বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ পৰিবহণ ব্যৱস্থাৰ সংকটৰ মাজতে ভাৰতীয় ৰপ্তানিকাৰীসকললৈ ডাঙৰ সকাহ : চৰকাৰে সম্প্ৰসাৰিত কৰিলে 'ৰিলিফ' আঁচনিৰ সময়সীমা

পোষ্ট কৰা হৈছে: 02 OCT 2026 11:01AM by PIB Guwahati

পশ্চিম এছিয়াত অব্যাহত থকা ভূ-ৰাজনৈতিক অস্থিৰতা আৰু পাৰস্য উপসাগৰীয় অঞ্চলকে ধৰি কাষৰীয়া সাগৰীয় পৰিবহণ ব্যৱস্থাত ইয়াৰ প্ৰভাৱলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ বাণিজ্য বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰপ্তানি প্ৰসাৰ মিছনৰ অধীনস্থ জৰুৰীকালীন কাৰ্যসূচী 'ৰিলিফ'ৰ 'দ্বিতীয় পৰ্যায়'ৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই সংক্ৰান্তত বাণিজ্য বিভাগে ৩০ ছেপ্টেম্বৰত জাননী জাৰি কৰে। 'ৰিলিফ' আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ব্যৱস্থাই নিৰ্দিষ্ট অঞ্চলসমূহলৈ ৰপ্তানি কৰিবলগীয়া সামগ্ৰীৰ বাবে ৰপ্তানিকাৰকসকলক ECGC বীমা সুৰক্ষা লাভ কৰাত উৎসাহিত কৰে, য'ত ৯৫% পৰ্যন্ত ৰিক্স কভাৰেজ প্ৰদান কৰা হয়।

২০২৬ চনৰ ১৬ মাৰ্চ বা তাৰ পিছত লোৱা 'ষ্টেণ্ড এলোন পলিচী' বা 'হোল টাৰ্নঅ'ভাৰ পলিচী'ৰ বাবে এই সুবিধা প্ৰযোজ্য।

ইয়াৰ অধীনত ফুল কণ্টেইনাৰ লোড, লেছ দেন কণ্টেইনাৰ লোড আৰু ৰীফাৰ কণ্টেইনাৰ (ৰেফ্ৰিজেৰেটেড কণ্টেইনাৰ) অন্তৰ্ভুক্ত কৰা হৈছে (কেৱল শক্তি/ইন্ধন পৰিবহণক বাদ দি)।

'ৰিলিফ'ৰ এই উপাদানে সুনিশ্চিত কৰে যে যোগ্য সময়ছোৱাৰ বাবে ৰপ্তানিকাৰকসকলে পৰিশোধ কৰিবলগীয়া বীমাৰ প্ৰীমিয়াম সংকট আৰম্ভ হোৱাৰ পূৰ্বৰ পৰিমাণতকৈ কোনোপধ্যেই বৃদ্ধি কৰা নহ'ব। পশ্চিম এছিয়াৰ সাগৰীয় পৰিবহণ পথত সৃষ্টি হোৱা সংকটৰ বাবে অতিৰিক্ত জাহাজৰ ভাড়া, বৰ্ধিত বীমা প্ৰীমিয়াম আৰু যুদ্ধজনিত ৰপ্তানি বিপদাশংকাৰ সন্মুখীন হোৱা ভাৰতীয় ৰপ্তানিকাৰকসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ লক্ষ্যৰে চলিত বৰ্ষৰ ১৯ মাৰ্চত 'ৰিলিফ' আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল।

কাৰ্যকৰী সময়সীমা সম্প্ৰসাৰণৰ এই সিদ্ধান্তই বৰ্তমানৰ ভূ-ৰাজনৈতিক আৰু পৰিবহণ -যোগানৰ অনিশ্চয়তাৰ মাজতো দেশৰ ৰপ্তানি খণ্ডক শক্তিশালী কৰি ৰখা, বাণিজ্যৰ ধাৰাবাহিকতা বৰ্তাই ৰখা আৰু ভাৰতীয় ৰপ্তানিকাৰীসকলৰ হাত শক্তিশালী কৰাৰ প্ৰতি ভাৰত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

 

***

 

Abhishek Dayal/ Garima Singh/ Abhimanyu Panwar/PB


(ৰিলিজ আই ডি : 2318281) অতিথি কক্ষ : 4