বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ ক্ষেত্ৰত ইউপিআই পেমেণ্টসমূহ বিনামূলীয়া হৈ থাকিব; এমডিআৰ কেৱল বৃহৎ-মূল্যৰ ব্যৱসায়িক লেনদেনত প্ৰযোজ্য হ'ব

ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ মূল্য যিমানেই নহওক, কোনো মাচুল নাথাকিব

ব্যক্তি-প্ৰতিষ্ঠানৰ ২,০০০ টকাৰ অধিক মূল্যৰ লেনদেনত ০.৪ শতাংশ হাৰত এমডিআৰ আৰোপ কৰা হ’ব; ৭৫,০০০ টকা বা তাতকৈ অধিক মূল্যৰ বৃহৎ লেনদেনৰ ক্ষেত্ৰত প্ৰতিটো লেনদেনত সৰ্বাধিক ৩০০ টকাত এমডিআৰ সীমাবদ্ধ হৈ থাকিব

পোষ্ট কৰা হৈছে: 15 SEP 2026 6:45PM by PIB Guwahati

ভাৰত চৰকাৰে পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ (পি এছ এছ) এক্ট, ২০০৭ সংশোধন কৰি চৰকাৰক নিৰ্দিষ্ট ইলেক্ট্ৰনিক পেমেণ্ট মোডসমূহৰ বিষয়ে অৱগত কৰাৰ ক্ষমতা প্ৰদান কৰিছে য’ত কোনো ধৰণৰ মাচুল প্ৰযোজ্য নহ’ব। এই সংশোধনে ডিজিটেল লেনদেনত ব্যয়সাধ্যতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আইনী ভেটি প্ৰদান কৰিব।

২০২৬ চনৰ ১৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থাৰ অধীনত এখন জাননী জাৰি কৰে। ইয়াত ২,০০০ টকা পৰ্যন্ত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) লেনদেনৰ ক্ষেত্ৰত  শূন্য মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) থাকিব।

ইয়াৰ উপৰি ইউপিআইৰ পৰিচালনা সমিতিৰ দ্বাৰা কাৰ্য্যকৰী পৰিমাপ, মাচুল বিতৰণৰ আৰ্হি, আৰু শ্ৰেণীৰ সীমাৰ ওপৰত আলোচনাৰ অন্তত ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে এনপিচিআইয়েও বিশদ বিজ্ঞপ্তি জাৰি কৰিছে।

 

বিজ্ঞপ্তিখনৰ মুখ্য বিষয়সমূহ তলত উল্লেখ কৰা ধৰণৰঃ

ব্যক্তিৰ পৰা ব্যক্তি (পি২পি) লৈ লেনদেনৰ ক্ষেত্ৰত লেনদেনৰ মূল্য যিমানেই নহওক কিয়, কোনো ধৰণৰ মাচুল আৰোপ কৰা নহ’ব। মুঠ ইউপিআই লেনদেনৰ সংখ্যাৰ হিচাপত ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনে ৩৭ শতাংশ আৰু মুঠ লেনদেনৰ মূল্যৰ হিচাপত ৭০ শতাংশ অংশ অধিকাৰ কৰে।

কেৱল ২,০০০ টকাৰ অধিক মূল্যৰ ব্যক্তিৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ কৰা লেনদেনৰ ক্ষেত্ৰতহে মাচুল প্ৰযোজ্য হ’ব।

কাৰিকৰী কাঠামো

ব্যক্তিৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লেনদেনত এমডিআৰঃ

২,০০০ টকাৰ অধিক মূল্যৰ ব্যক্তিৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ কৰা লেনদেনত ০.৪ শতাংশ হাৰত নামমাত্ৰ এমডিআৰ আৰোপ কৰা হ’ব। এই মাচুল বেংক আৰু পৰিশোধৰ আবেদন সেৱা প্ৰদানকাৰীকে ধৰি পৰিশোধ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন অংশীদাৰৰ মাজত ভাগ-বাটোৱাৰা কৰা হ’ব।

৭৫,০০০ টকা বা তাতকৈ অধিক মূল্যৰ বৃহৎ লেনদেনৰ ক্ষেত্ৰত এমডিআৰ প্ৰতিটো লেনদেনত সৰ্বাধিক ৩০০ টকাত সীমাবদ্ধ থাকিব।

