তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ড° এংগাম পামে (আইআইএছ), এডিজি, শ্ৰী নামপিবৌ মেৰিনমাই (আইআইএছ), সঞ্চালক আৰু এমটিএছ শ্ৰী এইচ লিয়ানভেলাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে
মিজোৰামত চৰকাৰী কৰ্তব্য পালন কৰি থকা অৱস্থাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত বিষয়াসকলে প্ৰাণ হেৰুৱায়
পোষ্ট কৰা হৈছে:
02 OCT 2026 6:58PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ড° এংগাম পামে (আইআইএছ), এডিজি, শ্ৰী নামপিবৌ মেৰিনমাই (আইআইএছ), সঞ্চালক আৰু এমটিএছ শ্ৰী এইচ লিয়ানভেলাৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে
মিজোৰামত চৰকাৰী কৰ্তব্য পালন কৰি থকা অৱস্থাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত বিষয়াসকলে প্ৰাণ হেৰুৱায়
১ অক্টোবৰ ২০২৬ত মিজোৰামত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত তথ্য আৰু সম্প্ৰচাৰ পৰিয়ালৰ তিনিগৰাকী সদস্যই প্ৰাণ হেৰুওৱাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গভীৰ শোক প্ৰকাশ কৰিছে। চৰকাৰী কৰ্তব্য পালন কৰি থকা অৱস্থাত বিষয়াসকলক কঢ়িয়াই নিয়া বাহনখন এটা দ’ খাৱৈত বাগৰি পৰে।
নিহতসকল হৈছে ড° এংগাম পামে, আইআইএছ, অতিৰিক্ত সঞ্চালক প্ৰধান, প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, ইম্ফল; শ্ৰী নামপিবৌ মেৰিনমাই, আইআইএছ, সঞ্চালক (বাতৰি), দূৰদৰ্শন কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’, আইজল; আৰু শ্ৰী এইচ লিয়ানভেলা, এমটিএছ, কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, ফিল্ড অফিচ, আইজল।
তিনিগৰাকী সহকৰ্মীৰ শোকাৱহ বিয়োগে মন্ত্ৰালয়টোক গভীৰভাৱে মৰ্মাহত কৰিছে। তেওঁলোকৰ অকাল বিয়োগ নিজ নিজ সংস্থা তথা সমগ্ৰ দেশতে জনসাধাৰণৰ সৈতে যোগাযোগ আৰু তথ্য প্ৰচাৰৰ সৈতে জড়িত বিষয়া আৰু পেছাদাৰীসকলৰ বৃহত্তৰ পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি।
৫৮ বছৰীয়া ড° এংগাম পামে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সামাজিক বিজ্ঞান বিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এমএ সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৪ চনত ভাৰতীয় তথ্য সেৱাত যোগদান কৰিছিল। তিনি দশকৰো অধিক সময়ৰ সেৱাকালত তেওঁ দিল্লী, ইম্ফল, পুনে আৰু শ্বিলঙত বিভিন্ন পদত সেৱা আগবঢ়াই চৰকাৰী যোগাযোগ, সংবাদ মাধ্যমৰ সৈতে সমন্বয় আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।

পিআইবি ইম্ফলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে ড° পামেই উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আৰু চৰকাৰী বিভাগসমূহৰ সৈতে যোগাযোগ আৰু সমন্বয় শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় তথ্য সেৱাৰ গ্ৰুপ ‘এ’ৰ দীৰ্ঘদিনীয়া সেৱা আগবঢ়োৱা বিষয়াসকলৰ অন্যতম ড° পামেই তেওঁৰ দায়িত্বসমূহত বিস্তৃত ক্ষেত্ৰভিত্তিক অভিজ্ঞতা আৰু অঞ্চলটোৰ বৈচিত্ৰময় যোগাযোগ ব্যৱস্থাৰ গভীৰ বুজাবুজি প্ৰয়োগ কৰিছিল। ড° পামে মণিপুৰৰ তামেংলং জিলাৰ জেমে নগা সম্প্ৰদায়ৰ লোক আছিল। তেওঁৰ পত্নী আজুনা পামে আৰু এগৰাকী পুত্ৰ তথা এগৰাকী কন্যা আছে।
শ্ৰী নামপিবৌ মেৰিনমাই ভাৰতীয় তথ্য সেৱাৰ বিষয়া আছিল আৰু তেওঁ দূৰদৰ্শন কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’, আইজলৰ সঞ্চালক (বাতৰি) হিচাপে সেৱা আগবঢ়াই আছিল। তেওঁ ইণ্টাৰ মিডিয়া পাব্লিচিটি ক’অৰ্ডিনেচন কমিটী (আইএমপিচিচি)ৰ অধ্যক্ষও আছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত জনসংযোগ বিষয়া হিচাপে সেৱা আগবঢ়াইছিল, য’ত তেওঁ প্ৰতিৰক্ষা-সম্পৰ্কীয় জনসংযোগ, সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু যোগাযোগৰ সৈতে জড়িত আছিল।

বাতৰি আৰু ৰাজহুৱা সম্প্ৰচাৰৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ জৰিয়তে শ্ৰী নামপিয়ে জনসাধাৰণৰ সৈতে যোগাযোগ আৰু তথ্য প্ৰচাৰৰ ক্ষেত্ৰত মূল্যৱান অৱদান আগবঢ়াইছিল। প্ৰতিৰক্ষা জনসংযোগ আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাই প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ মাজত যোগাযোগ স্থাপন কৰাত সহায় কৰিছিল। তেওঁৰ পেছাদাৰী নিষ্ঠা, সমৰ্পিত সেৱা আৰু সহকৰ্মী তথা সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ সৈতে থকা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কক সন্মানসহকাৰে স্মৰণ কৰা হ’ব। তেওঁৰ পত্নী, পুত্ৰ আৰু কন্যা আছে।
কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, ফিল্ড অফিচ, আইজলৰ এমটিএছ শ্ৰী এইচ লিয়ানভেলাই ১৯৯৮ চনত চৰকাৰী সেৱাত যোগদান কৰিছিল। তেওঁৰ বয়স ৫২ বছৰ আছিল আৰু তেওঁৰ পত্নী, কন্যা আৰু নাতি আছে।

কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, ফিল্ড অফিচ, আইজলৰ চালক শ্ৰী গোজেন্দ্ৰ দেয়ো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁ সচেতন হৈ আছে আৰু চিকিৎসকৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছে।
এই গভীৰ শোকৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তিনিওগৰাকী বিষয়াৰ শোকসন্তপ্ত পৰিয়াল, সহকৰ্মী আৰু বন্ধুবৰ্গৰ সৈতে আছে। চৰকাৰৰ প্ৰতি তেওঁলোকৰ বছৰ বছৰ ধৰি আগবঢ়োৱা সমৰ্পিত সেৱা আৰু জনসাধাৰণৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হ’ব।
*****
Mahesh Kumar/Vivek Vishwash/AA
(ৰিলিজ আই ডি : 2318384)
অতিথি কক্ষ : 15