাহ, অবৈধ বিত্তীয় লেনদেন আৰু চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাৰ উমৈহতীয়া সংকল্পক প্ৰতিফলিত কৰিছে।

দৃঢ় সমন্বয়ৰ জৰিয়তে আমি বিমষ্টেক অঞ্চলক অধিক নিৰাপদ, শক্তিশালী আৰু সুৰক্ষিত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

****

RK/RR/PS/PR/DM


(ৰিলিজ আই ডি : 2322558) অতিথি কক্ষ : 6