প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চৰকাৰৰ শীৰ্ষ পদত ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে বটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বোকোৱে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন

পোষ্ট কৰা হৈছে: 07 OCT 2026 9:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বোকোৱে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে ভাৰতে বটছোৱানাৰ সৈতে থকা বন্ধুত্বক যথেষ্ট গুৰুত্ব দিয়ে আৰু দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহী।

শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—

“ৰাষ্ট্ৰপতি ডুমা বোকো, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।ভাৰতে বটছোৱানাৰ সৈতে থকা বন্ধুত্বক যথেষ্ট গুৰুত্ব দিয়ে আৰু আমাৰ ঘনিষ্ঠ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ মই আগ্ৰহী।”

@duma_boko

 

****

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2320631) অতিথি কক্ষ : 5