প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক জয় কৰা সৰ্বেশ কুশাৰেক প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন
পোষ্ট কৰা হৈছে:
27 SEP 2026 9:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক জয় কৰা সৰ্বেশ কুশাৰেক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অসাধাৰণ প্ৰচেষ্টাৰে তেওঁ এই প্ৰতিযোগিতাত পদকৰ বাবে ভাৰতৰ পাঁচ দশকৰ অপেক্ষাৰ অৱসান ঘটাইছে।শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যৱসায় আৰু দৃঢ় সংকল্পৰ দ্বাৰা অৰ্জিত এই সাফল্য সঁচাকৈয়ে স্মৰণীয়।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে-
“এছিয়ান গেমছত পুৰুষৰ হাই জাম্পত সৰ্বেশ কুশাৰেৰ ঐতিহাসিক ৰূপৰ পদক! অসাধাৰণ প্ৰচেষ্টাৰে তেওঁ এই প্ৰতিযোগিতাত পদকৰ বাবে ভাৰতৰ পাঁচ দশকৰ অপেক্ষাৰ অৱসান ঘটাইছে। অধ্যৱসায় আৰু দৃঢ় সংকল্পৰ দ্বাৰা অৰ্জিত এয়া সঁচাকৈয়ে এক স্মৰণীয় সাফল্য।”
PM @narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2315701)
অতিথি কক্ষ : 6