আয়ুষ
সমগ্ৰ ভাৰত তথা বিশ্বজুৰি উদযাপিত হ’ল ১১তম আয়ুৰ্বেদ দিৱস; নাগপুৰত অনুষ্ঠিত হ’ল বিশাল ৰাষ্ট্ৰীয় উদযাপন সমাৰোহ
আয়ুৰ্বেদ দিৱসৰ উদযাপনে প্ৰমাণভিত্তিক গৱেষণা, উদ্ভাৱন আৰু সুস্থ জীৱন-ধাৰণক বিশেষভাৱে আলোকপাত কৰে
পৰম্পৰাৰ পৰা প্ৰমাণ আৰু তাৰ পৰা উদ্ভাৱনলৈকে আয়ুৰ্বেদৰ যাত্ৰাই ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষিত কৰিব: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক এক গণআন্দোলনত পৰিণত কৰাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপ ৰাও যাদৱৰ
জ্ঞান, প্ৰমাণ আৰু উদ্ভাৱনে নিৰ্ণয় কৰিব আয়ুৰ্বেদৰ ভৱিষ্যত: আয়ুস সচিব, বৈদ্য ৰাজেশ কোটেছা
১১তম আয়ুৰ্বেদ দিৱসত উন্মোচিত হ’ল সুৰক্ষা সম্পৰ্কীয় নথিপত্ৰ (Safety Dossiers), মানক চিকিৎসা নিৰ্দেশনাৱলী (Standard Treatment Guidelines), আয়ুস সেৱা খণ্ডৰ প্ৰতিবেদন, আয়ুস ভিজন ২০৩০ আৰু CCRAS-AGNI প’ৰ্টেল
ভৱিষ্যতৰ স্বাস্থ্যসেৱা, জনস্বাস্থ্য আৰু অসংক্ৰামক ৰোগৰ বোজা সমাধানৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ ভূমিকাক উজ্জ্বল কৰি তুলিলে বৈজ্ঞানিক অধিৱেশনসমূহে
পোষ্ট কৰা হৈছে:
23 SEP 2026 3:48PM by PIB Guwahati
সমগ্ৰ ভাৰত তথা বিশ্বজুৰি অত্যন্ত উৎসাহ-উদ্দীপনাৰে ১১তম আয়ুৰ্বেদ দিৱস উদযাপিত হয়। মহাৰাষ্ট্ৰৰ নাগপুৰত এই বিশাল ৰাষ্ট্ৰীয় উদযাপন সমাৰোহ অনুষ্ঠিত হয়। এই বৰ্ষৰ মূল বিষয়বস্তু আছিল “এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ (स्वस्थ भविष्य के लिए आयुर्वेद)”। এই কাৰ্যসূচীত আয়ুস সেৱা খণ্ড সম্পৰ্কীয় প্ৰতিবেদন আৰু “আয়ুস ভিজন ২০৩০” কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিবেদন আৰু নথি-পত্ৰ উন্মোচন কৰাৰ লগতে CCRAS-AGNI ৱেব প’ৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানটিত স্বাস্থ্যসেৱা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ ভূমিকা তথা ২০৪৭ চনৰ দিশত ইয়াৰ ৰূপৰেখা সম্পৰ্কে বৈজ্ঞানিক অধিৱেশনো অনুষ্ঠিত হয়।
অনুষ্ঠানত এই উপলক্ষ্যে মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰা হয়। নিজৰ বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰম্পৰাৰ পৰা জ্ঞান, প্ৰমাণ আৰু উদ্ভাৱনলৈকে আয়ুৰ্বেদৰ এই যাত্ৰাই ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য আৰু কল্যাণ সুৰক্ষিত কৰাত বিশেষ অৰিহণা যোগাব। