স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
৫০ কোটি টেলি-পৰামৰ্শ অতিক্ৰম ই-সঞ্জীৱনীৰ, সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ স্থিতি শক্তিশালী
৫৭.১৪% মহিলাৰ ই-সঞ্জীৱনী ব্যৱহাৰ; ৪৬ বছৰ আৰু উৰ্ধৰ ৪০.১৫% নাগৰিকৰ পৰামৰ্শ গ্ৰহণ, টেলিমেডিচিন ই-সঞ্জীৱনীৰ ব্যাপক প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃত্ৰিম বুদ্ধিমত্তাচালিত চিকিৎসা সম্পৰ্কীয় সিদ্ধান্ত সমৰ্থন প্ৰণালী আৰু ইআৰএছএছ-১১২ক একত্ৰিত কৰি ডিজিটেল স্বাস্থ্যসেৱা প্ৰদান
ই-সঞ্জীৱনীৰ প্ৰাথমিক স্বাস্থ্যসেৱাক অতিক্ৰম, প্ৰধান চৰকাৰী প্ৰতিষ্ঠানসমূহৰ জৰিয়তে বিশেষজ্ঞ অ’পিডি পৰামৰ্শ প্ৰদান
পোষ্ট কৰা হৈছে:
06 OCT 2026 9:53AM by PIB Guwahati
এক যুগান্তকাৰী সাফল্যত ভাৰতৰ ৰাষ্ট্ৰীয় টেলিমেডিচিন সেৱা ই-সঞ্জীৱনীয়ে সমগ্ৰ দেশৰ ৫০ কোটি (৫০০ নিযুত) নাগৰিকক টেলি-পৰামৰ্শ প্ৰদান কৰি মানসম্পন্ন স্বাস্থ্যসেৱা অধিক সুলভ আৰু ন্যায়সংগত কৰি তুলিবলৈ ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ এই প্ৰচেষ্টা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
এই মঞ্চই ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ১৫ ছেপ্টেম্বৰত ২০২৬ত ৫০,০০,৯২,৭৩০টা টেলি-পৰামৰ্শ প্ৰদান কৰি অভিলেখ গঢ়িছিল। এই সাফল্যই দেশৰ বৰ্তমানৰ স্বাস্থ্যসেৱা প্ৰদান প্ৰণালীয়ে বিশেষকৈ গ্ৰাম্য, দূৰৱৰ্তী আৰু অৱহেলিত অঞ্চলত বাস কৰা নাগৰিকসকলৰ বাবে দূৰত্ব, ভৌগোলিক আৰু প্ৰৱেশাধিকাৰৰ বাধা অতিক্ৰম কৰি টেলিমেডিচিনৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে।
প্ৰাথমিক স্বাস্থ্যসেৱাত বিশ্বৰ সৰ্ববৃহৎ টেলিমেডিচিন ৰূপায়ণ হিচাপে, ই-সঞ্জীৱনী ভাৰতৰ ডিজিটেল স্বাস্থ্য পৰিৱেশতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে আত্মপ্ৰকাশ কৰিছে। নাগৰিকসকলক দূৰৱৰ্তী অঞ্চলৰ পৰা স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে পৰামৰ্শ কৰিবলৈ সক্ষম কৰি, মঞ্চটোৱে ৰাজহুৱা স্বাস্থ্যসেৱাৰ পৰিসৰ পৰম্পৰাগত স্বাস্থ্য সুবিধাৰ সীমাৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰিছে আৰু চিকিৎসা পৰামৰ্শবোৰ তেওঁলোকে বাস কৰা লোকসকলৰ কাষলৈ লৈ গৈছে।
এই সেৱাৰ আৰম্ভণিৰে পৰা ইয়াৰ দ্ৰুত আৰু ধাৰাবাহিক সম্প্ৰসাৰণ দেখা গৈছে। ই-সঞ্জীৱনীয়ে বৰ্তমান ১.৪২ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ, ১৯,৪৭৩ চিকিৎসা কেন্দ্ৰ আৰু ৯০১টা অনলাইন অ'পিডিৰ লগতে ২,৪১,৯২৩ পঞ্জীয়নভুক্ত স্বাস্থ্যসেৱাক সমৰ্থন আগবঢ়াইছে। ইংৰাজী আৰু ১৪টা ভাৰতীয় ভাষাকে ধৰি ১৫টা ভাষাত উপলব্ধ এই মঞ্চই প্ৰতিদিনে প্ৰায় ৩ লাখ পৰামৰ্শৰ সুবিধা প্ৰদান কৰি আছে। এই সেৱাই এদিনত সৰ্বাধিক ৬,৩০,৩১৫টা পৰামৰ্শ আগবঢ়াইছে। যিয়ে সমগ্ৰ দেশতে টেলিমেডিচিন সেৱাৰ বৰ্ধিত গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰক প্ৰতিফলিত কৰে।
