গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
বিভ্ৰান্তিকৰ টিপিং প্ৰম্প্ট আৰু ডাৰ্ক পেটাৰ্ণৰ বাবে ৰেপিড'ৰ ওপৰত ১০ লাখ টকাৰ জৰিমনা বিহিলে চিচিপিএয়ে
ৰেপিড'ৰ ৰাইড-বুকিং ইণ্টাৰফেচত “কনফাৰ্ম শ্বেমিং” আৰু “ইণ্টাৰফেচ ইণ্টাৰফেৰেন্স” ধৰা পেলাইছে চিচিপিএয়ে
গ্ৰাহকসকলক অধিক ধন পৰিশোধ কৰিবলৈ প্ৰৰোচিত কৰা বিভ্ৰান্তিকৰ প্ৰম্পট আৰু অনুশীলনসমূহ বন্ধ কৰিবলৈ ৰেপিড'ক নিৰ্দেশ দিছে চিচিপিএয়ে
ৰাইড-হেইলিং প্লেটফৰ্মসমূহৰ আগতীয়া টিপছ দিয়া আৰু পৰিৱৰ্তনশীল মূল্য নিৰ্ধাৰণ ব্যৱস্থাৰ সমগ্ৰ খণ্ডজুৰি চলোৱা পৰীক্ষণৰ পাছতেই চিচিপিএয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে
পোষ্ট কৰা হৈছে:
15 SEP 2026 5:24PM by PIB Guwahati
মুখ্য আয়ুক্ত শ্ৰীমতী নিধি খাৰে আৰু আয়ুক্ত শ্ৰী অনুপম মিশ্ৰৰ নেতৃত্বত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (CCPA) ৰাইড-হেইলিং প্লেটফৰ্ম ৰেপিড' (Rapido) পৰিচালনা কৰা ৰোপেন ট্ৰেন্সপৰ্টেশ্যন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ ওপৰত ১০ লাখ টকাৰ জৰিমনা বিহিছে। যাত্ৰীসকলৰ ৰাইড নিশ্চিত হোৱাৰ আগতেই তেওঁলোকক অধিক ধন পৰিশোধ কৰিবলৈ প্ৰৰোচিত কৰা পদ্ধতিটোত থকা বিভ্ৰান্তিকৰ বিজ্ঞাপন, অন্যায় বাণিজ্য অনুশীলন, অন্যায় চুক্তি আৰু ডাৰ্ক পেটাৰ্ণৰ বাবে এই জৰিমনা বিহা হৈছে।
যাত্ৰাৰ পূৰ্বে টিপছ দিয়া আৰু পৰিৱৰ্তনশীল মূল্য নিৰ্ধাৰণ সম্পৰ্কীয় অনুশীলনসমূহ পৰীক্ষা কৰিবলৈ চিচিপিএয়ে ভাৰতত চলি থকা কেব আৰু বাইক-টেক্সি এগ্ৰিগেটৰ প্লেটফৰ্মসমূহৰ সমগ্ৰ খণ্ডজুৰি চলোৱা পৰীক্ষণৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন প্লেটফৰ্মৰ পৰীক্ষণৰ সময়ত চিচিপিএয়ে ধৰা পেলায় যে এজন যাত্ৰীৰ বুকিং প্ৰক্ৰিয়া চলি থকাৰ সময়তেই ৰেপিড' এপে “মূল্য যিমানেই বেছি হ'ব, ৰাইড পোৱাৰ সম্ভাৱনাও সিমানেই বেছি হ'ব” আৰু “কেপ্টেইনসকলে ৬০ টকাত গ্ৰহণ কৰা নাই। +১০, +২০, +৩০ যোগ কৰিবলৈ চেষ্টা কৰক” (“Captains aren't accepting at ₹60. Try adding +10, +20, +30”)-ৰ দৰে প্ৰম্পট প্ৰদৰ্শন কৰিছিল।
চিচিপিএয়ে প্ৰম্পটসমূহক “কনফাৰ্ম শ্বেমিং” বুলি চিহ্নিত কৰিছে
চিচিপিএয়ে ধৰা পেলাইছে যে ৰেপিড'ৰ এলগৰিদমে প্ৰথমে যাত্ৰীগৰাকীক এটা ভাড়া প্ৰদৰ্শন কৰে আৰু যাত্ৰীগৰাকীয়ে সেই ভাড়াত বুক কৰাৰ পিছত, কেপ্টেইনসকলে প্ৰাৰম্ভিক মূল্য গ্ৰহণ কৰা নাই বুলি যুক্তি দৰ্শাই যাত্ৰীগৰাকীক অধিক ধন পৰিশোধ কৰিবলৈ প্ৰৰোচিত কৰে। চিচিপিএয়ে উল্লেখ কৰে যে এই অনুশীলনে এনে এক ভুল ধাৰণাৰ সৃষ্টি কৰে যে যাত্ৰীগৰাকীয়ে সোনকালে ৰাইড