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ পৰিচয় ভাৰতৰ সীমা অতিক্ৰমি বিশ্বজুৰি সম্প্ৰসাৰিত হৈছে, য’ত ‘আয়ুস ভিছা’ সুবিধাই বিদেশী নাগৰিকসকলক ভাৰতত আয়ুস পদ্ধতিৰ অধীনত চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিছে। ‘শক্তিৰ সাধনা’ৰ সংকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত দৃঢ়তাৰে ‘বিকশিত ভাৰত’ৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ গভীৰ আস্থা প্ৰকাশ কৰে যে আয়ুৰ্বেদৰ সৈতে জড়িত প্ৰতিষ্ঠান, বিশেষজ্ঞ আৰু যুৱপ্ৰজন্মই এই চহকী পৰম্পৰাক নতুন উচ্চতালৈ লৈ যাব আৰু এখন সুস্থ, সক্ষম তথা শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাত অৱদান আগবঢ়াব।
এই উদযাপন সমাৰোহখন আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। এই অনুষ্ঠানত আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছা, ‘চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক চায়েন্সেছ’ (CCRAS)-ৰ সঞ্চালক প্ৰধান অধ্যাপক (বৈদ্য) ৰবিনাৰায়ণ আচাৰ্য আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
সমাৰোহখনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে আয়ুৰ্বেদক ভাৰতৰ স্বাস্থ্য পৰিকল্পনাৰ এক মূল অংশ হিচাপে অভিহিত কৰি কয়, "स्वास्थ्य का पहला केंद्र अस्पताल नहीं, हमारा घर है। स्वास्थ्य का पहला आधार दवा नहीं, हमारी जीवनशैली है।" (স্বাস্থ্যৰ প্ৰথম কেন্দ্ৰ চিকিৎসালয় নহয়, আমাৰ নিজৰ ঘৰখনহে। স্বাস্থ্যৰ প্ৰথম ভেটি ঔষধ নহয়, আমাৰ জীৱনশৈলীহে।) "स्वस्थस्य स्वास्थ्य रक्षणम्, आतुरस्य विकार प्रशमनम्" (সুস্থ ব্যক্তিৰ স্বাস্থ্য ৰক্ষা কৰা আৰু ৰোগীৰ ৰোগ নিৰাময় কৰা) নীতিৰ উল্লেখ কৰি তেওঁ কয় যে আয়ুৰ্বেদে চিকিৎসাৰ সমান্তৰালকৈ সুস্বাস্থ্য বজাই ৰখাটোকো অগ্ৰাধিকাৰ দিয়ে—যিটো দৃষ্টিভংগী জীৱনশৈলীজনিত স্বাস্থ্য সমস্যা বৃদ্ধি পোৱাৰ সময়ত ক্ৰমাগতভাৱে অধিক প্ৰাসংগিক হৈ পৰিছে।
শ্ৰী প্ৰতাপৰাও যাদৱে পৰম্পৰাগত চিকিৎসাক আন্তঃৰাষ্ট্ৰীয়কৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে জামনগৰৰ ‘বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় পৰম্পৰাগত চিকিৎসা কেন্দ্ৰ’, আইটিআৰএ (ITRA) জামনগৰক ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান’ হিচাপে স্বীকৃতি প্ৰদান আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ আইচিডি-১১ (ICD-11) শ্ৰেণীবিভাজনত আয়ুৰ্বেদ, সিদ্ধ আৰু য়ুনানীক অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। তেওঁ পৰম্পৰাক জ্ঞান, প্ৰমাণ আৰু উদ্ভাৱনৰ সৈতে সংযোগ কৰাৰ আহ্বান জনায় আৰু লগতে কয় যে সুস্থ জীৱন-ধাৰণ সম্পৰ্কে এক ব্যাপক জনসজাগতা সৃষ্টি কৰিবলৈ আয়ুৰ্বেদ দিৱস কেৱল এক বাৰ্ষিক উদযাপনতে সীমাবদ্ধ নাথাকি আৰু অধিক সম্প্ৰসাৰিত হোৱা উচিত।
আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছাই গুৰুত্ব আৰোপ কৰে যে আয়ুৰ্বেদৰ জ্ঞান-পৰম্পৰাক বৈজ্ঞানিক প্ৰমাণ, উদ্ভাৱন আৰু জনস্বাস্থ্যৰ ফলাফলৰ সৈতে সংযোগ কৰাৰ ওপৰতেই আয়ুৰ্বেদৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তেওঁ আয়ুৰ্বেদ আৰু অন্যান্য স্বাস্থ্যসেৱা পদ্ধতিসমূহৰ মাজত সহযোগিতাক উদগনি যোগোৱাৰ সমান্তৰালকৈ গৱেষণা, মানদণ্ড, সুৰক্ষা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। জামনগৰৰ ‘বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় পৰম্পৰাগত চিকিৎসা কেন্দ্ৰ’, আয়ুস ৰিচাৰ্চ প’ৰ্টেলত ৪৩,০০০ তকৈও অধিক গৱেষণা পত্ৰৰ প্ৰকাশ, ২০০ ৰো অধিক বিআইএছ (BIS) মানদণ্ড আৰু ‘আয়ুস কোৱালিটি মাৰ্ক’সহ মূল উন্নয়নমূলক পদক্ষেপসমূহ আলোকপাত কৰি তেওঁ কয় যে এই সকলো প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে আয়ুস পদ্ধতিক অধিক বৈজ্ঞানিক, প্ৰমাণভিত্তিক আৰু বিশ্বজনীনভাৱে প্ৰাসংগিক কৰি তোলা।
এই কাৰ্যসূচীত গোক্ষুৰ আৰু চন্দ্ৰশূৰৰ সুৰক্ষা সম্পৰ্কীয় নথিপত্ৰ, চৰ্মৰোগৰ মানক চিকিৎসা নিৰ্দেশনাৱলী, আৰু ‘ৰিচাৰ্চ এণ্ড ইনফৰ্মেচন চিষ্টেম ফৰ ডেভেলপমেণ্ট কাণ্ট্ৰিজ’ৰ দ্বাৰা প্ৰস্তুত কৰা তথা আয়ুস সেৱা খণ্ডৰ এক মূল্যায়ন দাঙি ধৰা “আয়ুস সেৱা খণ্ড” সম্পৰ্কীয় সৰ্বপ্ৰথম প্ৰতিবেদনখন উন্মোচন কৰা হয়।
এই অনুষ্ঠানটিত “ফ্ৰম ট্ৰেডিচনেল ৱিজডম টু গ্ল’বেল লিডাৰশ্বিপ: আয়ুস ভিজন ২০৩০” (From Traditional Wisdom to Global Leadership: Ayush Vision 2030), ভাৰতত আয়ুস সম্পৰ্কীয় উদ্ভাৱনৰ স্থিতি প্ৰতিবেদন, আৰু CCRAS–AGNI মূল্যায়ন স্কেল ৱেব প’ৰ্টেলো মুকলি কৰা হয়। এই পদক্ষেপসমূহে গৱেষণা, নথিকৰণ, উদ্ভাৱন, ক্লিনিকেল নিৰ্দেশনা আৰু আয়ুৰ্বেদ জ্ঞানক পদ্ধতিগতভাৱে প্ৰয়োগৰ দিশত কাৰ্যকৰী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
এই কাৰ্যসূচীত আয়ুস মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা চাৰিটা যোগ্য উদ্যোগক ‘আয়ুস কোৱালিটি মাৰ্ক প্ৰমাণপত্ৰ’ প্ৰদান কৰা হয়, যিয়ে আয়ুস খণ্ডৰ ভিতৰত গুণগত মান আৰু প্ৰমিতকৰণৰ ওপৰত দিয়া গুৰুত্বকে প্ৰতিফলিত কৰে।