ই-সঞ্জীৱনীৰ ব্যৱহাৰৰ ধৰণে জনসংখ্যা গোটৰ মাজত ইয়াৰ বৰ্ধিত প্ৰাসংগিকতাৰ ওপৰতো আলোকপাত কৰে যাৰ বাবে শাৰীৰিক স্বাস্থ্যসেৱা সুবিধাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক ভ্ৰমণ, সময় বা লজিষ্টিক প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। ৫৭.১৪% মহিলাই ই-সঞ্জীৱনী ব্যৱহাৰ কৰাৰ লগতে ৪৬ বছৰ আৰু ঊৰ্ধৰ ৪০.১৫% নাগৰিক আৰু ৬০ বছৰ ঊৰ্ধৰ ১৬.২৫ % নাগৰিকে এই পৰামৰ্শ গ্ৰহণ কৰিছে। মহিলা আৰু বৃদ্ধ নাগৰিকৰ উল্লেখযোগ্য অংশগ্ৰহণে জনস্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে উপলব্ধ সেৱাসমূহৰ পৰিপূৰক হিচাপে স্বাস্থ্যসেৱাক অধিক সুবিধাজনক আৰু সুলভ কৰি তুলিবলৈ টেলিমেডিচিনৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
টেলিমেডিচিন সেৱাৰ মান শক্তিশালী কৰাৰ লক্ষ্যৰে আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণৰ সৈতে এই মঞ্চৰ বিকাশ অব্যাহত আছে। শেহতীয়া এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে কৃত্ৰিম বুদ্ধিমত্তচালিত চিকিৎসা সম্পৰ্কীয় সিদ্ধান্ত সমৰ্থন প্ৰণালী (এআই-চিডিএছএছ)ৰ একত্ৰীকৰণ, যিয়ে পৰামৰ্শৰ সময়ত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক সমৰ্থন কৰে আৰু চিকিৎসা সিদ্ধান্ত গ্ৰহণৰ মান, স্থিৰতা আৰু দক্ষতা শক্তিশালী কৰাত সহায় কৰে। উদ্ভাৱনটোৱে ই-গভৰ্নেন্স ২০২৬ৰ ৰাষ্ট্ৰীয় বঁটাৰ অধীনত স্বৰ্ণ বঁটা লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে।

সংহত স্বাস্থ্যসেৱা প্ৰদানক শক্তিশালী কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ই-সঞ্জীৱনীক জৰুৰীকালীন সঁহাৰি সমৰ্থন প্ৰণালী (ই. আৰ. এছ. এছ)-১১২ ৰ সৈতেও একত্ৰিত কৰা হৈছে, যাৰ ফলত জৰুৰীকালীন সঁহাৰি সেৱা আৰু দূৰৱৰ্তী চিকিৎসা বিশেষজ্ঞৰ মাজত শক্তিশালী সংযোগ স্থাপন কৰা হৈছে। এই একত্ৰীকৰণৰ লক্ষ্য হৈছে চিকিৎসা সমৰ্থনত অধিক সংহত সুবিধা প্ৰদান কৰা আৰু জৰুৰীকালীন স্বাস্থ্যসেৱাত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ অধিক শক্তিশালী কৰা।
ইয়াৰ বিস্তৃত প্ৰাথমিক স্বাস্থ্যসেৱা নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি ই-সঞ্জীৱনীয়ে এতিয়া প্ৰধান চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে বিশেষজ্ঞ অ’পিডি পৰামৰ্শৰ সুবিধাৰ বাবে প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাহিৰেও সম্প্ৰসাৰণ কৰি আছে। এইমছ যোধপুৰ, এইমছ জম্মু আৰু এইমছ পাটনাত নিৰ্বাচিত বিশেষজ্ঞৰ বাবে ৰোগী আৰু চিকিৎসকৰ টেলি-পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে, যাৰ ফলত ৰোগীসকলে তেওঁলোকৰ ঘৰৰ পৰাই বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰিব।
এই উদ্যমে ৰোগীসকলে দূৰণীবটীয়া ভ্ৰমণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ লগতে তৃতীয় পৰ্যায়ৰ সেৱা-সুবিধা লাভৰ বাবে অপেক্ষাৰ সময় হ্ৰাস কৰিব আৰু চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শও লাভ কৰাত সহায় হ’ব।এইমছ, জে. আই. পি. এম. ই. আৰ. আৰু পি. জি. আই. এম. ই. আৰ. চণ্ডীগড়কে ধৰি অন্যান্য প্ৰধান চৰকাৰী প্ৰতিষ্ঠানলৈ প্ৰগতিশীল সম্প্ৰসাৰণৰ বাবে এই সুবিধাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত পৰম্পৰাগত ব্যক্তিগত অ’পিডি সেৱাৰ পৰিপূৰক আৰু শক্তিশালী হ’ব।
