গৃহ মন্ত্ৰালয়
নতুন দিল্লীত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাদকদ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়াৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যত উপনীত হ’বলৈ ড্ৰাগছমুক্ত ভাৰতৰ ৰূপৰেখা অত্যন্ত গুৰুত্বপূৰ্ণ
দেশ আৰু বিশ্বৰ বাবে এক গুৰুতৰ ভাবুকি হৈ পৰা মাদকদ্ৰব্যৰ ওপৰত এক শক্তিশালী আৰু নিৰ্ণায়ক আঘাত হানিবলৈ সময় সমাগত
সমগ্ৰ বিশ্বৰ যুৱসমাজৰ কল্যাণ সাধনৰ উদ্দেশ্যে আমি ২০২৯ চনৰ ৰূপৰেখা প্ৰস্তুত কৰিছোঁ
২০২৯ চনৰ ভিতৰত আমি সকলোৱে ঐক্যবদ্ধভাৱে ভাৰতৰ পৰা ড্ৰাগছৰ ব্যৱসায় সমূলঞ্চে উভালি পেলাবলৈ সক্ষম হ’ম
ভাৰতত এতিয়া এটোপালো/এক গ্ৰামো ড্ৰাগছ সোমাবলৈ দিয়া নহ’ব আৰু ভাৰতৰ পৰা এতিয়া এক গ্ৰামো ড্ৰাগছ বাহিৰলৈ ওলাই যাবলৈ দিয়া নহ’ব—এই লক্ষ্যৰেই আমি আগবাঢ়িব লাগিব
ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনক সহমৰ্মিতাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আমি একেলগে যুঁজিব লাগিব আৰু জয়ী হ’ব লাগিব
ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজত আমি লক্ষ্য, সময়সীমা আৰু দায়বদ্ধতা নিৰ্ধাৰণ কৰি সম্পূৰ্ণ বিজয়ৰ দিশে আগবাঢ়িছোঁ
এতিয়া আমি বৈঠকৰ পৰা অভিযান, প্ৰতিবেদনৰ পৰা ফলাফল, জব্দকৰণৰ পৰা নেটৱৰ্ক ধ্বংস আৰু গোচৰৰ পৰা দোষী সাব্যস্তকৰণলৈ অগ্ৰসৰ হ’ব লাগিব
আমাৰ লক্ষ্য হ’ব লাগে ANTF-ক এক ‘এণ্টি নাৰ্কো মিছন কমাণ্ড’ হিচাপে গঢ়ি তোলা
কেৱল ড্ৰাগছ জব্দকৰণৰ ওপৰত ভিত্তি নকৰি, সমগ্ৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ লক্ষ্যৰে আগবাঢ়ক
ড্ৰাগছৰ বিৰুদ্ধে যুঁজত জিলাক মূল একক হিচাপে গঢ়ি তুলিব লাগিব
যুৱসমাজৰ মাজত সজাগতা সৃষ্টি আৰু শিক্ষানুষ্ঠানসমূহৰ সঞ্চালকসকলক সচেতন কৰাৰ বাবে ‘নিচামুক্ত মিত্ৰ’সকলে দেশৰ ১০ লাখ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিব
উৎস আৰু বিতৰণৰ অনুসন্ধানৰ সমান্তৰালকৈ বিত্তীয় অনুসন্ধান আৰু ডিজিটেল সংযোগ বিচাৰি উলিওৱাটো আমাৰ অগ্ৰাধিকাৰ হোৱা উচিত
এই চক্ৰটোক তিনিটা স্তৰত আঘাত কৰিব লাগিব—প্ৰৱেশ পথ, আন্তঃৰাজ্যিক বিতৰণ ব্যৱস্থা আৰু জিলাসমূহৰ স্থানীয় চেল নেটৱৰ্ক
জিলাসমূহক তিনিটা গোটত বিভক্ত কৰা হ’ব—ড্ৰাগছ উৎপাদন বা প্ৰৱেশৰ জিলা, পৰিবহণ কৰিডৰ জিলা আৰু ব্যৱহাৰকাৰী জিলা
ভাৰতত থকা বিদেশী অভিযুক্তসকলক নিজ নিজ দেশলৈ ওভতাই পঠিওৱা আৰু তেওঁলোকক ক’লা তালিকাভুক্ত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিব লাগিব, যাতে তেওঁলোকে পুনৰ ভাৰতলৈ আহিব নোৱাৰে
বিদেশৰ পৰা দেশলৈ ড্ৰাগছ যোগান ধৰি থকা পলাতকসকলক কৰায়ত্ব কৰি ভাৰতীয় আদালতৰ কাঠগড়াত হাজিৰ কৰাব লাগিব
ANTF-ৰ প্ৰতিটো তথ্যক কাৰ্যকৰ
