গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গোৱাৰ ৰাজধানী পানাজীত নিচাজাতীয় দ্ৰৱ্য নিয়ন্ত্ৰণ সম্পৰ্কে এক সংবাদ মেল সম্বোধন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ২০২৯ চনৰ ভিতৰত আমি 'নিচামুক্ত ভাৰত'ৰ সংকল্প পূৰণ কৰিম

যিদৰে দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰা হৈছিল, ঠিক তেনেদৰে আমি নিচাজাতীয় দ্ৰৱ্যৰ সমস্যাও নিৰ্মূল কৰিম

২০২৬ চনৰ জুলাইৰ পৰা ২০২৯ চনৰ জুলাইৰ ভিতৰত সকলো লক্ষ্য প্ৰাপ্তিৰ সংকল্পৰে 'নিচামুক্ত ভাৰত' গঢ়ি তোলাৰ বাবে ৩ বছৰীয়া ৰাষ্ট্ৰীয় পৰিকল্পনা প্ৰস্তুত কৰা হৈছে

'নিচামুক্ত ভাৰত'ৰ ৰাষ্ট্ৰীয় পৰিকল্পনা চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত—চোৰাংচোৱা আৰু অভিযানভিত্তিক ব্যৱস্থাগ্ৰহণ, প্ৰি-কাৰ্চৰ আৰু ছিনথেটিক ড্ৰাগছ নিয়ন্ত্ৰণ, চাহিদা আৰু ক্ষতি হ্ৰাস আৰু ক্ষমতা বৃদ্ধি তথা সমন্বয়।

চতুৰ্ভুজ কৌশল গ্ৰহণ কৰি 'ডেথ ট্ৰায়েংগল' আৰু 'ডেথ ক্ৰেচেণ্ট'ৰ পথেদি দেশলৈ নিচাজাতীয় দ্ৰৱ্যৰ চোৰাং সৰবৰাহ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে

মোদী চৰকাৰে নিচাজাতীয় দ্ৰৱ্যৰ বিৰুদ্ধে যুঁজখনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰথম অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে

শিক্ষা, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে শিক্ষানুষ্ঠানসমূহৰ সৈতে মিলি শিক্ষানুষ্ঠানসমূহক নিচামুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে

এনচিচি, এনএছএছ আৰু 'মাই ভাৰত'ৰ জৰিয়তে লাখ লাখ 'নিচামুক্ত ভাৰত মিত্ৰ' সাজু কৰি তোলা হ'ব।

মোদী চৰকাৰে আৰ্থিক তদন্ত আৰু পিআইটি-এনডিপিএছৰ ওপৰত বিশেষ গুৰুত্ব দি 'তলৰ পৰা ওপৰলৈ' আৰু 'ওপৰৰ পৰা তললৈ' দৃষ্টিভংগীৰে তদন্তৰ নতুন পন্থা গ্ৰহণ কৰিছে

২০০৪ৰ পৰা ২০১৪ চনলৈ ৪০,০০০ কোটি টকাৰ ২৬ লাখ কিলোগ্ৰাম নিচাজাতীয় দ্ৰৱ্য জব্দ কৰাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৬ চনলৈ ১.৮৯ লাখ কোটি টকাৰ ১.১৯ কোটি কিলোগ্ৰামৰো অধিক নিচাজাতীয় দ্ৰৱ্য জব্দ কৰা হৈছে

'নিচামুক্ত ভাৰত অভিযান'ৰ অধীনত ২৫ কোটি নাগৰিকক শপত গ্ৰহণ কৰোৱা হৈছে, আনহাতে চিকিৎসা আৰু পুনৰসংস্থাপনৰ জৰিয়তে ৫,৭০,০০০ নাগৰিকক নিচামুক্ত কৰা হৈছে

সামাজিক ন্যায় বিভাগ, স্বাস্থ্য বিভাগ আৰু কাৰাগাৰ প্ৰশাসনে যৌথভাৱে কাম কৰি নিচামুক্তি কেন্দ্ৰৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰি ১,৭৫১টালৈ সম্প্ৰসাৰণ কৰিব