পোৱাৰ সম্ভাৱনা অতিৰিক্ত ধন পৰিশোধ কৰাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেয়া ঠিক তেনে এক পৰ্যায়ত কৰা হয় যেতিয়া যাত্ৰীগৰাকীয়ে বুকিং প্ৰায় সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ ওচৰত দৰ-দাম কৰাৰ সুযোগ সীমিত হৈ পৰিছে। এই অনুশীলনক "ডাৰ্ক পেটাৰ্ণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ নিৰ্দেশনাৱলী, ২০২৩"-ৰ অধীনত চিহ্নিত এক ডাৰ্ক পেটাৰ্ণ "কনফাৰ্ম শ্বেমিং"হিচাপে গণ্য কৰা হৈছে, কিয়নো গ্ৰাহকে অধিক ধন পৰিশোধ কৰিবলৈ সন্মত নহ'লে ৰাইডটো হেৰুৱাই পেলোৱাৰ এক জৰুৰী ভাব আৰু ভয়ৰ ই সৃষ্টি কৰে।
ৰঙৰ সংকেতযুক্ত প্ৰাইচিং স্লাইডাৰক দ্বিতীয়টো ডাৰ্ক পেটাৰ্ণ হিচাপে ধৰা পেলোৱা হৈছে
চিচিপিএয়ে ৰেপিড'ৰ "আপোনাৰ মূল্য নিৰ্ধাৰণ কৰক" (Set your price) স্লাইডাৰটোও পৰীক্ষা কৰিছিল আৰু ধৰা পেলাইছিল যে যাত্ৰীগৰাকীৰ মূল্য নিৰ্ধাৰণৰ সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ ইয়াক ৰঙৰ সংকেতযুক্ত কৰা হৈছিল।
- মূল্য বঢ়ালে সেয়া সেউজীয়া ৰঙেৰে “ৰাইড পোৱাৰ অধিক সম্ভাৱনা” বুলি প্ৰদৰ্শন কৰিছিল।
- মূল্য হ্ৰাস কৰিলে ৰঙা বা কমলা ৰঙৰ সতৰ্কবাণী প্ৰদৰ্শন হৈছিল।
- স্লাইডাৰটোত মূল্য হ্ৰাস কৰাতকৈ বঢ়োৱাৰ বাবে অধিক সুবিধা ৰখা হৈছিল।
চিচিপিএয়ে কয় যে ই এক দ্বিতীয়টো ডাৰ্ক পেটাৰ্ণ অৰ্থাৎ “ইণ্টাৰফেচ ইণ্টাৰফেৰেন্স” গঠন কৰিছে, কিয়নো ইণ্টাৰফেচটোৰ ডিজাইনে দৃশ্যমানভাৱে গ্ৰাহকসকলক লগত থকা পাঠ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অধিক ধন পৰিশোধ কৰিবলৈ প্ৰৰোচিত কৰিছিল।
আগতীয়া পৰিশোধক প্ৰকৃত “টিপ” হিচাপে প্ৰদৰ্শন কৰিব নোৱাৰি
চিচিপিএয়ে লক্ষ্য কৰে যে বুকিং কৰাৰ সময়ত যাত্ৰীগৰাকীক প্ৰদৰ্শন কৰা ভাড়াত ইতিমধ্যে দূৰত্ব, সময়, ট্ৰাফিক, টোল আৰু কেপ্টেইনজনক দিবলগীয়া ধন আদি কাৰকসমূহ অন্তৰ্ভুক্ত হৈ থাকে। এই সন্দৰ্ভত, চিচিপিএয়ে যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে একেটা ৰাইডৰ বাবে অতিৰিক্ত ধন পৰিশোধ কৰিবলৈ পিছত পৰামৰ্শ দিয়াটোৰ কোনো যুক্তিযুক্ততা বিচাৰি পোৱা নাই। চিচিপিএয়ে লক্ষ্য কৰে যে এটা টিপ সাধাৰণতে সেৱা আগবঢ়োৱাৰ পিছত কৰা এক স্বেচ্ছামূলক পৰিশোধহে আৰু সেৱা প্ৰদান কৰাৰ চৰ্ত হিচাপে ইয়াক প্ৰদৰ্শন কৰা উচিত নহয়।
