মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬-ৰ শুভাৰম্ভঃ খাদ্যৰ বৈচিত্ৰ্য, পৰ্যাপ্ত প্ৰ’টিন গ্ৰহণ আৰু সতেজ গৰম ৰন্ধা আহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশজোৰা প্ৰচাৰ অভিযান
অঙ্গনৱাড়ী কেন্দ্ৰবোৰ প্ৰাণৱন্ত সামূহিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছেঃ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
১৪ লাখৰো অধিক অঙ্গনৱাড়ী কেন্দ্ৰসমূহে ৭.৫ কোটিৰো অধিক শিশু আৰু ১.১০ কোটি গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাক পুষ্টি, স্বাস্থ্য আৰু প্ৰাৰম্ভিক শৈশৱৰ যতন প্ৰদান কৰিছেঃ শ্ৰীমতী অন্নপূৰ্ণা দেৱী
নাগৰিকসকলে সুপোষিত ভাৰত আৰু বিকশিত Bharat@2047 অনুসৰণত পুষ্টিক এক প্ৰকৃত জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়ঃ শ্ৰীমতী অন্নপূৰ্ণা দেৱী
পোষ্ট কৰা হৈছে:
09 SEP 2026 4:44PM by PIB Guwahati
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আজি বাৰাণসীৰ ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰত (আৰ আই চি চি চি) নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ ৰ শুভাৰম্ভ কৰে আৰু ‘হামাৰী অঙ্গনৱাড়ী, হামাৰী জিমমেদাৰী’ বিষয়বস্তুৰ অধীনত পুষ্টিৰ বাবে সমগ্ৰ দেশতে মাহজোৰা জন আন্দোলন উদ্বোধন কৰে।

এই উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপুৰ্ণা দেৱী, মহিলা আৰু শিশু উন্নয়ন ৰাজ্য মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰ, উত্তৰ প্ৰদেশ চৰকাৰৰ মহিলা কল্যাণ, শিশু বিকাশ আৰু পুষ্টি মন্ত্ৰী শ্ৰীমতী বেবী ৰাণী মৌৰ্যৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, উন্নয়ন অংশীদাৰ, ফ্ৰণ্টলাইন কৰ্মী আৰু হিতাধিকাৰীসকল উপস্থিত আছিল।
অনুষ্ঠানত বিশেষ ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে পোষণ অভিযানৰ উদ্দেশ্যসমূহ আগুৱাই নিয়া আৰু তৃণমূল পৰ্যায়ৰ পুষ্টি সেৱাসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত অঙ্গনৱাড়ী কেন্দ্ৰসমূহৰ পৰিৱৰ্তনশীল ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে অপুষ্টি-মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ বিভাগসমূহৰ মাজত ধাৰাবাহিক সমন্বয়, সক্ৰিয় সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ সমৰ্পণ অতি গুৰুত্বপূৰ্ণ। বছৰ বছৰ ধৰি কৰা গুৰুত্বপূৰ্ণ উন্নতিৰ কথা স্মৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উন্নত আন্তঃগাঁথনি আৰু শিক্ষণ পৰিৱেশৰ সৈতে অঙ্গনৱাড়ী কেন্দ্ৰসমূহক প্ৰাণৱন্ত সামূহিক প্ৰতিষ্ঠানলৈ উন্নীত আৰু নৱীকৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঙ্গনৱাড়ী কৰ্মীসকলক স্মাৰ্টফোনৰ সৈতে সজ্জিত কৰা হৈছে, যিয়ে ৰিয়েল-টাইম ডাটা এণ্ট্ৰি আৰু ডিজিটেল নিৰীক্ষণৰ জৰিয়তে উন্নত সেৱা প্ৰদান সক্ষম কৰে। পৰিপূৰক পুষ্টি সেৱাৰ শক্তিশালীকৰণৰ ওপৰত আলোকপাত কৰি শ্ৰী যোগী আদিত্যনাথে লক্ষ্য কৰে যে অঙ্গনৱাড়ী কেন্দ্ৰসমূহে এতিয়া নিয়মিতভাৱে যোগ্য হিতাধিকাৰীসকলক গৰম ৰন্ধা খাদ্য (এইচচিএম) আৰু ঘৰলৈ নিয়া ৰেচন (টিএইচআৰ) প্ৰদান কৰি আছে, যিয়ে সমগ্ৰ ৰাজ্যৰ শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে উন্নত পুষ্টিগত ফলাফলত অৰিহণা যোগাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে পুষ্টিৰ ক্ষেত্ৰত বিনিয়োগ কেতিয়াও নষ্ট নহয়, কিয়নো ই স্বাস্থ্যৱান শিশু, সবল পৰিয়াল আৰু এখন শক্তিশালী ৰাষ্ট্ৰৰ ৰূপত জীৱনজোৰা লাভালাভ প্ৰদান কৰে।

মূল ভাষণত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে মিছন সক্ষম অঙ্গনৱাড়ী আৰু পোষণ ২.০ ৰ জৰিয়তে পুষ্টিৰ ফলাফল উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁ কয় যে ১৪ লাখতকৈও অধিক অঙ্গনৱাড়ী কেন্দ্ৰই বৰ্তমান ৭.৫ কোটিৰো অধিক শিশু, ১.১০ কোটি গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলা আৰু প্ৰায় ১৬ লাখ কিশোৰীক পুষ্টি, স্বাস্থ্য আৰু প্ৰাৰম্ভিক শৈশৱৰ যতন প্ৰদান কৰি আছে। জীৱনৰ প্ৰথম ১,০০০ দিনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ উল্লেখ কৰে যে চৰকাৰে ২ লাখ অঙ্গনৱাড়ী কেন্দ্ৰক সক্ষম অঙ্গনৱাড়ীলৈ উন্নীত কৰি আছে, যাৰ ভিতৰত প্ৰায় ২৪,০০০ কেন্দ্ৰ উত্তৰ প্ৰদেশত অনুমোদিত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই) ৰ ৰূপায়ণৰ দহ বছৰ সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ (ডিবিটি) জৰিয়তে সমগ্ৰ দেশৰ ৪.৬৫ কোটিৰো অধিক মাতৃলৈ ২১,০০০ কোটি টকাৰো অধিক ধন হস্তান্তৰ কৰা হৈছে। তেওঁ লগতে খাদ্যৰ বৈচিত্ৰ্য, পৰ্যাপ্ত প্ৰ'টিন গ্ৰহণ, সতেজ গৰম ৰন্ধা খাদ্য, অনাময় ব্যৱস্থা আৰু শৈশৱৰ প্ৰাৰম্ভিক বিকাশত সম্প্ৰদায়ৰ অংশগ্ৰহণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নাগৰিকসকলক সুপোষিত ভাৰত আৰু বিকশি ভাৰত@2047 ৰ দৃষ্টিভংগী অনুসৰণ কৰি পুষ্টিক এক প্ৰকৃত জন আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপুৰ্ণা দেৱীৰ সৈতে ভিডিঅ’ সমূহত অভিনয় কৰা নিৰ্বাচিত অঙ্গনৱাড়ী কেন্দ্ৰসবূহৰ কৰ্মীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ মাজতে গৰম ৰন্ধা খাদ্য, ঘৰলৈ ৰেচন লৈ যোৱা, ঘৰ পৰিদৰ্শন আৰু প্ৰাৰম্ভিক শৈশৱৰ যতন তথা শিক্ষাৰ ওপৰত হিতাধিকাৰীসকলৰ প্ৰমাণভিত্তিক ভিডিঅ’ প্ৰদৰ্শন কৰা হৈছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰে সম্প্ৰদায়, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, আত্মসহায়ক গোট আৰু পৰিয়ালসমূহক পুষ্টি আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু পুষ্টি তথা শিশু যতনৰ তৃণমূল পৰ্যায় শক্তিশালী কৰিবলৈ আহ্বান জনায়।