অপৰাধ সংঘটিত কৰি দেশৰ পৰা পলায়ন কৰা পলাতকসকলৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে; অৰ্থনৈতিক অপৰাধ, সন্ত্ৰাসবাদ, নিচাজাতীয় দ্ৰৱ্য আৰু গেং ৱাৰত জড়িত পলাতকসকলক ভাৰতীয় আদালতত বিচাৰৰ সন্মুখীন হ’বলৈ ওভতাই অনা

পোষ্ট কৰা হৈছে: 06 SEP 2026 6:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গোৱাৰ ৰাজধানী পানাজীত নিচাজাতীয় দ্ৰব্য নিয়ন্ত্ৰণ সম্পৰ্কে এক সংবাদ মেল সম্বোধন কৰে। এই উপলক্ষে সংবাদ মেলত গোৱাৰ মুখ্য মন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তো উপস্থিত থাকে।

 

সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰাই ভাৰত চৰকাৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে যেতিয়া মোদী জী প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া দেশে তিনিটা ভয়াবহ সমস্যাৰ মুখামুখি হৈছিল, যিবোৰৰ ভিতৰত আছিল জম্মু-কাশ্মীৰত ক্ৰমবৰ্ধমান সন্ত্ৰাসবাদ, নক্সালবাদ আৰু উত্তৰ-পূবৰ কেইবাটাও সশস্ত্ৰ সংগঠনে সৃষ্টি কৰা অশান্তি। তদুপৰি, আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত কেইবাটাও বোমা বিস্ফোৰণে দেশখনক অতিশয় চিন্তিত কৰি তুলিছিল। মহিলাৰ সুৰক্ষাক লৈও ব্যাপক আন্দোলন হৈছিল। ঠিক সেই সময়ছোৱাতে মোদী জীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০১৯ চনৰ পৰা বৰ্তমানলৈকে তেওঁৰ নেতৃত্বত অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। জম্মু-কাশ্মীৰৰ পৰা ৩৭০নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত বিচ্ছিন্নতাবাদী ভাৱধাৰা যথেষ্ট হ্ৰাস পাইছে। সন্ত্ৰাসবাদৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই শূন্যৰ দিশে অগ্ৰসৰ হৈছে আৰু জম্মু-কাশ্মীৰ উন্নয়নৰ পথত আগুৱাই গৈছে। জম্মু-কাশ্মীৰ আৰু দেশৰ বাকী অংশৰ মাজত থকা মানসিক দূৰত্ব দূৰ কৰাৰ বাবেও সফল প্ৰচেষ্টা চলোৱা হৈছে। নক্সালবাদৰ পাঁচ দশক পুৰণি সমস্যাটো আজি প্রায় অতীত হৈ পৰিছে। 'ৰেড কৰিডৰ'ৰ কল্পনা কৰা সৰহসংখ্যক লোকেই আজি অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পণ কৰি মূলসূঁতিত যোগদান কৰিছে। ঠিক তেনেদৰে উত্তৰ-পূবতো প্ৰায় ১১,০০০ যুৱকে অস্ত্ৰ সম্বৰণ কৰিছে। ভাৰত চৰকাৰে তেওঁলোকৰ সৈতে ১৪টাৰো অধিক চুক্তি স্বাক্ষৰ কৰিছে আৰু আজি উত্তৰ-পূবো উন্নয়নৰ পথত আগুৱাই গৈছে। ২০১৯ চনৰ পিছত অপৰাধ সংঘটিত কৰি পলায়ন কৰা পলাতকসকলৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰা হৈছে। ২০১৯ চনৰ পৰা ২০২৬ চনৰ জুলাইলৈকে ৩৬খন দেশৰ পৰা ২৭৪গৰাকী পলাতকক প্ৰত্যৰ্পণ কৰা হৈছে। ইয়াৰ ভিতৰত অৰ্থনৈতিক অপৰাধ, সন্ত্ৰাসবাদ, নিচাজাতীয় দ্ৰব্য আৰু গেং ৱাৰৰ দৰে গুৰুতৰ অপৰাধত জড়িত লোকসকল অন্তৰ্ভুক্ত। এই সকলোকে ভাৰতৰ আদালতৰ সন্মুখত হাজিৰ কৰোৱা হৈছে। যোৱা তিনি বছৰত ৪০১টা 'ৰেড কৰ্ণাৰ জাননী' জাৰি কৰা হৈছে। কেৱল ২০২৬ চনৰে জুলাই মাহলৈকে ১৮২টা ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ সমগ্ৰ প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ বাবে 'ভাৰতপ'ল' নামেৰে এক নতুন ব্যৱস্থা গঢ়ি তোলা হৈছে। ১৪টাৰো অধিক কেন্দ্ৰীয় সংস্থা আৰু সকলো ৰাজ্যৰ আৰক্ষী 'ভাৰতপ'ল'ৰ সৈতে সংযুক্ত হৈ আছে। প্ৰতিখন ৰাজ্যৰ পৰা পলাতকসকলক প্ৰত্যৰ্পণ কৰাৰ বাবে 'ভাৰতপ'ল'ৰ জৰিয়তে এক সুসংগঠিত প্ৰণালী প্ৰস্তুত কৰা হৈছে। ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে পলাতকসকলৰ প্ৰায় ১৭,৮৭৪ কোটি টকাৰ সম্পত্তি ছীল বা বাজেয়াপ্ত কৰা হৈছে। নতুন অপৰাধমূলক আইন আৰু ন্যায় সংহিতাসমূহে পলাতকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পথো সহজ কৰি তুলিছে।