পোষ্ট কৰা হৈছে:
22 SEP 2026 5:54PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাদকদ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ (ANTF) মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে টেলিভিছন বিজ্ঞাপন মুকলি কৰাৰ লগতে লক্ষ্ণৌ আৰু ডেৰাদুনত নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰোৰ নতুন মাণ্ডলিক কাৰ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ANTF গোটসমূহকো সন্মানিত কৰা হয়। ইয়াৰ উপৰিও, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এনচিবিৰ নতুনকৈ ডিজাইন কৰা ৱেবছাইটটোও উন্মোচন কৰে। এনচিবিৰ দ্বাৰা আয়োজিত এই দুদিনীয়া সন্মিলনত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ANTF মুৰব্বীসকলৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিছে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা পাঁচটা বছৰে আমি ড্ৰাগছমুক্ত ভাৰতৰ কঠিন লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াসত এটাৰ পিছত আনটো পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। তেওঁ কয় যে সমগ্ৰ দেশ আৰু বিশ্বৰ বাবে এক অত্যন্ত গুৰুতৰ ভাবুকি হৈ পৰা মাদকদ্ৰব্যৰ বিৰুদ্ধে এক নিৰ্ণায়ক আঘাত হানিবলৈ আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বিজয় সাব্যস্ত কৰিবলৈ এতিয়া সময় সমাগত। শ্ৰী শ্বাহে লগতে কয় যে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আমি সকলোৱে ঐক্যবদ্ধভাৱে ভাৰতৰ পৰা ড্ৰাগছৰ বেহা সমূলঞ্চে উভালি পেলাবলৈ সক্ষম হ’ম।
শ্ৰী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত আমি কাশ্মীৰৰ সন্ত্ৰাসবাদ, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু নক্সালবাদৰ সমস্যাৰ দৰে কেইবাটাও প্ৰত্যাহ্বানৰ বিৰুদ্ধে সফলতা অৰ্জন কৰিছোঁ। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্যৰ সহযোগত বিগত কেইবাটাও দশক ধৰি দেশৰ সন্মুখত থিয় দিয়া এইবোৰ ডাঙৰ সমস্যাৰ ওৰ পেলাইছে। তেওঁ কয় যে সকলো যুঁজৰ ভিতৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনেই আটাইতকৈ কঠিন, কিন্তু আমি এই যুঁজখন পৰিত্যাগ কৰিব নোৱাৰোঁ। শ্ৰী শ্বাহে উল্লেখ কৰে যে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়ি তুলিবলৈ, ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিবলৈ আৰু ভাৰতৰ বিকাশৰ সৈতে যুৱসমাজক সংযোগ কৰিবলৈ আমাৰ সন্মুখত একমাত্ৰ বিকল্প হৈছে ভাৰতক ড্ৰাগছমুক্ত কৰি তোলা। আমি ঐক্যবদ্ধভাৱে আৰু পূৰ্ণ উৎসাহেৰে এই সমস্যাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু আমি নিশ্চয়কৈ বিজয়ী