অত্যাৱশ্যকীয় খণ্ডৰ বাবে নিৰ্দিষ্ট মাচুলঃ

ৰে’ল সেৱা, দূৰসংযোগ, বীমা, ইন্ধন, কৃষি উপকৰণ আদি অত্যাৱশ্যকীয় খণ্ডত ২,০০০ টকাৰ অধিক মূল্যৰ প্ৰতিটো লেনদেনৰ বিপৰীতে ৫ টকাৰ নিৰ্দিষ্ট এমডিআৰ পৰিশোধ কৰিব লাগিব।

এই নিৰ্দিষ্ট মাচুলৰ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ৰাজহুৱা সেৱা আৰু কম লাভৰ উদ্যোগসমূহৰ ক্ষেত্ৰত ব্যয়ৰ স্থিৰতা নিশ্চিত কৰিব।

এনে উদ্যোগভিত্তিক শ্ৰেণীসমূহে ইউপিআইৰ ব্যক্তি-ব্যৱসায়িক প্ৰতিষ্ঠান লেনদেনৰ মুঠ সংখ্যাৰ প্ৰায় ১৭ শতাংশ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হোৱা ইউপিআই লেনদেনৰ মুঠ মূল্যৰ প্ৰায় ৪৬ শতাংশ অংশ অধিকাৰ কৰে।

মূলধনী বজাৰৰ লেনদেনঃ

পাৰস্পৰিক পুঁজি, প্ৰতিভূতি, শ্বেয়াৰ দালাল আৰু ব্যৱসায়ীৰ জৰিয়তে কৰা পৰিশোধৰ ক্ষেত্ৰত ০.০২ শতাংশ হাৰত নামমাত্ৰ এমডিআৰ আৰোপ কৰা হ’ব। অৱশ্যে এই মাচুল প্ৰতিটো লেনদেনত সৰ্বাধিক ৩০০ টকাত সীমাবদ্ধ থাকিব।

এই হ্ৰাস কৰা মাচুলৰ হাৰে সাধাৰণ বিনিয়োগকাৰীসকলক আনুষ্ঠানিক বিত্তীয় বজাৰত অধিক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।

ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ব্যক্তি-পৰা-ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱস্থাঃ

ব্যক্তিৰ পৰা ব্যক্তিলৈ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লেনদেনৰ শ্ৰেণীৰ অধীনত ইউপিআইৰ কিউআৰ কোডৰ  জৰিয়তে প্ৰতিমাহে ১ লাখ টকা পৰ্যন্ত ধন গ্ৰহণ কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে সকলো লেনদেনৰ ক্ষেত্ৰতে বাধ্যতামূলকভাৱে শূন্য এমডিআৰৰ সুবিধা লাভ কৰি থাকিব।

এই ব্যৱস্থাই অসংগঠিত খণ্ডৰ পথৰ কাষৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অনানুষ্ঠানিক ব্যৱস্থাক আনুষ্ঠানিকভাৱে ব্যৱসায়ীৰ বাবে ধন গ্ৰহণৰ হিচাপৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত অসংগঠিত খণ্ডত ডিজিটেল লেনদেনৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাব।

গ্ৰাহকৰ সুৰক্ষা

কোনো প্লেটফৰ্ম মাচুল নাথাকিবঃ   ইউপিআই এপ প্ৰদানকাৰীসকলে প্লেটফৰ্ম মাচুল বা লুকাই থকা চাৰ্জ আৰোপ কৰাত স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

গ্ৰাহকৰ ওপৰত মাচুলৰ বোজা জাপি দিব নোৱাৰিবঃ ইউপিআইৰ জৰিয়তে কৰা পৰিশোধৰ ক্ষেত্ৰত ব্যৱসায়ীয়ে এমডিআৰৰ বোজা গ্ৰাহকৰ ওপৰত জাপি নিদিয়াটো নিশ্চিত কৰিবলৈ বেংকসমূহক পৰামৰ্শ দিয়া হৈছে।

সীমাহীন বিনামূলীয়া ব্যৱহাৰঃ ব্যক্তিৰ বাবে বিনামূলীয়া ইউপিআই লেনদেনৰ ক্ষেত্ৰত কোনো মাহেকীয়া সীমা, লেনদেনৰ সংখ্যাৰ সীমা অথবা স্তৰভিত্তিক সীমা নাথাকিব।

নিৰাপত্তাজনিত সীমাঃ বেংক আৰু ৰাষ্ট্ৰীয় পৰিশোধ নিগমে নিৰ্ধাৰণ কৰা দৈনিক লেনদেনৰ সীমা, যি বিভিন্ন শ্ৰেণী অনুসৰি ১ লাখৰ পৰা ৫ লাখ টকালৈ হ’ব পাৰে, কেৱল বিপদ-সংকট নিয়ন্ত্ৰণৰ ব্যৱস্থা। এই সীমাসমূহ বাণিজ্যিক মাচুলৰ স্তৰ হিচাপে নিৰ্ধাৰণ কৰা হোৱা নাই।

ব্যৱসায়ীৰ ওপৰত প্ৰভাৱ

তথ্যৰ  বিশ্লেষণ অনুসৰি,এমডিআৰ প্ৰৱৰ্তনৰ ফলত মাত্ৰ ৪ শতাংশ ব্যৱসায়িক লেনদেনহে প্ৰভাৱান্বিত হ’ব। কাৰণ অধিকাংশ লেনদেন ২,০০০ টকাৰ সীমাৰ তলত থাকে অথবা শূন্য এমডিআৰ ব্যক্তি-পৰা-ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱস্থাৰ অধীনত পৰে।

ইয়াৰ ফলত ক্ষুদ্ৰ আৰু সৰু ব্যৱসায়ীসকল অতিৰিক্ত ব্যয়ৰ বোজাৰ পৰা সুৰক্ষিত হৈ থাকিব।

আন্তঃগাঁথনিৰ বিকাশ

ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ইউপিআইৰ ব্যৱহাৰ উৎসাহিত কৰাৰ বাবে এক বিশেষ পুঁজি গঠন কৰা হ’ব। এই পুঁজিলৈ মুঠ সংগৃহীত এমডিআৰৰ ৫ শতাংশ আগবঢ়োৱা হ’ব।

এই পদক্ষেপৰ জৰিয়তে অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইউপিআইৰ জৰিয়তে ধন গ্ৰহণৰ সুবিধা লাভ কৰিব, ইয়াৰ নিৰন্তৰ ব্যৱহাৰ উৎসাহিত হ’ব আৰু ভাৰতৰ ডিজিটেল পৰিশোধ ব্যৱস্থাত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অন্তৰ্ভুক্তি অধিক দ্ৰুত হ’ব।

উপসংহাৰ

নতুন এমডিআৰৰ কাঠামোই ইউপিআই ব্যৱস্থাক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব।

ইয়াৰ জৰিয়তে গ্ৰামাঞ্চল আৰু অৰ্ধ-নগৰীয়া অঞ্চলত ইউপিআইৰ ব্যৱহাৰ অধিক সম্প্ৰসাৰণ কৰাৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ সৃষ্টি হ’ব।

লগতে, ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ অটুট ৰখাত এই নতুন ব্যৱস্থাই সহায় কৰিব।

একে সময়তে, অধিকাংশ পৰিশোধ যাতে কোনো মাচুল অবিহনে অব্যাহত থাকে, সেইটোও নিশ্চিত কৰা হ’ব।

এই সিদ্ধান্ত বিত্ত বিষয়ক স্থায়ী সমিতিৰ পৰামৰ্শৰ সৈতেও সামঞ্জস্যপূৰ্ণ।

সমিতিখনে ইয়াৰ ৩২সংখ্যক প্ৰতিবেদনত ইউপিআই ব্যৱস্থাৰ বাবে এক কাৰ্যকৰী ৰাজহ আহৰণৰ ব্যৱস্থা গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ত বিশেষভাৱে আলোকপাত কৰিছিল।

‘সমিতিখনে এই কথাত গুৰুত্ব দিব বিচাৰিছে যে ইউপিআই পৰিৱেশ তন্ত্ৰই বিত্তীয় বহনক্ষমতা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এক কাৰ্য্যকৰী ৰাজহ ব্যৱস্থা স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ...’।

 

 ***

SR/AD/DM


(ৰিলিজ আই ডি : 2310719) অতিথি কক্ষ : 5