বিত্ত মন্ত্ৰালয়
ছিংগাপুৰৰ শীৰ্ষ নেতৃত্ব আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়াৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতি নিৰ্মলা সীতাৰমণৰ উচ্চ পৰ্যায়ৰ বৈঠক
‘হেজ ফাণ্ড আৰু পৰ্টফলিঅ’ ফাণ্ড’ৰ বিষয়াবৰ্গৰ সৈতে বিত্তমন্ত্ৰী শ্ৰীমতি সীতাৰমণে বৈঠকত ভাগ ল’ব
পোষ্ট কৰা হৈছে:
09 OCT 2026 7:46AM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতি নিৰ্মলা সীতাৰমণ সম্প্ৰতি ছিংগাপুৰ ভ্ৰমণত আছে। আজি ৯ অক্টোবৰত আৰম্ভ হোৱা এই ভ্ৰমণৰ অহা ১১ অক্টোবৰত সামৰণি পৰিব। এই ভ্ৰমণৰ সময়ছোৱাত বিত্তমন্ত্ৰী শ্ৰীমতি সীতাৰমণে ছিংগাপুৰৰ নেতৃত্ব, শীৰ্ষ ব্যৱসায়িক আৰু বিনিয়োজন ক্ষেত্ৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ তথা বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীৰ সৈতে বৈঠকত মিলিত হ’ব।
এই ভ্ৰমণত শ্ৰীমতি সীতাৰমণে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত থৰমান শ্বানমুগৰত্নম, প্ৰধানমন্ত্ৰী শ্ৰীযুত লৰেন্স ৱং, উপ-প্ৰধানমন্ত্ৰী গন কিম য়ং আৰু বৈদেশিক মন্ত্ৰী ড০ ভিভিয়ান বালকৃষ্ণণক সাক্ষাৎ কৰিব।
এই বৈঠকবোৰত ঘাইকৈ ভাৰত-ছিংগাপুৰ সৰ্বাত্মক কৌশল সহযোগিতাৰ বিভিন্ন দিশ আৰু ইয়াক আগবঢ়োৱাৰ কৌশলৰ লগতে ব্যৱসায় আৰু বিনিয়োগত সহযোগিতা, ডিজিটেল বিত্তীয় সংযোগকৰণ, মূলধনী বজাৰ, কৰ, ছেমিকণ্ডাক্টৰ, উন্নত উৎপাদন, দক্ষতা আৰু বিমান সংযোগৰ বিষয়ে আলোচনা হ’ব।
ছিংগাপুৰ হ’ল ভাৰতৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ঘাই উৎস। এপ্ৰিল ২০০০- মাৰ্চ ২০২৬ সময়ছোৱাত এই পুঁজিৰ মূল্য ১৯৪.৬৮ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰতত ‘জিআইচি’ আৰু ‘টেমাছেক’কে ধৰি ছিংগাপুৰৰ প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীৰ উল্লেখনীয় বিনিয়োগ আছে।
এই বৈঠকৰ অংশ হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ‘হেজ ফাণ্ড আৰু পৰ্টফলিঅ’ ফাণ্ড’ৰ প্ৰৱন্ধকসকলৰ সৈতে মেজ মেলত অংশ লোৱাৰ লগতে ছিংগাপুৰ আৰু আন আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ সৈতে এলানি প্ৰশাসনীয় (জিটুবি) আলোচনাত মিলিত হ’ব। এই বৈঠক তথা সাক্ষাৎকাৰে ভাৰতৰ উন্নয়নৰ গতিপথ, বিনিয়োগৰ সুবিধা তথা বিশ্বৰ অৰ্থনৈতিক আৰু বিত্তীয় পৰিক্ষেত্ৰৰ বিষয়ে জানিবলৈ সুবিধা উলিয়াই দিব।
এই ভ্ৰমণৰ সময়ছোৱাত বিত্তমন্ত্ৰী শ্ৰীমতি সীতাৰমণ বিভিন্ন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ব্যৱসায়ীক নেতৃত্ব তথা বিত্তীয় প্ৰতিষ্ঠানৰ মূৰব্বীৰ সৈতে, বিনিয়োগ প্ৰতিষ্ঠান তথা স্বাস্থ্য কল্যাণ প্ৰতিষ্ঠানৰ বিষয়াৰ সৈতে মুখামুখি বৈঠকত মিলিত হ’ব। ইয়াৰ ভিতৰত আছে ‘ছিংগাপুৰ ইনভেষ্টমেণ্ট কৰ্প’ৰেচন’ (জিআইচি); ‘টেমাছেক হ’ল্ডিং প্ৰাইভেট লিমিটেড’ (টেমাছেক); ‘ডিবিএছ বেংক লিমিটেড’ (ডিবিএছ); ‘আইএইচএইচ হেল্থ কেয়াৰ বৰ্হাড’ (আইএইচএইচ); ‘এচিয়া-পেচিফিক’, ‘মিটছুবিশ্বি ইউএফজে ফাইনেন্সিয়েল গ্ৰুপ, আইএনচি’ (এমইউএফজি); ‘বি কেপিটেল’; এইচপিএছ ইনভেষ্টমেন্ট পাৰ্টনাৰ্ছ’ (এইচপিএছ); ‘স্কাণ্ডিনাভিস্কা এন্সকিল্ডা বেংকেন এবি’ (এছইবি)ৰ অধ্যক্ষ; ‘মিটছুই এণ্ড কৰ্প’ৰেচন লিমিটেড’ৰ সঞ্চালক; ‘টিপিজি’ৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰতিষ্ঠাপক অংশীদাৰৰ সৈতে আলোচনা।
‘নেচনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাস্ট্ৰাকচাৰ ফাণ্ড’ (এনআইআইএফ) আৰু ‘গিফ্ট চিটী’ৰ দৰে প্ৰতিষ্ঠানে বিনিয়োগৰ সূত্ৰ তথা পুঁজিৰ জৰিয়তে ছিংগাপুৰৰ মূলধনৰ অধিক সুবিধা ভাৰতক দিয়াৰ সম্ভাৱনা আছে।
বিত্ত মন্ত্ৰালয়ে সংশ্লিষ্ট দপ্তৰ তথা ঔদ্যোগিক সংস্থাৰ জৰিয়তে ছিংগাপুৰৰ ইচ্ছুক বিনিয়োগকাৰীৰ সৈতে ভাৰতৰ বিভিন্ন কোম্পানী, বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰ সমূহৰ সম্পৰ্ক স্থাপন কৰি দিব। ইয়াৰ লগতে বিত্ত মন্ত্ৰণালয়ে নিৰ্বাচিত বিনিয়োগ সুবিধাৰ অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় কামকাজো আগবঢ়াই দিব।
এই ভ্ৰমণে ছিংগাপুৰৰ সৈতে সৰ্বাত্মক কৌশলী সহযোগিতা পূৰণৰ ভাৰতৰ প্ৰতিশ্ৰুতিক আগবঢ়াই নিয়া তথা দেশখনৰ সৈতে থকা শক্তিশালী ৰাজনৈতিক সম্পৰ্কৰ আধাৰত অধিক বিনিয়োগ, ব্যৱসায়িক সহযোগিতা তথা বাস্তৱিক অৰ্থনৈতিক সুফল আদায়ত গুৰুত্ব দিব।
***
SR/KT/KMN/PK
(ৰিলিজ আই ডি : 2321207)
অতিথি কক্ষ : 4