উপ-ৰাষ্ট্ৰপতি সচিবালয়
জাতিৰ পিতা মহাত্মা গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী থিৰু কে. কামৰাজলৈ উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণণৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
02 OCT 2026 12:24PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণণে আজি ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে তেওঁৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। মহাত্মা গান্ধীৰ চিৰস্থায়ী আদৰ্শৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে কয় যে সত্য আৰু অহিংসাৰ প্ৰতি মহাত্মা গান্ধীৰ অটল বিশ্বাস, ন্যায়ৰ প্ৰতি তেওঁৰ দৃঢ় অংগীকাৰ আৰু প্ৰতিগৰাকী ব্যক্তিৰ মৰ্যাদাৰ প্ৰতি গভীৰ বিশ্বাসে আজিও সমগ্ৰ মানৱজাতিক অনুপ্ৰাণিত কৰি আহিছে।
তেওঁ কয় যে মহাত্মা গান্ধীৰ জীৱন আৰু বাণী শান্তি, সহানুভূতি, নিঃস্বাৰ্থতা আৰু সেৱাৰ এক চিৰন্তন আলোকস্তম্ভ হৈ আছে। মহাত্মা গান্ধীয়ে সন্মান কৰা মূল্যবোধসমূহৰ প্ৰতি পুনৰ অংগীকাৰবদ্ধ হৈ এখন ন্যায়সংগত, সম্প্ৰীতিৰে পৰিপূৰ্ণ আৰু সকলোকে সামৰি লোৱা সমাজ গঢ়ি তুলিবলৈ তেওঁ সকলোকে আহ্বান জনায়।
বিজয়ঘাটত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে তেওঁৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
শাস্ত্ৰীজীক নীৰৱ শক্তি আৰু অসাধাৰণ দৃঢ় সংকল্পৰ প্ৰতীক হিচাপে অভিহিত কৰি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে কয় যে তেওঁ সৰলতা, সততা আৰু দেশৰ প্ৰতি অটল দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত শাস্ত্ৰীজীৰ নেতৃত্বই দেশবাসীৰ মাজত আত্মবিশ্বাস আৰু ঐক্যৰ সঞ্চাৰ কৰিছিল বুলি তেওঁ স্মৰণ কৰে। তেওঁৰ ‘জয় জোৱান, জয় কিষাণ’ আহ্বানে দেশৰ সৈনিকসকলৰ ত্যাগ আৰু কৃষকসকলৰ গুৰুত্বপূৰ্ণ অৱদানক চিৰস্থায়ী স্বীকৃতি প্ৰদান কৰিছিল।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনে আমাক সোঁৱৰাই দিয়ে—প্ৰকৃত নেতৃত্বৰ মূল আধাৰ হৈছে সৰলতা, সাহস আৰু দেশসেৱা। আনহাতে,
উপ-ৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী থিৰু কে. কামৰাজৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু জনজীৱন তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদান স্মৰণ কৰে।
কে. কামৰাজক এগৰাকী বিশিষ্ট ৰাষ্ট্ৰনেতা আৰু প্ৰকৃত জননেতা হিচাপে অভিহিত কৰি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে কয় যে তেওঁ দেশসেৱা আৰু সাধাৰণ জনতাৰ কল্যাণৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।
তেওঁ কয় যে কামৰাজে সমগ্ৰ জীৱন গান্ধীবাদী চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈ তামিলনাডুৰ উন্নয়নত দীৰ্ঘস্থায়ী অৱদান আগবঢ়াইছিল। তেওঁ পথ আৰু শিক্ষানুষ্ঠানৰ বিস্তাৰ, মধ্যাহ্ন ভোজন আঁচনিৰ প্ৰৱৰ্তন আদিৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কৰিছিল।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জলসিঞ্চন আৰু উদ্যোগৰ বিকাশৰ ক্ষেত্ৰতো কামৰাজৰ অৱদান স্মৰণ কৰে। বান্ধ নিৰ্মাণ আৰু ঔদ্যোগিক এলেকা স্থাপনৰ জৰিয়তে তেওঁ তামিলনাডুত কৃষি আৰু উদ্যোগৰ বিকাশৰ বাবে শক্তিশালী ভেটি স্থাপন কৰিছিল বুলিও তেওঁ কয়৷
***
PR/ASM/VM/PB
(ৰিলিজ আই ডি : 2318280)
অতিথি কক্ষ : 12