WhatsApp Image 2026-09-06 at 18.21.03.jpeg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে চাইবাৰ অপৰাধৰ বাবেও এক প্ৰণালীবদ্ধ ব্যৱস্থা প্ৰস্তুত কৰা হৈছে, যিটো প্ৰধানমন্ত্ৰী মোদী জীয়ে নিজেই নিৰীক্ষণ কৰি আছে। আজি ১৯৩০ হেল্পলাইন চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে এক ফলপ্ৰসূ মাধ্যম হৈ পৰিছে। ৰাজ্যসমূহৰ সহযোগত গৃহ মন্ত্ৰালয়ৰ জৰিয়তে থানা পৰ্যায়লৈকে তিনিখন নতুন অপৰাধমূলক আইন কাৰ্যকৰী কৰাত সফলতা লাভ কৰা হৈছে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰতে নতুন ন্যায় সংহিতা আৰু তিনিখন অপৰাধমূলক আইন কাৰ্যকৰী কৰি ৰাজ্যখনত অপৰাধ প্ৰমাণৰ হাৰ ৫৩.২ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী আৰু গোৱা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ অৰ্থ হ'ল ৰুজু হোৱা এজাহাৰৰ ভিত্তিত অপৰাধী প্ৰমাণৰ হাৰ প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নিচাজাতীয় দ্ৰব্য এনে এক অপৰাধ যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰিব পাৰে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্যৰ পৰা হোৱা উপাৰ্জন সন্ত্ৰাসবাদৰ বাবেও ব্যৱহাৰ কৰা হয়। বিশ্বৰ বহু দেশত 'নাৰ্ক'-সন্ত্ৰাসবাদী মডেল' সক্ৰিয় হৈ আছে আৰু সমগ্ৰ বিশ্বই আজি এই সমস্যাৰ সৈতে যুঁজি আছে। তেওঁ কয় যে ২০১৯ চনৰ পৰা আমি ইয়াক ৰোধ কৰিবলৈ এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছো। ইয়াৰ বাবে আমি ব্যৱস্থাসমূহ সলনি কৰিছো, নেটৱৰ্কসমূহ ধৰিছো, আৰ্থিক শৃঙ্খল ভংগ কৰিছো আৰু নিচাগ্ৰস্তসকলক নিচামুক্ত কৰিবলৈ সহায় আগবঢ়াইছো। শ্ৰী শ্বাহে কয় যে ২০১৪ চনৰ পূৰ্বে এই যুঁজখন আংশিকভাৱে যুঁজা হৈছিল আৰু কম সামগ্ৰী জব্দ আৰু কেইজনমান সৰু সৰু অভিযুক্তক ধৰিয়েই সন্তুষ্টি লাভ কৰা হৈছিল। কিন্তু ২০১৯ চনৰ পৰা মোদী চৰকাৰে এই বিষয়টোক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজখন ফাইল আৰু সুকীয়া সংস্থাসমূহৰ কাৰ্যকলাপৰ সীমা অতিক্ৰম কৰি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত এক সমন্বিত আৰু নিৰৱচ্ছিন্ন অভিযান হৈ পৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ২০১৯ চনত এক চাৰিতৰপীয়া এনকৰ্ড (NCORD) ব্যৱস্থা গঢ়ি তোলা হৈছিল। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ সুকীয়া এণ্টি-নাৰ্কোটিকছ টাষ্ক ফ'ৰ্চ গঠনৰ বাবে এটা আৰ্হি প্ৰেৰণ কৰা হৈছিল আৰু এখন যৌথ সমন্বয় সমিতি গঠন কৰা হৈছিল। কেন্দ্ৰীয় সংস্থাসমূহ, ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ বিভাগসমূহৰ সমন্বয়ত বৃহৎ নেটৱৰ্ক, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু কাৰ্যকৰী সমস্যাসমূহ নিৰ্মূলৰ বাবে এক বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰা হৈছিল। নিচাগ্ৰস্ত যুৱক-যুৱতীসকলৰ পুনৰ সংস্থাপনৰ বাবে '১৯৩৩' মানস হেল্পলাইন আৰম্ভ কৰা হৈছিল। নাৰ্কোটিকছ কন্ট্ৰ'ল ব্যুৰ'ৰ কেডাৰ পুনৰ গঠন কৰা হৈছিল। নিদান (NIDAAN) প'ৰ্টেলৰ জৰিয়তে নিচাজাতীয় দ্ৰব্যৰ অপৰাধীসকলৰ এক ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলা হৈছিল। চিচিটিএনএছ (CCTNS) তথ্য আৰু সংহত তথ্য সংযোগ ব্যৱহাৰ কৰি সমগ্ৰ দেশৰ হটস্পট, কাৰ্যপদ্ধতি আৰু জব্দকৰণৰ তথ্যভিত্তিক মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। 