গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এফ চি আৰ এ পঞ্জীয়নৰ বাবে অবৈধ অনুগ্ৰহ বিচৰা দুগৰাকী বিষয়াক গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 29 SEP 2026 12:45PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দিল্লী আৰক্ষীৰ বিশেষ গোটে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ২০২৬ চনৰ ২৮ ছেপ্টেম্বৰত নতুন দিল্লীত দুগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি জ্যেষ্ঠ গাণনিক আৰু গাণনিক হিচাপে কৰ্মৰত দুয়োগৰাকী বিষয়াই এটা সংস্থাৰ কাষ চাপি সংস্থাটোৰ বাকী থকা এফচিআৰএ পঞ্জীয়নৰ সুবিধাৰ বিনিময়ত অবৈধ অনুগ্ৰহ ল’ব বিচাৰিছিল।

ধৃত বিষয়া দুগৰাকীৰ ভিতৰত এগৰাকী বিষয়া বৰ্তমান গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিদেশী বিভাগত নিযুক্ত হোৱাৰ বিপৰীতে বৰ্তমান বেতন আৰু গণনা কাৰ্যালয়ত নিযুক্ত হৈ থকা আনগৰাকী বিষয়াই পূৰ্বে বিদেশী বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাৰম্ভিক সোধা-পোছাৰ পৰা জানিব পৰা গৈছে যে অবৈধ অনুগ্ৰহৰ বিনিময়ত তেওঁলোকে পঞ্জীয়ন আৰু নৱীকৰণৰ সুবিধা প্ৰদান কৰাৰ বাবে কিছুমান সংস্থাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

গৃহ মন্ত্ৰালয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। এই বিষয়ত উপযুক্ত আইনী তথা বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলো এফ চি আৰ এ-সম্পৰ্কীয় সেৱা এফ চি আৰ এ প'ৰ্টেলৰ জৰিয়তে অনলাইনত প্ৰদান কৰা হয়। তদুপৰি কোনো মধ্যস্থতাকাৰী, এজেণ্ট বা ব্যক্তি বিশেষক এফ চি আৰ এ সম্পৰ্কীয় কোনো সেৱা প্ৰদানৰ অনুমতি দিয়া হোৱা নাই।

*****

RK/RR/PR/PS/DD


(ৰিলিজ আই ডি : 2316422) অতিথি কক্ষ : 6