যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
বিকশিত ভাৰত অভিযানৰ বাবে নিচামুক্ত যুৱ কাৰ্যসূচীৰ অধীনত ১৪৬৯ টা স্থানত চুবুৰীয়া যুৱ সংসদ আৰু যুৱ মেলাৰ আয়োজন মাই ভাৰতৰ
পোষ্ট কৰা হৈছে:
12 OCT 2026 12:25PM by PIB Guwahati
বিকশিত ভাৰত অভিযানৰ বাবে নিচামুক্ত যুৱ কাৰ্যসূচীৰ অংশ হিচাপে মাই ভাৰত( MY Bharat)-এ সহযোগী সংগঠনসমূহৰ সহযোগত যোৱা ১০ অক্টোবৰত, ১০০ সপ্তাহৰ অভিযানৰ অধীনত চুবুৰীয়া যুৱ সংসদ (এন. ৱাই. পি.এছ) আৰু যুৱ মেলাৰ আয়োজন কৰে। সমগ্ৰ দেশৰ ৩৪খন ৰাজ্যৰ ১৪৬৯ টা স্থানত অনুষ্ঠিত এই কাৰ্যসূচীত ৩ লাখ ৬৫ হাজাৰৰো অধিক যুৱক-যুৱতী আৰু নাগৰিকে অংশগ্ৰহণ কৰিছিল যিয়ে নিচামুক্ত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিক দায়বদ্ধতাক শক্তিশালী কৰে ৷

এই পদক্ষেপৰ জৰিয়তে তৃণমূল পৰ্যায়ত যুৱক-যুৱতীৰ অংশগ্ৰহণ শক্তিশালী কৰা, মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ অপব্যৱহাৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। ব্লক পৰ্যায়ত আয়োজিত চুবুৰীয়া যুৱ সংসদত মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ আলোচনা, সজাগতাক কাৰ্য্য ৰূপায়নত পৰিণত কৰাৰ কৌশল আৰু পৰিৱৰ্তনৰ অনুপ্ৰেৰণাদায়ক কাহিনীৰে যুৱক-যুৱতীসকলক সুস্থ আৰু নিচামুক্ত সমাজৰ হকে মাত মাতিবলৈ উৎসাহিত কৰিবলৈ প্ৰয়াস কৰা হয় ৷
অনুষ্ঠানত নিচামুক্ত যুৱ প্ৰতিশ্ৰুতি, শ্লোগান লিখা প্ৰতিযোগিতা, স্বাক্ষৰ অভিযান, তৰ্ক, বাটৰ নাট আৰু মত বিনিময়মূলক আলোচনাকে ধৰি যুৱ-নেতৃত্বৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছিল।এই কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছিল। এই যুৱমেলা আধ্যাত্মিক সংস্থা, বিশ্ববিদ্যালয় সংস্থা আৰু হাৰ্টফুলনেছ, প্ৰজেক্ট পইণ্ট, চিআইপিইউ, এছ’চেম, এফআইচিচিআই আৰু ব্ৰহ্ম কুমাৰীকে ধৰি বহু ঔদ্যোগিক সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল।বিভিন্ন অংশীদাৰৰ অংশগ্ৰহণৰ জৰিয়তে এই অভিযানৰ শক্তিশালী প্ৰচাৰ-প্ৰসাৰ কৰা হৈছিল।

এই কাৰ্যসূচীত এজন সাংসদ আৰু পাঁচজন বিধান সভাৰ সদস্যকে ধৰি ছজন জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। লগতে ৰাইজৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ অংশ হিচাপে মুঠ ৪,৫৫২ টা কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, আৰু ৪৫৬৮টা শ্লোগান সংগ্ৰহ কৰা হৈছিল। ই নিচামুক্ত ভাৰত গঢ়াৰ বাৰ্তাক উৎসাহিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণকে প্ৰতিফলিত কৰিছে।

১০০ সপ্তাহৰ অভিযানৰ অধীনত দেশজোৰা জনজাগৰণে মাদক দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সামূহিক পদক্ষেপ, সামূহিক অংশগ্ৰহণ আৰু যুৱ নেতৃত্বৰ ভূমিকাক প্ৰতিফলিত কৰিছে। চুবুৰীয়া যুৱ সংসদ আৰু যুৱ মেলাৰ জৰিয়তে, মাই ভাৰত(MY Bharat)-এ যুৱক-যুৱতীসকলক সামাজিক পৰিৱৰ্তনৰ দায়িত্ব ল’বলৈ উৎসাহিত কৰি আহিছে আৰু বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত অৰিহণা যোগাইছে।
*****
Pawan Singh Faujdar/BC
(ৰিলিজ আই ডি : 2322313)
অতিথি কক্ষ : 15