'তলৰ পৰা ওপৰলৈ' আৰু 'ওপৰৰ পৰা তললৈ' দুয়োটা দৃষ্টিভংগীৰে তদন্তৰ এক নতুন ধাৰণা গ্ৰহণ কৰা হৈছিল। তেওঁ কয় যে এতিয়া আনকি এটা সৰু পেকেট নিচাজাতীয় দ্ৰব্য জব্দ হ'লেও ই দেশৰ ক’ৰ পৰা উৎপত্তি হৈছে সেয়া পৰীক্ষা কৰা হয়। ঠিক তেনেদৰে সীমান্তত বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ হ’লে সৰু সৰু পেকেটৰ ৰূপত ই কেনেকৈ যুৱক-যুৱতীসকলৰ ওচৰলৈ যাব ওলাইছিল সেয়া বিচাৰি উলিওৱা হয়। এনেদৰে সমগ্ৰ নেটৱৰ্কটোৰ বিপৰীতমুখী তদন্ত আৰম্ভ কৰা হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে আৰ্থিক তদন্ত আৰু পিআইটি-এনডিপিএছৰ (PIT-NDPS) ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল আৰু এটা উচ্চ পৰ্যায়ৰ সুকীয়া টাষ্ক ফ'ৰ্চ গঠন কৰা হৈছিল। ডাৰ্ক নেট, এনক্ৰিপ্টেড যোগাযোগ, ক্ৰিপ্ট' লেনদেন আৰু ডেড ড্ৰপ ডেলিভাৰীৰ বিৰুদ্ধে প্ৰযুক্তিভিত্তিক তদন্ত আৰম্ভ কৰা হৈছিল। এএনটিএফত (ANTF) এক বিশেষ ডাৰ্ক নেট-ক্ৰিপ্ট' চেল সৃষ্টিৰ কাম আৰম্ভ হৈছিল। প্ৰি-কাৰ্চৰ আৰু ছিনথেটিক ড্ৰাগছৰ বাবে এক আন্তঃমন্ত্রণালয় ব্যৱস্থাও গঢ়ি তোলা হৈছিল। তেওঁ কয় যে এই প্ৰচেষ্টাসমূহে সুফল দিছে। শ্ৰী শ্বাহে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ বিৰোধী দলৰ শাসনকালত প্ৰায় ৪০,০০০ কোটি টকাৰ ২৬ লাখ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য জব্দ কৰা হৈছিল। ইয়াৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৬ চনলৈ মোদী জীৰ নেতৃত্বত এই জব্দৰ পৰিমাণ বৃদ্ধি পাই ১ কোটি ১৯ লাখ কিলোগ্ৰামৰো অধিক হৈছে, যাৰ মূল্য প্ৰায় ১ লাখ ৮৯ হাজাৰ কোটি টকা। তেওঁ কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ৩ লাখ ৩৬ হাজাৰ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰা হৈছিল, আনহাতে ২০১৪-২৬ চনত ৪৮ লাখ ৬৮ হাজাৰ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰা হৈছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এনকৰ্ডৰ (NCORD) ১০খন শীৰ্ষ বৈঠক, ৭খন কাৰ্যবাহী বৈঠক, ২৭৭খন ৰাজ্যিক পৰ্যায়ৰ বৈঠক আৰু ১৬,৭৯৮খন জিলা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে ৪৬খন দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে। 'নিচামুক্ত ভাৰত অভিযান'ৰ অধীনত ২৫ কোটি নাগৰিকৰ সৈতে যোগাযোগ কৰা হৈছে আৰু শপত গ্ৰহণ কৰোৱা হৈছে। চিকিৎসা আৰু পুনৰসংস্থাপনৰ অধীনত ৫ লাখ ৭০ হাজাৰ নাগৰিকক নিচামুক্ত কৰা হৈছে। গোৱাতো এই সময়ছোৱাত ব্যৱস্থা গ্ৰহণৰ পৰিমাণ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।

