ৰাষ্ট্ৰপতি সচিবালয়
জন্মাষ্টমীৰ প্ৰাকক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
03 SEP 2026 7:09PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে জন্মাষ্টমীৰ প্ৰাকক্ষণত আগবঢ়োৱা বাৰ্তাত কৈছেঃ-
‘‘জন্মাষ্টমীৰ শুভক্ষণত ভাৰত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জ্ঞাপন কৰিছোঁ।
ভগৱান শ্ৰী কৃষ্ণৰ জীৱন আৰু শিক্ষাই ভাৰতীয় সাংস্কৃতিক আৰু দাৰ্শনিক ঐতিহ্যত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে। ভগৱান শ্ৰী কৃষ্ণই সত্য, ধৰ্ম, ন্যায়, কৰুণা আৰু নিস্বাৰ্থ সেৱাৰ পথ দেখুৱাইছিল। শ্ৰীমদ্ভগৱতগীতাত উল্লেখিত তেওঁৰ শিক্ষা মানৱ জাতিৰ বাবে কঠিন সময়ত বিচক্ষণ সিদ্ধান্ত গ্ৰহণ আৰু নৈতিক প্ৰমূল্যবোধত অটল হৈ থাকিবলৈ এক চিৰন্তন প্ৰেৰণাৰ উৎস হৈয়েই আছে।
জন্মাষ্টমীৰ পবিত্ৰ উৎসৱে আমাক সমন্বয়ৰ মনোভাৱ অক্ষুণ্ণ আৰু কৰ্তব্য তথা সেৱাৰ প্ৰতি সমৰ্পিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে।
এই শুভ উপলক্ষত ভগৱান শ্ৰীকৃষ্ণৰ আদৰ্শৰাজি অনুসৰণ কৰি এখনি সৰ্বাংগীন আৰু বিকশিত ভাৰত গঢ়াৰ দিশত অক্লান্তভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰো আহক।”
***
MJPS/SS/PRK/SB
(ৰিলিজ আই ডি : 2307087)
অতিথি কক্ষ : 15