প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৮সংখ্যক ব্ৰিকছ সন্মিলনত অন্তৰ্ভুক্তিমূলক বিশ্ব শাসন ব্যৱস্থা আৰু ইয়াৰ সবলীকৰণৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা উদ্বোধনী ভাষণ
পোষ্ট কৰা হৈছে:
12 SEP 2026 4:08PM by PIB Guwahati
মহামহিমসকল,
নমস্কাৰ!
ভাৰতলৈ আপোনালোক সকলোকে স্বাগতম আৰু অভিনন্দন জনাবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ।
ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতা জনকেন্দ্ৰিক আৰু মানৱতাক সৰ্বাধিক গুৰুত্ব দিয়া দৃষ্টিভংগীৰ ওপৰত আধাৰিত।সহনশীলতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা আমাৰ অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।এই অগ্ৰাধিকাৰসমূহৰ সৈতে সংগতি ৰাখি আমি ব্ৰিকছৰ সহযোগিতাক সাধাৰণ জনতাৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ।এই চিন্তাধাৰাৰ সৈতে সংগতি ৰাখি ৩৫০খনতকৈও অধিক বৈঠকৰ আয়োজন কৰা হৈছে।প্ৰায় ৩০খন চহৰত আপোনালোকৰ দলসমূহক আদৰণি জনোৱাৰ সুযোগ আমি লাভ কৰিছোঁ।ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাক সফল কৰি তোলাত সক্ৰিয় অৱদান আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
এই বছৰৰ ব্ৰিকছ সন্মিলন এক ঐতিহাসিক মাইলৰ খুঁটি।আমি ব্ৰিকছৰ ২০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰি আছোঁ।মানৱ জীৱনত ২০ বছৰ বয়স হৈছে পৰিপক্বতা আৰু দায়িত্বৰ এক নতুন পৰ্যায়ৰ আৰম্ভণি।এয়া এনে এক অৱস্থা, যেতিয়া সপোনৰ সৈতে দায়িত্বও সংযুক্ত হয় আৰু সামৰ্থ্যই এক নতুন দিশ লাভ কৰে।আজি ব্ৰিকছেও ইয়াৰ পৰিপক্বতা লাভৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তত উপনীত হৈছে। বিগত ২০ বছৰত ব্ৰিকছে বিশ্বমঞ্চত নিজৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিছে।আমি ইজনে-সিজনৰ দৃষ্টিভংগীক সন্মান কৰোঁ আৰু ঐকমত্যৰ ভিত্তিত আগবাঢ়োঁ।আমি কাৰো বিৰুদ্ধে নহয়; বৰং সকলোকে লগত লৈ আগবাঢ়ি যোৱাৰ চিন্তাধাৰাৰে অগ্ৰসৰ হ'বলৈ চেষ্টা কৰোঁ।ব্ৰিকছৰ ভিতৰত আমাৰ ঐক্য আৰু সহমতক বিশ্বমঞ্চত সুস্পষ্ট আৰু বাস্তৱ ফলাফললৈ ৰূপান্তৰিত কৰাৰ এতিয়া সময় আহিছে ।আগন্তুক ২০ বছৰৰ বাবে আমি এক নতুন আৰু উচ্চাকাংক্ষী কাৰ্যসূচীৰ ভিত্তিত কাম কৰিব লাগিব।ইয়াৰ আৰম্ভণি আমি আমাৰ নিজৰ কাৰ্যপদ্ধতিৰ পৰাই কৰিব লাগিব।ব্ৰিকছৰ অধ্যক্ষতা প্ৰতি বছৰে সলনি হয়, কিন্তু ইয়াৰ বাবে আমাৰ প্ৰতিষ্ঠানগত গতি আৰু অগ্ৰগতি থমকি ৰ’ব নালাগিব।