 

শ্ৰী অমিত শ্বাহে কয় যে ২০২৬ চনৰ জুলাইৰ পৰা ২০২৯ চনৰ জুলাইলৈ ৩ বছৰীয়া এক ৰাষ্ট্ৰীয় পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো লক্ষ্য প্ৰাপ্তিৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে আমি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজখনক দেশৰ অন্যতম বৃহৎ ৰাষ্ট্ৰীয় যুঁজ হিচাপে আগবঢ়াই লৈ গৈছো। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এক নিচামুক্ত যুৱ শক্তিয়ে যাতে এক উন্নত ভাৰতৰ ভেটি গঢ়ি তোলে। এই মিছন সফল কৰিবলৈ গৃহ মন্ত্ৰালয় আৰু সকলো ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে। তেওঁ কয় যে ২০২৬ চনৰ পৰা ২০২৯ চনৰ সময়ছোৱাক 'মিছন ম'ড' হিচাপে ঘোষণা কৰা হৈছে। সময়সীমা নিৰ্ধাৰণ কৰা হৈছে, বিভিন্ন মন্ত্ৰালয়ক জবাবদিহি কৰা হৈছে, জুখিব পৰা ফলাফল নিৰ্ণয় কৰা হৈছে আৰু ফলাফলভিত্তিক উত্তৰদায়িত্বৰ সৈতে ত্ৰৈমাসিক পৰ্যালোচনা নিশ্চিত কৰা হ'ব। তেওঁ কয় যে এই ৰাষ্ট্ৰীয় পৰিকল্পনা চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম—চোৰাংচোৱা আৰু অভিযানভিত্তিক ব্যৱস্থা; দ্বিতীয়— প্ৰি-কাৰ্চৰ আৰু ছিনথেটিক ড্ৰাগছ নিয়ন্ত্ৰণ; তৃতীয়— চাহিদা আৰু ক্ষতি হ্ৰাস; আৰু চতুৰ্থ— ক্ষমতা বৃদ্ধি আৰু সমন্বয়। তেওঁ কয় যে এই সকলোবোৰ স্তম্ভই একেলগে নিচাজাতীয় দ্ৰব্যৰ মূল অপৰাধীসকলৰ তথ্য প্ৰস্তুত কৰিব, পিছপৰা-আগবঢ়া সম্পৰ্কসমূহৰ সমন্বয় সাধিব আৰু ব্যৱসায়িক পৰিমাণ জড়িত থকা প্ৰতিটো গোচৰৰ আৰ্থিক তদন্তৰ জৰিয়তে ফাঁচ টান কৰিব। তেওঁ কয় যে বিএছএফ, চিআইএছএফ, ভাৰতীয় উপকূলৰক্ষী বাহিনী, শুল্ক বিভাগ আৰু ডিআৰআইয়ে বিপদাশংকা ভিত্তিক প্ৰফাইল প্ৰস্তুত কৰিব আৰু চোকছ নজৰৰ বাবে স্থল সীমান্ত, বন্দৰ, বিমানবন্দৰ আৰু কাৰ্গ'ত স্কেনাৰ স্থাপন কৰিব। গৃহমন্ত্ৰীয়ে কয় যে চিবিআই, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ইণ্টাৰপোলে পলাতকসকলক ওভতাই আনিব। প্ৰৱৰ্তন সঞ্চালকালয়, বিত্তীয় চোৰাংচোৱা গোট আৰু বেংকিং ব্যৱস্থাই ধনৰ লেনদেনৰ পথ উদ্ধাৰ কৰিব।