চিচিপিএয়ে ২০২৫ চনৰ ম'টৰ বাহন এগ্ৰিগেটৰ নিৰ্দেশনাৱলীৰ কথাও উল্লেখ কৰে, য'ত নিৰ্দেশ দিয়া হৈছে যে যিকোনো টিপ দিয়াৰ সুবিধা কেৱল ৰাইড সম্পূৰ্ণ হোৱাৰ পিছতহে উপলব্ধ কৰাব লাগিব, বুকিং কৰাৰ সময়ত বা ৰাইড চলি থকা অৱস্থাত নহয়। ৰেপিড'ই যুক্তি দিছিল যে টিপ দিয়াটো স্বেচ্ছামূলক, ইয়াৰ মেচিং এলগৰিদমটো যাত্ৰীয়ে অতিৰিক্ত ধন পৰিশোধ কৰিছে নে নাই তাৰ ওপৰতে নিৰ্ভৰ নকৰাকৈ কাম কৰি যায়, আৰু প্ৰম্পটসমূহে কেৱল যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজৰ অফলাইন কথোপকথনৰ দৰে বাস্তৱ সময়ৰ দৰ-দামহে প্ৰতিফলিত কৰিছিল।
চিচিপিএয়ে এই যুক্তি নাকচ কৰি কয় যে প্ৰম্পটসমূহৰ সময় আৰু ডিজাইনে যাত্ৰীগৰাকী প্লেটফৰ্মটোৰ ওপৰত সৰ্বাধিক নিৰ্ভৰশীল হৈ থকা মুহূৰ্ততে তেওঁৰ ওপৰত হে প্ৰয়োগ কৰিছিল। চিচিপিএয়ে লগতে লক্ষ্য কৰে যে অতিৰিক্ত ধন পৰিশোধ কৰিলে যাত্ৰীগৰাকীয়ে ৰাইড পোৱাৰ সম্ভাৱনা আচলতে বৃদ্ধি পায় বুলি প্ৰমাণ কৰিব পৰাকৈ ৰেপিড'ই কোনো তথ্য দাখিল কৰা নাছিল। সেয়েহে এই দাবী ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি সাব্যস্ত কৰা হয়।
ৰাইড-হেইলিং প্লেটফৰ্মসমূহৰ খণ্ডজুৰি তীক্ষ্ণ দৃষ্টি
ৰেপিড'ৰ বিৰুদ্ধে লোৱা এই পদক্ষেপে ৰাইড-হেইলিং আৰু বাইক-টেক্সি প্লেটফৰ্মসমূহৰ আগতীয়া টিপছ দিয়া আৰু ডাৰ্ক পেটাৰ্ণৰ অনুশীলনসমূহৰ ওপৰত চিচিপিএয়ে চলোৱা বহল পৰীক্ষণৰ অংশবিশেষ গঠন কৰে। চিচিপিএয়ে ইয়াৰ পূৰ্বে উবাৰ (Uber), অ'লা (Ola), ৰেপিড' আৰু নাম্মা যাত্ৰী (Namma Yatri)-ৰ দৰে প্লেটফৰ্মসমূহলৈ জাননী জাৰি কৰিছিল, য'ত তেওঁলোকক ডাৰ্ক পেটাৰ্ণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ নিৰ্দেশনাৱলী, ২০২৩ মানি চলিবলৈ আৰু অনুপালন সম্পৰ্কে স্ব-ঘোষণা পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই সন্দৰ্ভত উবাৰ আৰু অ'লাৰ পৰীক্ষণ বৰ্তমান অব্যাহত আছে।
চিচিপিএৰ গ্ৰাহক সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত
২০১৯ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ অধীনত থকা নিজৰ বিধিবদ্ধ দায়িত্ব পালন কৰি, চিচিপিএয়ে গ্ৰাহকসকলক সামগ্ৰিকভাৱে সুৰক্ষিত কৰিবলৈ, অন্যায় বাণিজ্য অনুশীলন প্ৰতিহত কৰিবলৈ আৰু সামগ্ৰী বা সেৱাৰ সন্দৰ্ভত যাতে কোনো ভুৱা বা বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়া নহয় সেয়া নিশ্চিত কৰিবলৈ আগ্ৰাসী পদক্ষেপ গ্ৰহণ অব্যাহত ৰাখিছে। বিভ্ৰান্তিকৰ বিজ্ঞাপন, অন্যায় বাণিজ্য অনুশীলন বা ডাৰ্ক পেটাৰ্ণ সম্পৰ্কে অভিযোগ বা দুৰ্দশা থকা গ্ৰাহকসকলে ১৯১৫ নম্বৰত ৰাষ্ট্ৰীয় গ্ৰাহক সাহায্যলাইনৰ (NCH) জৰিয়তে নিজৰ অভিযোগ পঞ্জীভুক্ত কৰিব পাৰে অথবা com-ccpa[at]gov[dot]in ঠিকনাত চিচিপিএালৈ পত্ৰ লিখিব পাৰে।
চূড়ান্ত নিৰ্দেশটো চিচিপিএৰ ৱেবছাইটত উপলব্ধ আছে।
***
RRTN/RT/SB/ ARC/RD
(ৰিলিজ আই ডি : 2311195)
অতিথি কক্ষ : 19