মই ব্ৰিকছৰ ধাৰাবাহিকতা আৰু ৰূপায়ণ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছোঁ।ইয়াৰ অধীনত ট্ৰইকাৰ ( Troika) জৰিয়তে সকলো পদক্ষেপ আৰু ফলাফল পৰৱৰ্তী সময়ত অনুসৰণ কৰিব পৰা যাব। আমি এটা সুৰক্ষিত ডিজিটেল তথ্যভাণ্ডাৰ গঢ়ি তুলিব পাৰোঁ।ইয়াত প্ৰতিটো সিদ্ধান্তৰ সৈতে দায়িত্বপ্ৰাপ্ত কেন্দ্ৰ, সময়সীমা আৰু ৰূপায়ণৰ স্থিতি লিপিবদ্ধ কৰিব পৰা যাব।
বন্ধুসকল,
ব্ৰিকছক শক্তিশালী কৰাৰ লগতে আমি বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰৰ দিশো নিৰ্ধাৰণ কৰিব লাগিব।বৰ্তমানৰ বিশ্ব শাসন ব্যৱস্থাৰ গাঁথনিটো এটা পিৰামিডৰ দৰে দেখা যায়।ইয়াৰ ওপৰৰ অংশত ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কেন্দ্ৰীভূত হৈ আছে আৰু তলৰ অংশত আছে সেই দেশসমূহ, যিবোৰ এই সিদ্ধান্তসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হয়, কিন্তু সিদ্ধান্তসমূহৰ ৰূপ নিৰ্ধাৰণ কৰিব নোৱাৰে। গ্ল'ৱেল চাউথ আজি বিশ্বৰ সংকটসমূহৰ সন্মুখৰ শাৰীত আছে, কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিছৰ শাৰীত আছে।আমি এই ‘বিশেষাধিকাৰৰ পিৰামিড’ক ‘অংশীদাৰিত্বৰ মঞ্চ’লৈ ৰূপান্তৰিত কৰিব লাগিব, য’ত প্ৰতিখন দেশৰ কণ্ঠস্বৰ থাকিব, প্ৰতিজন সদস্যৰ অংশীদাৰিত্ব থাকিব আৰু প্ৰতিটো প্ৰচেষ্টাৰ কেন্দ্ৰত থাকিব মানৱতাৰ বিকাশ।এই উদ্দেশ্যে মই প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ যে আমি সকলোৱে মিলি বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰৰ বাবে দহটা প্ৰস্তাৱ প্ৰস্তুত কৰোঁ।এই প্ৰস্তাৱসমূহক পৰৱৰ্তী সন্মিলনলৈকে ব্ৰিকছৰ সংস্কাৰৰ ৰূপৰেখাত পৰিণত কৰাৰ বাবে আমি চেষ্টা কৰিব পাৰোঁ।এই ৰূপৰেখা প্ৰস্তুত কৰাৰ সময়ত আমি তিনিটা মুখ্য দিশ—প্ৰতিনিধিত্ব, সঁহাৰিৰ ক্ষমতা আৰু নিয়ম প্ৰণয়নৰ প্ৰতি গুৰুত্ব দিব লাগিব।প্ৰথমতে, প্ৰতিনিধিত্ব(Representation)ৰ ক্ষেত্ৰত মই ক’ব বিচাৰোঁ যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সংস্কাৰৰ ক্ষেত্ৰত এতিয়া আৰু পলম কৰিব নোৱাৰি।
এই বিষয়ত পাঠভিত্তিক আলোচনাক এক নিৰ্দিষ্ট সময়সীমা আৰু স্পষ্ট ফলাফলৰ সৈতে সংযুক্ত কৰিব লাগিব।একেদৰে, বিত্তীয় প্ৰতিষ্ঠানসমূহত ভোটদানৰ ক্ষমতা, নেতৃত্বৰ পদ আৰু নীতিৰ অগ্ৰাধিকাৰসমূহ আজিৰ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব।যিবোৰ দেশে বিশ্বৰ অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰে, সেই দেশসমূহে বিশ্ব অৰ্থনৈতিক শাসন ব্যৱস্থাৰ দিশ নিৰ্ধাৰণতো উপযুক্ত ভূমিকা প্ৰদান কৰিব লাগিব।