হ’ব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই যুঁজৰ লগত জড়িত সকলোৰে বাবে ‘ভিজন ডকুমেণ্ট ২০২৬-২০২৯’ (Vision Document 2026-2029) গীতাসদৃশ। ৩৫ টাতকৈও অধিক বিভাগৰ সৈতে বিশদ আলোচনাৰ অন্তত যথেষ্ট পৰিশ্ৰমেৰে এই ভিজন ডকুমেণ্ট প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে আমি সকলো অংশীদাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি এক সম্পূৰ্ণ ৰূপৰেখা প্ৰস্তুত কৰিছোঁ আৰু নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি ইয়াক সকলোকে প্ৰদান কৰা হৈছে। ইয়াত লক্ষ্য আৰু সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে। গৃহমন্ত্ৰীয়ে লগতে জনায় যে কিছু সময়ৰ পাছত ইয়াৰ পৰ্যালোচনাও কৰা হ’ব। শ্ৰী শ্বাহে কয় যে গৃহ মন্ত্ৰালয় বা এনচিপিয়ে অকলে এই সকলোখিনি কৰিব নোৱাৰে। আমি সকলোৱে সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু সম্পূৰ্ণ সমৰ্পণেৰে এই যুঁজখনত অৱতীৰ্ণ হ’ব লাগিব আৰু ইয়াত জয়ীও হ’ব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে ভৱিষ্যত প্ৰজন্মক তেনেই ফোঁপোলা কৰি পেলোৱা মাদকদ্ৰব্যৰ এই ভয়াবহ ব্যাধিৰ ওৰ পেলোৱাটো আমাৰ সকলোৰে উমৈহতীয়া দায়িত্ব আৰু সংকল্প হোৱা উচিত। আমাৰ সংকল্প এনে হ’ব লাগিব যাতে বিশ্বৰ কোনো স্থানৰ পৰাই আমাৰ দেশত এক গ্ৰামো ড্ৰাগছ সোমাব নোৱাৰে আৰু আমাৰ দেশৰ পৰাও বিশ্বৰ কোনো ঠাইলৈ এক গ্ৰামো ড্ৰাগছ ওলাই যাব নোৱাৰে। তেওঁ কয় যে সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ কল্যাণ সাধনৰ সংকল্পৰেই আমি এই ৰূপৰেখা প্ৰস্তুত কৰিছোঁ। শ্ৰী শ্বাহে উল্লেখ কৰে যে ড্ৰাগছমুক্ত ভাৰতৰ বাবে আমি সংবেদনশীলতাৰে, ইয়াৰ গুৰুত্ব অনুধাৱন কৰি আৰু সৰ্বোচ্চ অগ্ৰাধিকাৰ দি কাম কৰিব লাগিব। তেওঁ কয়— ড্ৰাগছত আসক্ত হোৱা মাত্ৰ এজন যুৱকৰ পিতৃ-মাতৃ আৰু ভাই-ভনীক এবাৰ সাক্ষাৎ কৰক। তেওঁলোকক লগ নোপোৱালৈকে এই যুঁজখনৰ প্ৰতি আপোনালোকৰ মনত সেই তীব্ৰতা জাগ্ৰত হ’ব নোৱাৰে। এগৰাকী কান্দি কান্দি ভাগি পৰা মাতৃ, এগৰাকী সৰু ভগ্নী আৰু দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাত শীৰ্ষ ১০ টা স্থানৰ ভিতৰত স্থান লাভ কৰা এজন ল’ৰা ক্ৰমাৎ মৃত্যুৰ দিশে অগ্ৰসৰ হৈছে, আনহাতে তেওঁৰ নিসহায় পিতৃ-মাতৃয়ে চাই থাকিবলগীয়া হৈছে। কাৰো বাবেই ইয়াতকৈ ডাঙৰ দুখ আন একো হ’ব নোৱাৰে আৰু আমাৰ বাবেও ই এক ৰাষ্ট্ৰীয় ক্ষতি। অনাগত দিনবোৰত ভাৰতৰ বিকাশত অৰিহণা যোগাবলগীয়া এগৰাকী প্ৰতিভাৱান সন্তান—যাৰ জীৱন আধাতে শেষ হ’বলৈ ধৰিছে। আমাৰ বাবে তথা সমগ্ৰ দেশৰ বাবে ইয়াতকৈ ডাঙৰ ক্ষতি আন একো হ’ব নোৱাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি অত্যন্ত স্পষ্টতাৰে ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখনত অৱতীৰ্ণ হ’ব লাগিব। তেওঁ কয় যে এই যুঁজৰ কেন্দ্ৰবিন্দুবোৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে, আৰু চোৰাংচোৱা তথ্য, তদন্ত, বিত্তীয় ব্যৱস্থা তথা আদালতত বিচাৰ প্ৰক্ৰিয়াক এটা দিশত লৈ যাবৰ বাবে ৰাজ্যিক পৰ্যায়তো এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে প্ৰথমখন ANTF সন্মিলনত আমি এটা প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তুলিছিলোঁ আৰু তাক শক্তিশালী কৰিছিলোঁ। দ্বিতীয়খন ANTF সন্মিলনত সেই ব্যৱস্থাক কাৰ্যত পৰিণত কৰিবলৈ আমি দক্ষতা, পদক্ষেপ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰিছিলোঁ। আজিৰ এই তৃতীয়খন ANTF সন্মিলনে এই ৰূপৰেখাক এক নিৰ্ণায়ক যুঁজলৈ ৰূপান্তৰিত কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে আমি এতিয়ালৈকে যিখিনি কৰিছোঁ, সেয়া যথেষ্ট নহয়। যেতিয়ালৈকে প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষ, গাঁৱৰ পাটোৱাৰী, আৰক্ষী থানাৰ পিএছআই, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ লগতে আনকি ভাৰত চৰকাৰৰ গৃহ সচিবগৰাকীয়েও একেটা দিশতে কাম নকৰে, তেতিয়ালৈকে আমি সফলতা অৰ্জন কৰিব নোৱাৰিম। তেওঁ কয় যে আজিৰ এই সন্মিলনখন আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ এইবাৰ আমি লক্ষ্য, সময়সীমা আৰু দায়বদ্ধতা নিৰ্ধাৰণ কৰি সম্পূৰ্ণ বিজয়ৰ দিশে অগ্ৰসৰ হ’ম।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া আমি বৈঠকৰ পৰা অভিযানলৈ, প্ৰতিবেদনৰ পৰা ফলাফললৈ, জব্দকৰণৰ পৰা নেটৱৰ্ক ধ্বংসলৈ আৰু গোচৰৰ পৰা দোষী সাব্যস্তকৰণলৈ আগবাঢ়িব লাগিব। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰসমূহ আৰু ভাৰত চৰকাৰৰ সকলো বিভাগে এই কামত আত্মনিয়োগ নকৰালৈকে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ।
শ্ৰী অমিত শ্বাহে কয় যে দেশৰ ১৪০ কোটি নাগৰিকৰ সন্মুখত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ১৫ আগষ্টৰ ভিতৰত এখন ‘বিকশিত ভাৰত’ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, য’ত ভাৰতে বিশ্বজুৰি প্ৰতিটো খণ্ডতে অগ্ৰণী ভূমিকা পালন কৰিব। তেওঁ কয় যে যদি আমি এই লক্ষ্যত উপনীত হ’বলগীয়া হয়, তেন্তে নিচাসক্তিয়ে তেনেই ফোঁপোলা কৰি পেলোৱা যুৱশক্তি আৰু ভৱিষ্যত প্ৰজন্মক লৈ আমি তাক কেতিয়াও সম্ভৱ কৰি তুলিব নোৱাৰোঁ। তেওঁ উল্লেখ কৰে যে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ কনিষ্ঠতম দেশ, যাৰ বাবে গোলকীয় প্ৰেক্ষাপটত এই ভাবুকিটোও আমাৰ বাবেই আটাইতকৈ বৃহৎ। এয়া আমাৰ বাবে অপৰিহাৰ্য, কাৰণ যুৱসমাজৰ স্বাস্থ্য, দক্ষতা, শ্ৰম আৰু চিন্তাশক্তিয়েহে