উদযাপন সমাৰোহখনত স্বাস্থ্যসেৱা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ ক্ৰমবিকাশমান ভূমিকা সন্দৰ্ভত দুখন বৈজ্ঞানিক অধিৱেশন অনুষ্ঠিত হয়। প্ৰথমখন অধিৱেশন, “শাশ্বতমৰ পৰা বিশ্বাসলৈ – এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ আৰু ২০৪৭ চনৰ দিশত অগ্ৰগতি”ত জামনগৰৰ বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় পৰম্পৰাগত চিকিৎসা কেন্দ্ৰৰ ইউনিট হেড ডাঃ জি. গীতাকৃষ্ণন পিল্লাই উপস্থিত থাকে আৰু ইয়াত আয়ুৰ্বেদৰ ভৱিষ্যত গতিপথ, প্ৰমাণ সংগ্ৰহ তথা ২০৪৭ চনৰ দিশত এক বিস্তৃত স্বাস্থ্য পৰিকল্পনাত ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দ্বিতীয়খন অধিৱেশন, “২০২৭ চনৰ ভিতৰত অসংক্ৰামক ৰোগৰ বোজা হ্ৰাস কৰিবলৈ সমন্বিত চিকিৎসা পদ্ধতিৰ প্ৰয়োজনীয়তা”ত নতুন দিল্লীৰ ‘ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছায়েন্সেছ’ (ILBS)-ৰ সঞ্চালক ডাঃ শিৱ কুমাৰ চাৰিন উপস্থিত থাকে আৰু ইয়াত অসংক্ৰামক ৰোগৰ বৰ্ধিত বোজা সমাধানৰ ক্ষেত্ৰত সমন্বিত চিকিৎসা পদ্ধতিৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা হয়।
বৈজ্ঞানিক আলোচনাৰ অন্তত জয়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ উপাচাৰ্য অধ্যাপক সঞ্জীৱ শৰ্মাই এক সাৰাংশ দাঙি ধৰে। পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কছৰ কণ্ট্ৰ’লাৰ জেনেৰেল অধ্যাপক (ডাঃ) উন্নত পি. পণ্ডিতেও ভাৰতত আয়ুস সম্পৰ্কীয় উদ্ভাৱনৰ প্ৰতিবেদন সন্দৰ্ভত বক্তব্য ৰাখে; আনহাতে আয়ুস মন্ত্ৰালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ডাঃ এ. ৰঘুৱে চৰ্মৰোগৰ মানক চিকিৎসা নিৰ্দেশনাৱলীৰ বিষয়ে বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত আয়ুস মন্ত্ৰালয়ৰ জ্যেষ্ঠ পৰিসংখ্যা উপদেষ্টা শ্ৰী সত্যজিৎ পল আৰু ‘ৰিচাৰ্চ এণ্ড ইনফৰ্মেচন চিষ্টেম ফৰ ডেভেলপমেণ্ট কাণ্ট্ৰিজ’ (RIS)-ৰ সঞ্চালক প্ৰধান অধ্যাপক শচীন কুমাৰ শৰ্মাৰ লগতে আয়ুস মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, আয়ুস পৰিষদ আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
অনুষ্ঠানস্থলীত এখন ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়, য’ত আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ বিপনীসমূহে অংশগ্ৰহণকাৰী আৰু দৰ্শনাৰ্থীসকলৰ মাজত যথেষ্ট আকৰ্ষণৰ সৃষ্টি কৰে।
নাগপুৰৰ এই ৰাষ্ট্ৰীয় উদযাপন সমাৰোহে সমগ্ৰ দেশৰ চিকিৎসক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰে, যিয়ে আয়ুৰ্বেদক আগুৱাই নিয়াত প্ৰমাণ, গৱেষণা, উদ্ভাৱন, গুণগত মান আৰু সামগ্ৰিক যত্নৰ প্ৰতি ক্ৰমবৰ্ধমান গুৰুত্বকে প্ৰতিফলিত কৰে।






***
SR/SV/SG/RD
(ৰিলিজ আই ডি : 2314260)
অতিথি কক্ষ : 14