দ্বিতীয়তে, সঁহাৰি (Responsiveness)ৰ ক্ষমতা।
বিশ্বজনীন প্ৰতিষ্ঠানসমূহৰ ওপৰত মানৱতাৰ বিশ্বাস তেতিয়াহে গঢ়ি উঠিব, যেতিয়া সেই প্ৰতিষ্ঠানসমূহে সমস্যাসমূহৰ ফলপ্ৰসূ সমাধান কৰিবলৈ সক্ষম হ’ব।আমি সামূহিক সঁহাৰিৰ গতি, পৰিসৰ আৰু শেষ পৰ্যায়লৈ ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিব লাগিব।সাগৰীয় নাৱিকসকলে বিশ্ব বাণিজ্যলৈ অতি বৃহৎ অৱদান আগবঢ়ায়, কিন্তু প্ৰায়ে কঠিন সময়ত তেওঁলোকে সহায়-সমৰ্থনৰ অভাৱ অনুভৱ কৰে।মোৰ প্ৰস্তাৱ হৈছে—আমি সাগৰীয় নাৱিকসকলৰ বাবে এটা জৰুৰীকালীন সহায়তা জালিকা গঠন কৰিব নোৱাৰোনে?ইয়াৰ জৰিয়তে সংশ্লিষ্ট দেশসমূহৰ সামুদ্ৰিক কৰ্তৃপক্ষ আৰু কূটনৈতিক অভিযানসমূহক সংযুক্ত কৰিব পৰা যাব।ইয়াৰ ফলত বিপদসংকেত, চিকিৎসা সহায়, পৰিয়ালক তথ্য প্ৰদান আৰু নিৰাপদ স্থানলৈ স্থানান্তৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পৰা যাব।
আৰু তৃতীয়তে, মই নিয়ম প্ৰণয়ন (Rule-making)ৰ ক্ষেত্ৰত ক’ব বিচাৰোঁ।
ভৱিষ্যতৰ বিশ্বজনীন নিয়মসমূহ নিৰ্ধাৰণৰ ক্ষেত্ৰত সমান অংশগ্ৰহণ নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ পৰিসৰ, মহাকাশ, জৈৱপ্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহে ভৱিষ্যতৰ সুযোগৰ লগতে ভৱিষ্যতৰ নিয়মসমূহো নিৰ্ধাৰণ কৰি আছে। গ্ল'ৱেল চাউথ কেৱল নিয়ম গ্ৰহণকাৰীৰ পৰা নিয়ম নিৰ্ধাৰণত ভূমিকা গ্ৰহণ কৰা দেশলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব।
ব্ৰিকছৰ জৰিয়তে আমি গ্ল'ৱেল চাউথৰ যুৱ কূটনীতিবিদ আৰু নীতি নিৰ্ধাৰকসকলক আলোচনাৰ দক্ষতা, ব্যৱহাৰিক প্ৰশিক্ষণ আৰু আইনগত বিশেষজ্ঞতা প্ৰদান কৰিব পাৰোঁ। সুখদায়ক কথাটো হৈছে আজি দক্ষিণ-দক্ষিণ সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘৰ দিৱসো। গ্ল'ৱেল চাউথৰ প্ৰতি উৎসৰ্গিত এই দিনটোত এনে এটা সিদ্ধান্ত গ্ৰহণ কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ।
ভাৰত এই বিষয়ত নেতৃত্ব ল’বলৈ সাজু।
বন্ধুসকল,
ভাৰতত অনুষ্ঠিত এই ব্ৰিকছ সন্মিলনৰ বাৰ্তা স্পষ্ট হোৱা উচিত—যদি আমাৰ ভৱিষ্যৎ উমৈহতীয়া, তেন্তে সেই ভৱিষ্যৎ নিৰ্মাণৰ অধিকাৰো উমৈহতীয়া হোৱা উচিত।
কণ্ঠস্বৰৰ পৰা প্ৰভাৱলৈ।বিশেষাধিকাৰৰ পৰা অংশীদাৰিত্বলৈ।
এয়াই হওক ২০ বছৰীয়া ব্ৰিকছৰ সংকল্প।
বহু বহু ধন্যবাদ।
***********
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2309483)
অতিথি কক্ষ : 13