 

শ্ৰী অমিত শ্বাহে কয় যে এনচিচি, এনএছএছ আৰু 'মাই ভাৰত'ৰ জৰিয়তে লাখ লাখ 'নিচামুক্তি মিত্ৰ' সাজু কৰি তোলা হ'ব। তেওঁ কয় যে শিক্ষা, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে শিক্ষানুষ্ঠানসমূহৰ সৈতে মিলি শিক্ষানুষ্ঠানসমূহক নিচামুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। সামাজিক ন্যায়, স্বাস্থ্য বিভাগ আৰু কাৰাগাৰ প্ৰশাসনে একেলগে নিচামুক্তি কেন্দ্ৰৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰি ১,৭৫১টালৈ লৈ যাব। প্ৰায় ১০,০০০ স্বেচ্ছাসেৱকে এই অভিযানত সেৱা আগবঢ়াব। ক্ষমতা বৃদ্ধিৰ বাবে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰতিখন ৰাজ্যতে সম্পূৰ্ণ সুসজ্জিত এণ্টি-নাৰ্কোটিকছ টাষ্ক ফ'ৰ্চ গঢ়ি তুলিবলৈ ৭ শতাংশ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ'ব। ৩০ দিনৰ ভিতৰত যাতে ফৰেনছিক ৰিপ'ৰ্ট পোৱা যায় তাৰ ব্যৱস্থা গৃহ মন্ত্ৰালয়ে কৰিব। এই চাৰিটা স্তম্ভত ২৫টা উপাদান আৰু ২০০টাৰো অধিক কাৰ্যসূচী নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে বিদেশীসকলক ভাৰতলৈ স্বাগতম জনোৱা হৈছে, কিন্তু নিচাজাতীয় দ্ৰব্যৰ সৈতে নহয়। তেওঁ কয় যে চতুৰ্ভুজ দৃষ্টিভংগী গ্ৰহণ কৰি 'ডেথ ট্ৰায়ংগেল' আৰু 'ডেথ ক্ৰেচেণ্ট'ৰ পথেদি দেশলৈ নিচাজাতীয় দ্ৰব্যৰ চোৰাং সৰবৰাহ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে যিদৰে দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰা হৈছে, একেদৰে একে সংকল্পৰে নিচাজাতীয় দ্ৰব্যৰ সমস্যাও নিৰ্মূল কৰা হ'ব।

 

****

RK/RR/PR/PS/DB


(ৰিলিজ আই ডি : 2307307) অতিথি কক্ষ : 9