আদৰণী ভাষণত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী অনিল মালিকে গুৰুত্ব আৰোপ কৰি কয় যে পোষণ অভিযান এটা চৰকাৰী কাৰ্যসূচীৰ পৰা দেশজোৰা জন আন্দোলনলৈ বিকশিত হৈছে আৰু পৰৱৰ্তী পৰ্য্যায়টোৱে সম্প্ৰদায়ৰ মালিকানা আৰু দায়বদ্ধতাক গভীৰ কৰিব লাগিব। তেওঁ প্ৰতিটো অঙ্গনৱাড়ী কেন্দ্ৰত প্ৰতিষ্ঠানিক আৰু প্ৰযুক্তিগত শক্তিশালীকৰণক উন্নত সেৱাৰ মানলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আনুষ্ঠানিক আৰম্ভণিৰ পূৰ্বে, বিশিষ্ট ব্যক্তিসকলে পোষণকেন্দ্ৰিক উদ্ভাৱন, স্থানীয় পুষ্টিকৰ খাদ্য আৰু অঙ্গনৱাড়ী কেন্দ্ৰৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ প্ৰদৰ্শন কৰি অনুষ্ঠানত পোষণ মেলা পৰিদৰ্শন কৰে।
পোষণ মাহ ২০২৬ ৰ ওপৰত এক বিশেষ অডিঅ’ ভিজুৱেল প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপুৰ্ণা দেৱীয়ে আনুষ্ঠানিকভাৱে দেশজোৰা প্ৰচাৰ অভিযান মুকলি কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই) ৰ ১০ বছৰ উদযাপন কৰা এখন চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হৈছিল, য'ত সমগ্ৰ দেশতে মাতৃৰ স্বাস্থ্য আৰু পুষ্টিৰ ফলাফল উন্নত কৰাত আঁচনিখনৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয়।
২০১৮ চনত পোষণ অভিযান আৰম্ভ হোৱাৰ পাছৰে পৰা পোষণ মাহ, পোষণ পখৱাড়া আৰু অন্যান্য সামূহিক অংশগ্ৰহণৰ পদক্ষেপৰ জৰিয়তে ১৫০ কোটিতকৈও অধিক জন আন্দোলন কাৰ্যকলাপ অনুষ্ঠিত কৰা হৈছে। ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ সমগ্ৰ দেশতে ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ পালন কৰা হ'ব, য'ত নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হ'বঃ
- খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত পৰিমাণে প্ৰ'টিন গ্ৰহণ
- অঙ্গনৱাড়ী কেন্দ্ৰসমূহত সতেজ গৰম ৰন্ধা খাদ্য
- অঙ্গনৱাড়ী ব্যৱস্থাপনা সমিতি আৰু এছএনপি মেনু ব’ৰ্ডৰ জৰিয়তে সামূহিক মালিকানা
- শৈশৱৰ বিকাশৰ বাবে পুষ্টি আৰু প্ৰাৰম্ভিক সজাগতা
- প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰ (পিএমএমভিৱাই)
মাহজোৰা এই অভিযানৰ লক্ষ্য হৈছে অঙ্গনৱাড়ী কেন্দ্ৰৰ সৈতে সামূহিক সম্পৰ্ক গভীৰ কৰা আৰু সুপোষিত ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি উন্নত পুষ্টি, মাতৃৰ স্বাস্থ্য আৰু শৈশৱৰ প্ৰাৰম্ভিক বিকাশৰ দিশত সামূহিক পদক্ষেপৰ প্ৰচাৰ কৰা।
আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬-এ এখন স্বাস্থ্যকৰ, সুপোষিত আৰু সক্ষম ভাৰতৰ প্ৰতি আমাৰ সামূহিক সংকল্পক শক্তিশালী কৰি তোলাৰ আৰম্ভণি চিহ্নিত কৰিছে।
আজি বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত এই দেশজোৰা অভিযান আৰম্ভ কৰি মই আশাবাদী...
***
SS/PC/MK
(ৰিলিজ আই ডি : 2308549)
অতিথি কক্ষ : 5