বিশেষজ্ঞ টেলি-পৰামৰ্শ সেৱাৰ সম্প্ৰসাৰণে ই-সঞ্জীৱনীৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে চিহ্নিত হৈছে। প্ৰাথমিক স্বাস্থ্যসেৱা পৰ্যায়ত পৰামৰ্শৰ সুবিধা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি, এই মঞ্চই বিভিন্ন স্তৰৰ সেৱা-সুবিধাৰ মাজত সংযোগ স্থাপন কৰি ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ ভিতৰত উপলব্ধ বিশেষজ্ঞ দক্ষতাৰ অধিক ফলপ্ৰসু ব্যৱহাৰ কৰাৰ সময়ত ৰোগীসকলক উপযুক্ত চিকিৎসা ব্যৱস্থাৰ সৈতে সংযোগ কৰাত সহায় কৰিছে।
ই-সঞ্জীৱনী হৈছে চেন্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ড্যাক)ৰ দ্বাৰা বিকশিত এক মেড-ইন-ইণ্ডিয়া ডিজিটেল স্বাস্থ্য সমাধান, য'ত চি-ড্যাক মোহালীয়ে আৰম্ভণিৰে পৰা এণ্ড-টু-এণ্ড প্ৰযুক্তিগত বিকাশ আৰু অভিযান্ত্ৰিক সমৰ্থন প্ৰদান কৰি আহিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই মঞ্চটোৰ নিৰন্তৰ বিকাশৰ পথ প্ৰদৰ্শনত এক কেন্দ্ৰীয় ভূমিকা পালন কৰিছে।
মন্ত্ৰালয় আৰু প্ৰযুক্তি অংশীদাৰসকলৰ মাজত ধাৰাবাহিক সহযোগিতাৰ জৰিয়তে অবিৰত উদ্ভাৱনৰ সৈতে ই-সঞ্জীৱনীয়ে ইয়াৰ প্ৰাৰম্ভিক হাব-এণ্ড-স্পোক টেলিমেডিচিন আৰ্হিৰ পৰা ৫০ কোটি জনসাধাৰণক পৰামৰ্শ প্ৰদান কৰা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মঞ্চলৈ বিকশিত হৈছে। মঞ্চটোৰ বিকাশ আৰু পৰিসৰ বৃদ্ধিয়ে বৃহৎ পৰিসৰৰ ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰদানৰ বাবে থলুৱা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰ্হি প্ৰস্তুত আৰু প্ৰয়োগ কৰাৰ ক্ষেত্ৰত
ভাৰতৰ বৰ্ধিত ক্ষমতাক প্ৰতিফলিত কৰে আৰু ই আত্মনিৰ্ভৰ ভাৰতৰ মনোভাৱ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংযুক্ত।
৫০ কোটি টেলি-পৰামৰ্শৰ সাফল্যই ভাৰতৰ ডিজিটেল স্বাস্থ্য যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু দেশৰ জনস্বাস্থ্য ব্যৱস্থাটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে। প্ৰাথমিক আৰু বিশেষজ্ঞৰ সেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু জৰুৰীকালীন সঁহাৰি সেৱাৰ একত্ৰীকৰণ আৰু গুৰুত্বপূৰ্ণ তৃতীয় পৰ্যায়ৰ সেৱা প্ৰতিষ্ঠানলৈ নিৰন্তৰ সম্প্ৰসাৰণৰ জৰিয়তে ই-সঞ্জীৱনী, সুলভ আৰু ন্যায়সংগত স্বাস্থ্যসেৱাৰ এক গুৰুত্বপূৰ্ণ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে।
মঞ্চৰ নিৰন্তৰ বিকাশে ভৌগোলিক বাধা দূৰ কৰিবলৈ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু থলুৱা প্ৰযুক্তিগত সামৰ্থ্য ব্যৱহাৰ কৰা, সেৱাৰ ধাৰাবাহিকতা শক্তিশালী কৰা আৰু সাৰ্বজনীন স্বাস্থ্য পৰিসীমাৰ লক্ষ্যক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে সমগ্ৰ দেশৰ নাগৰিকসকলক মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়াব পৰা যায়।
***
SR/BC
(ৰিলিজ আই ডি : 2319657)
অতিথি কক্ষ : 2