দেশক সেই লক্ষ্যলৈ লৈ যাব পাৰে, আৰু ড্ৰাগছে এই চাৰিওটা সামৰ্থ্যকেই ধ্বংস কৰি পেলায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ছিন্থেটিক ড্ৰাগছ, প্ৰিকাৰ্ছাৰ কেমিকেলৰ অপব্যৱহাৰ/সৰবৰাহ, নতুন যোগাযোগ প্ৰযুক্তি, ডাৰ্ক-নেট, ড্ৰাগছৰ বজাৰ, ক্ৰিপ্ট’, ডেড-ড্ৰপ ডেলিভাৰী ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ নেটৱৰ্কৰ দৰে নৱ্য প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ প্ৰতিখন ৰাজ্যতে গতানুগতিক চিন্তাৰ বাহিৰলৈ গৈ চিন্তা কৰিব পৰা বিষয়াৰ এটা দল গঠন কৰা উচিত, আৰু এনে সফলতা সমগ্ৰ দেশতে ভাগ-বতৰা কৰি কাৰ্যকৰী কৰা উচিত।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ‘ভিজন ডকুমেণ্ট ২০২৬-২০২৯’ চাৰিটা মূল স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত: প্ৰৱৰ্তন, চোৰাংচোৱা তথ্য আৰু অভিযান; প্ৰিকাৰ্ছাৰ আৰু ছিন্থেটিক ড্ৰাগছ নিয়ন্ত্ৰণ; চাহিদা আৰু ক্ষতি হ্ৰাসকৰণ; তথা সক্ষমতা বৃদ্ধি আৰু সমন্বয়। এই চাৰিটা স্তম্ভৰ অধীনত ১০০ টাতকৈও অধিক লক্ষ্য শ্ৰেণীভুক্ত কৰা হৈছে। ভিজন ডকুমেণ্টত উল্লেখ থকা ১ লাখ ‘নিচামুক্ত মিত্ৰ’ পঞ্জীয়নৰ লক্ষ্যৰ অধীনত বিভিন্ন মন্ত্ৰালয়ে এতিয়ালৈকে ৪৬,৭৮০ গৰাকী নিচামুক্ত মিত্ৰৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে। এই অভিযানক তৃণমূল পৰ্যায়লৈ লৈ যাবৰ বাবে নিচামুক্ত মিত্ৰসকলে অনাগত দিনবোৰত যুৱপ্ৰজন্মক সজাগ কৰিবলৈ আৰু শৈক্ষিক চৌহদসমূহৰ সঞ্চালকসকলক সচেতন কৰি তুলিবলৈ সমগ্ৰ দেশৰ ১০ লাখ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে আজি আমি ৰূপৰেখাক ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰি আছোঁ, আৰু এই দুদিনত চলি থকা গভীৰ চিন্তা-চৰ্চা তথা আলোচনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে সহমৰ্মিতা। আমাৰ লক্ষ্য হ’ব লাগে এএনটিএফক ‘এণ্টি-নাৰ্কো মিছন কমাণ্ড’লৈ ৰূপান্তৰিত কৰা, আৰু ৰাজ্যসমূহৰ মুখ্য সচিবসকলে মানৱসম্পদ, প্ৰযুক্তি, বাজেট তথা অন্যান্য সম্পদৰ ক্ষেত্ৰত এক সুকীয়া দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰে সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু ফৰেনছিকৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে উল্লেখ কৰে যে কেৱল জব্দকৰণকেন্দ্ৰিক দৃষ্টিভংগী অক্ষুণ্ণ ৰখাৰ পৰিৱৰ্তে সমগ্ৰ নেটৱৰ্ক ধ্বংস কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িব লাগিব। উৎস আৰু বিতৰণৰ অনুসন্ধানৰ সমান্তৰালকৈ বিত্তীয় অনুসন্ধান আৰু ডিজিটেল সংযোগ বিচাৰি উলিওৱাটো আমাৰ অগ্ৰাধিকাৰ হ’ব লাগিব। আমাৰ প্ৰহাৰে ড্ৰাগছ ব্যৱসায়ীসকলে উপাৰ্জন কৰা ধনৰ ওপৰতো আঘাত কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে এই চক্ৰটোক তিনিটা স্তৰত লক্ষ্য কৰি ল’ব লাগিব: প্ৰৱেশ পথ, আন্তঃৰাজ্যিক বিতৰণ ব্যৱস্থা আৰু জিলাসমূহৰ স্থানীয় বিক্ৰী নেটৱৰ্ক। তদুপৰি, জিলাসমূহক তিনিটা গোটত বিভক্ত কৰা হ’ব: যিবোৰ জিলাত ড্ৰাগছ উৎপাদন হয় বা দেশত প্ৰৱেশ কৰে, যিবোৰে পৰিবহণ কৰিডৰ হিচাপে কাম কৰে, আৰু যিবোৰত ড্ৰাগছ সেৱন কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি পিআইটিএনডিপিএছৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব, কিয়নো দেশত ইয়াৰ তীব্ৰ প্ৰয়োজনীয়তা আছে। চৰকাৰী অধিবক্তাসকলৰ সৈতে সমন্বয় ৰাখি তদন্তৰ পৰা দোষী সাব্যস্তকৰণলৈকে এক সম্পূৰ্ণ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব। ভাৰতত থকা বিদেশী অভিযুক্তসকলক নিজ নিজ দেশলৈ ওভতাই পঠিওৱা আৰু তেওঁলোকক ক’লা তালিকাভুক্ত কৰাৰ বাবে এক নিৰ্দিষ্ট অভিযান আৰম্ভ কৰিব লাগিব, যাতে তেওঁলোকে পুনৰ কেতিয়াও দেশত প্ৰৱেশ কৰিব নোৱাৰে। তদুপৰি, বিদেশৰ পৰা দেশলৈ ড্ৰাগছ যোগান ধৰি থকা পলাতকসকলক কৰায়ত্ত কৰি ভাৰতীয় আদালতৰ কাঠগড়াত হাজিৰ কৰাব লাগিব। সীমান্ত আৰু উৎপাদন কেন্দ্ৰসমূহক লক্ষ্য কৰি লৈ সকলো ত্ৰুটি-বিচ্যুতি বন্ধ কৰিব লাগিব। প্ৰতিটো এএনটিএফে তথ্যক কাৰ্যকৰী চোৰাংচোৱা তথ্যলৈ ৰূপান্তৰ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিজ নিজ ৰাজ্যৰ আৰক্ষী বাহিনীৰ কৰ্মসংস্কৃতিত অন্তৰ্ভুক্ত কৰা উচিত। গৃহমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজত আমি নিশ্চয় সফল হ’ম আৰু বিজয়ীৰূপে আত্মপ্ৰকাশ কৰিম।
এই ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণে ৰাজ্য, বিভাগ আৰু সংস্থাসমূহক 'হোল অব্ গভৰ্ণমেণ্ট এপ্ৰ’চ'ৰ অধীনত অহা তিনিটা বছৰত সমগ্ৰ দেশজুৰি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজিবলৈ এক নতুন সংকল্পৰে আগবাঢ়ি যোৱাত সহায় কৰিব।
সন্মিলনখনত অনুষ্ঠিত আলোচনাই মাদকদ্ৰব্য নিয়ন্ত্ৰণ আইনসমূহৰ ফলপ্ৰসূ বলৱৎকৰণক সুদৃঢ় কৰাত সহায় কৰিব আৰু দেশৰ যুৱসমাজক ড্ৰাগছৰ পৰা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা ৰণনীতিসমূহক অধিক প্ৰভাৱশালী কৰি তুলিব। এই ৰাষ্ট্ৰীয় অনুষ্ঠানে ড্ৰাগছৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ আৰু এক ‘নিচামুক্ত ভাৰত’ৰ সংকল্প পূৰণৰ অৰ্থে এনচিবি তথা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ এএনটিএফ-ৰ মাজত ভৱিষ্যতৰ বাবে উপযোগী এক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ এক কাৰ্যকৰী মঞ্চ প্ৰদান কৰিব।
*****
RK/RR/RKB/PR/PS
(ৰিলিজ আই ডি : 2313983)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam