স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

জৰায়ু মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতগুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি ভাৰতৰ৮০লাখ এইচপিভি প্ৰতিষেধকপালি প্ৰদান

ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযানৰ অধীনত ৮মিলিয়নতকৈও অধিক এইচপিভি ভেকচিন পালি প্ৰদান কৰা হৈছে

গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু মিজোৰামে ১০০শতাংশ কভাৰেজ লাভ কৰিছে; বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু অসমে ৯০শতাংশ অতিক্ৰম কৰিছে

উত্তৰ প্ৰদেশত ২২ লাখতকৈও অধিক কিশোৰীক টিকাকৰণ কৰা হৈছে

বিৰল এইএফআইৰ ব্যৱস্থাপনাৰ বাবে ২৪×৭ ব্যৱস্থাৰ সৈতে চিকিৎসা নিৰীক্ষণৰ অধীনত অনুষ্ঠিত সকলো টিকাকৰণ অধিৱেশন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ফেব্ৰুৱাৰী মাহত ১৪ বছৰ বয়সৰ ছোৱালীসকলক বিনামূলীয়া, স্বেচ্ছামূলক একক পালিৰ টিকাকৰণ প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযান মুকলি কৰে

পোষ্ট কৰা হৈছে: 11 SEP 2026 2:12PM by PIB Guwahati

২০২৬চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱাৰে পৰা ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযানৰ অধীনত প্ৰদান কৰা হিউমেন পেপিলোমাভাইৰাছ (এইচপিভি) ভেকচিনৰ ৮০লাখতকৈও অধিক (৮ নিযুত) পালিৰ সৈতে ভাৰতে জৰায়ু মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এই মাইলৰ খুঁটিয়ে জনস্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে এইচ পি ভি টিকাকৰণৰ সম্প্ৰসাৰিত প্ৰৱেশাধিকাৰ চিহ্নিত কৰে আৰু কিশোৰীসকলৰ বাবে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰে।

ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযান ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল। এই অভিযানৰ অধীনত,১৪বছৰ বয়সৰ ছোৱালীবোৰক চৰকাৰী স্বাস্থ্য সুবিধাসমূহত পিতৃ-মাতৃৰ সন্মতিৰে স্বেচ্ছামূলক আৰু বিনামূলীয়া একক পালিৰ এইচ পি ভি টিকাকৰণ প্ৰদান কৰা হয়।

ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল (আৰ জি আই) ২০২১ -ৰ অনুসৰি, প্ৰায় ১.২কোটি ছোৱালীয়ে ১৪বছৰ বয়সৰ বাৰ্ষিক গোট গঠন কৰে যিয়ে প্ৰতি বছৰে এই পদক্ষেপৰ জৰিয়তে উপকৃত হ’ব বুলি আশা কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এইচ পি ভি টিকাকৰণৰ পৰিসৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছেআৰু কেইবাখনো ৰাজ্যই চিনাক্ত কৰা লক্ষ্য সমূহৰ সম্পূৰ্ণ পৰিসৰ লাভ কৰিছে।

গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু মিজোৰামে তেওঁলোকৰ চিনাক্ত কৰা লক্ষ্য জনসংখ্যাৰ ১০০ শতাংশ কভাৰেজ লাভ কৰিছে। বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু অসমে ৯০শতাংশ কভাৰেজ অতিক্ৰম কৰিছে, আনহাতে কৰ্ণাটকে ৮৫শতাংশতকৈ অধিক কভাৰেজ লাভ কৰিছে। ছত্তীশগড়, ছিকিম, কেৰালা, তেলেংগানা আৰু ওড়িশাত ৬০শতাংশ কভাৰেজ অতিক্ৰম কৰিছে।

ৰাজ্যসমূহৰ ভিতৰত, উত্তৰ প্ৰদেশে সৰ্বাধিক সংখ্যক টিকাকৰণ ৰেকৰ্ড কৰিছে, এই অভিযানৰ অধীনত ২২ লাখতকৈও অধিক কিশোৰীক টিকাকৰণ কৰা হৈছে।

এই অগ্ৰগতিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমন্বিত ৰূপায়ণ, সম্প্ৰদায়ৰ ধাৰাবাহিক সংহতি আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য দলসমূহৰ সক্ৰিয় অংশগ্ৰহণক প্ৰতিফলিত কৰে। ৰাজ্যসমূহে গ্ৰাম্য, নগৰ, দূৰৱৰ্তী আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলসমূহকে ধৰি ৰাজহুৱা স্বাস্থ্য প্ৰদান নেটৱৰ্কৰ জৰিয়তে যোগ্য কিশোৰীসকলৰ কাষ চাপিবলৈ নিৰ্দিষ্ট দৃষ্টিভংগী গ্ৰহণ কৰিছে।

মধ্য প্ৰদেশ আৰু গুজৰাটে তেওঁলোকৰ চিনাক্ত কৰা লক্ষ্য গোটৰ ১০০ শতাংশ কভাৰেজ লাভ কৰিছে, যি বহনক্ষম সম্প্ৰদায়ৰ একত্ৰীকৰণ, সমন্বিত ৰূপায়ণ আৰু কেন্দ্ৰীভূত ক্ষেত্ৰ-পৰ্যায়ৰ প্ৰচেষ্টাৰ দ্বাৰা সমৰ্থিত। অসম আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অগ্ৰগতিয়েভৌগোলিকভাৱে বৈচিত্ৰপূৰ্ণ অঞ্চলসমূহত প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সংহত সামূহিক স্বাস্থ্য নেটৱৰ্ক আৰু সমন্বিত ক্ষেত্ৰ-পৰ্যায়ৰ পদক্ষেপৰ ভূমিকাও প্ৰদৰ্শন কৰে।

এই অভিযানে সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু বিশ্বাসযোগ্য তথ্যৰ ওপৰত তীব্ৰ গুৰুত্ব আৰোপ কৰিছে, পিতৃ-মাতৃ, স্বাস্থ্যসেৱা প্ৰদানকাৰী, শিক্ষক আৰু ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মীসকলক এইচপিভি টিকাকৰণ সম্পৰ্কীয় উদ্বেগৰ সমাধান আৰু ভুল তথ্য প্ৰতিৰোধ কৰিবলৈ সক্ৰিয়ভাৱে নিয়োজিত কৰা হৈছে।

শিশু ৰোগ বিশেষজ্ঞ, স্ত্রী ৰোগ বিশেষজ্ঞ আৰু এইমছৰ দৰে প্ৰতিষ্ঠানৰ বিশেষজ্ঞকে ধৰি স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ লগতে আশা আৰু এ এন এমকে ধৰি শিক্ষক আৰু ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মীসকলে ৰাজ্য আৰু জিলাসমূহত সজাগতা তথা একত্ৰীকৰণৰ প্ৰচেষ্টাক সমৰ্থন কৰিছে।

এই অভিযানে ইউ-ৱিন (U-WIN)মঞ্চৰ জৰিয়তে ভাৰতৰ ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনিও ব্যৱহাৰ কৰিছে, যাৰ ফলত কাৰ্যসূচী ব্যৱস্থাপকসকলে জিলা পৰ্যায়ত টিকাকৰণ কভাৰেজ নিৰীক্ষণ কৰিবলৈ, কভাৰেজৰ ব্যৱধান আৰু বঞ্চিত হিতাধিকাৰীসকলক চিনাক্ত কৰিবলৈআৰু অধিক ফলপ্ৰসূ কাৰ্যসূচী পৰিকল্পনা তথা সম্পদ আবণ্টন সমৰ্থন কৰিবলৈ সক্ষম হৈছে।

এই ৰাষ্ট্ৰীয় অভিযান এইচ পি ভি টিকাকৰণৰ সৈতে ব্যাপক বিশ্বব্যাপী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। এইচ পি ভিপ্ৰতিষধকৰ ৮০০নিযুতৰো অধিক পালি বিশ্বজুৰি বিতৰণ কৰা হৈছে, যাৰ ফলত সেইবোৰৰ ব্যৱহাৰ আৰু সুৰক্ষাৰ ওপৰত যথেষ্ট বাস্তৱ-জগতৰ অভিজ্ঞতা প্ৰদান কৰা হৈছে।

প্ৰথমতে উচ্চ আয়ৰ দেশসমূহে গ্ৰহণ কৰা এইচ পি ভি টিকাকৰণ ক্ৰমান্বয়ে বিভিন্ন আয়ৰ স্তৰত দেশসমূহত ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যসূচীলৈ সম্প্ৰসাৰিত হৈছে। বৰ্তমান, উচ্চ-মধ্য-আয়ৰ দেশসমূহৰ ৮৭শতাংশ, নিম্ন-মধ্য-আয়ৰ দেশসমূহৰ ৭৮শতাংশ আৰু নিম্ন-আয়ৰ দেশসমূহৰ ৫৪শতাংশৰে তেওঁলোকৰ ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যসূচীত এইচ পি ভি প্ৰতিষেধক গ্ৰহণ কৰিছে।

বিভিন্ন আয়ৰ ক্ষেত্ৰত এইচ পি ভি টিকাকৰণৰ বৰ্ধিত গ্ৰহণেজৰায়ু মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় কৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে ইয়াৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰে।

এই অভিযানৰ অধীনত সকলো টিকাকৰণ অধিৱেশন চৰকাৰী স্বাস্থ্য সুবিধাসমূহত প্ৰশিক্ষিত চিকিৎসা বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয়।

টিকাকৰণৰ পাছত হোৱা বিৰল প্ৰতিকূল ঘটনাসমূহৰ (এইএফআই) উপযুক্ত ব্যৱস্থাপনাৰ বাবে চৰকাৰী স্বাস্থ্য সুবিধাসমূহক ২৪×৭ স্বাস্থ্যসেৱা সুবিধাসমূহৰ সৈতেও সংযুক্ত কৰা হৈছে। এই ব্যৱস্থাই টিকাকৰণ সম্পৰ্কীয় যিকোনো প্ৰতিকূল ঘটনাৰ সময়োপযোগী মূল্যায়ন, নিৰীক্ষণ আৰু ব্যৱস্থাপনা নিশ্চিত কৰে।

এই অভিযানে ইয়াৰ চূড়ান্ত পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ লগে লগে, বাকী যোগ্য হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱা আৰু কোনো যোগ্য ছোৱালী যাতে পিছ পৰি নাথাকে সেয়া নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, স্বাস্থ্যসেৱা পেছাদাৰী, ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মী আৰু সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে যাতে সজাগতা শক্তিশালী কৰিব পাৰি, এইচপিভি টিকাকৰণ অভিযানৰ ফলপ্ৰসূ ৰূপায়ণত সহায় কৰিব পাৰি।

৮০লাখ এইচ পি ভিপ্ৰতিষেধক পালিৰ সাফল্যই ভৱিষ্যত প্ৰজন্মৰ মাজত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু জৰায়ু মুখৰ কৰ্কট ৰোগৰ বিৰুদ্ধে দীৰ্ঘম্যাদী সুৰক্ষা আগবঢ়াই নিয়াৰ ভাৰতৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।

*****

SR/MK


(ৰিলিজ আই ডি : 2309298) অতিথি কক্ষ : 11