তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ আটাইতকৈ বৃহত্ চলচ্চিত্ৰ সমাৰোহৰ অংশীদাৰ হওক: ৫৭ সংখ্যক আই এফ এফ আই-ৰ বাবে আৰম্ভ কৰা মিডিয়া স্বীকৃতি পৰ্ব ১৫ অক্টোবৰত বন্ধ হ’ব
৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০২৬-ৰ বাবে সংবাদ মাধ্যমৰ স্বীকৃতি (media accreditation) লাভ কৰাৰ শেষ তাৰিখ হৈছে ১৫ অক্টোবৰ ২০২৬। মহোৎসৱটোৰ বাতৰি সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰা সংবাদকর্মীসকলক নিৰ্ধাৰিত সময়সীমাৰ পূর্বে চৰকাৰী প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি)-ৰ স্বীকৃত পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পাণাজিত এই মহোৎসৱ অনুষ্ঠিত হ’ব, যিয়ে ভাৰত তথা সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, চিনেমা পেছাদাৰী আৰু চিনেমা অনুৰাগীসকলক সন্মিলিত কৰিব।
সংবাদকর্মীসকলে চৰকাৰীভাৱে স্বীকৃত পৰ্টেলৰ জৰিয়তে সংবাদ মাধ্যমৰ প্ৰতিনিধি (Media Delegate) হিচাপে পঞ্জীয়ন কৰিব পাৰিব:
পঞ্জীয়ন লিংক: https://accreditation.pib.gov.in/eventregistration/login.aspx
আবেদনকাৰীসকলক স্বীকৃতিৰ নিৰ্দেশাৱলী ভালকৈ পঢ়ি আবেদনৰ লগত প্ৰয়োজনীয় সকলো নথিপত্ৰ দাখিল কৰাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰয়োজনীয় নথিপত্ৰসমূহ:
- ফটো
- চৰকাৰী পৰিচয় পত্ৰ
- পিআইবি বা ৰাজ্য চৰকাৰৰ স্বীকৃতি পত্ৰ, অথবা সম্পাদকৰ পত্ৰৰ সৈতে প্ৰতিষ্ঠানিক পৰিচয় পত্ৰ (organisation ID)
- প্ৰাসংগিক ক্ষেত্ৰখনত কাম কৰাৰ প্ৰমাণ
যোগ্যতাৰ চৰ্ত আৰু সংবাদ মাধ্যমৰ স্বীকৃতি নীতি সম্পৰ্কীয় বিস্তৃত তথ্য সম্পৰ্কে IFFI Website ত পঢ়িব পাৰিব।
আইএফএফআই-ৰ পূৰ্বৰ সংস্কৰণৰ বাবে পৰ্টেলত ইতিমধ্যে পঞ্জীয়ন কৰা সংবাদ মাধ্যমৰ পেছাদাৰীসকলে প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকৰ নথিপত্ৰসমূহ আপলোড বা আপডেট কৰিবলৈ তেওঁলোকৰ পুৰণি ক্ৰেডেন্সিয়েল ব্যৱহাৰ কৰিব পাৰিব।
সংবাদ মাধ্যমৰ স্বীকৃতি সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ বাবে আবেদনকাৰীসকলে iffi.mediadesk@pib.gov.in ৰে যোগাযোগ কৰিব পাৰিব।
যিবিসকল চিনেমা অনুৰাগী সংবাদ মাধ্যমৰ ব্যক্তি নহয়, তেওঁলোকেও প্ৰতিনিধি হিচাপে https://www.iffigoa.org/delegate-registration ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব আৰু ৫৭ সংখ্যক আইএফএফআই ২০২৬-ত উপলব্ধ চলচ্চিত্ৰ তথা অন্যান্য কাৰ্যসূচীসমূহৰ আনন্দ ল’ব পাৰিব।
আই.এফ.এফ.আই. সম্পৰ্কে
১৯৫২ চনত জন্মলাভ কৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া (IFFI) হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি তথা সৰ্ববৃহৎ চলচ্চিত্ৰ মহোত্সৱ। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন (NFDC) আৰু গোৱা চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছ'চাইটী অব গোৱা (ESG) ৰ যুটীয়া সহযোগত অনুষ্ঠিত এই মহোৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, দিগগজ আৰু উদীয়মান প্ৰতিভাধৰসকলক সন্মিলিত কৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ আৰু শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে এই মহোৎসৱে গোৱাৰ বৰ্ণিল পৃষ্ঠভূমিৰ মাজত বৈচিত্ৰ্যময় কাহিনী, ভাষা আৰু চলচ্চিত্ৰৰ পৰম্পৰাক উদযাপন কৰে। ৫৭ সংখ্যক আইএফএফআই ২০২৬ৰ বিষয়ে অধিক তথ্য আৰু শেহতীয়া বিৱৰণৰ বাবে অনুগ্ৰহ কৰি ভিজিট কৰক https://www.iffigoa.org/।

*****
Mahesh Kumar/ Aparajita Priyadarshini/KB
(ৰিলিজ আই ডি : 2322370)
অতিথি কক্ষ : 5