মহাকাশ দপ্তৰ
azadi ka amrit mahotsav

ডাঃ জিতেন্দ্ৰ সিং আৰু ফ্ৰান্সৰ মন্ত্ৰী ফিলিপ বাপ্টিষ্টৰ ভাৰ্চুৱেল বৈঠক সম্পন্ন; আগন্তুক ‘আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলন’ আৰু ‘বেংগালুৰু মহাকাশ এক্সপ’ত ফ্ৰান্সৰ অংশগ্ৰহণ সম্পৰ্কে আলোচনা

ভাৰত-ফ্ৰান্স মহাকাশ অংশীদাৰিত্বই হিউমেন স্পেচফ্লাইট, উন্নত প্ৰযুক্তি আৰু উদ্যোগ সহযোগিতাত গুৰুত্ব আৰোপেৰে অধিক গতি লাভ কৰিব

পেৰিছ সন্মিলনত ইছৰ’ৰ অধ্যক্ষক ল’ আৰ্থ অৰবিটত ভাৰতৰ ভৱিষ্যৎ হিউমেন স্পেচফ্লাইট সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ

ফ্ৰান্সৰ মন্ত্ৰী ফিলিপ বাপ্টিষ্টে চলিত মাহৰ শেষৰ ফালে বেংগালুৰুস্থিত ইছৰ’ৰ সুবিধাসমূহ পৰিদৰ্শন কৰিব

পোষ্ট কৰা হৈছে: 04 SEP 2026 4:33PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি আৰু ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং ফ্ৰান্সৰ উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ দপ্তৰৰ মন্ত্ৰী অধ্যাপক ফিলিপ বাপ্টিষ্টৰ সৈতে ভাৰ্চুৱেলভাৱে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াত দুয়োপক্ষই হিউমেন স্পেচফ্লাইট, উন্নত মহাকাশ প্ৰযুক্তি আৰু তথা নিজ-নিজ মহাকাশ সংস্থা আৰু উদ্যোগসমূহৰ মাজত অধিক সংযোগকে প্ৰমুখ্য কৰি মহাকাশ ক্ষেত্ৰত ভাৰত-ফ্ৰান্সৰ সহযোগিতাক অধিক গভীৰ কৰি তোলাত সন্মতি প্ৰকাশ কৰে।

২০২৬-ৰ ৯-১০ ছেপ্টেম্বৰত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলন আৰু ২০২৬-ৰ ৭-৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বেংগালুৰু মহাকাশ এক্সপ’ৰ পূৰ্বে এই আলোচনা অনুষ্ঠিত হয়। দুয়ো পক্ষই পেৰিছ সন্মিলনত ভাৰতৰ অংশগ্ৰহণ আৰু বেংগালুৰু মহাকাশ এক্সপ’ত ফ্ৰান্সৰ অংশগ্ৰহণৰ লগতে চলিত মাহৰ শেষৰ ফালে অধ্যাপক বাপ্টিষ্টৰ আগন্তুক ভাৰত ভ্ৰমণ সম্পৰ্কে আলোচনা কৰে।

ডাঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্সৰ সৈতে দীৰ্ঘদিনীয়া মহাকাশ অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহী হৈ উঠিছে। তেওঁ কয় যে মহাকাশ বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰয়োগ, মহাকাশ অৰ্থনীতি আৰু নিৰাপদ মহাকাশ সন্দৰ্ভত সন্মিলনৰ গুৰুত্ব আৰোপে মহাকাশ খণ্ডৰ ভৱিষ্যতক লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা আৰু সহযোগিতাৰ বাবে এখনি গুৰুত্বপূৰ্ণ মঞ্চ প্ৰশস্ত কৰিছে।

মহাকাশৰ বহনক্ষম ব্যৱহাৰ, মহাকাশ-ভিত্তিক বৈজ্ঞানিক তথ্যৰ সুগমতা, মুকলি মনোভাৱ আৰু অখণ্ডতা তথা ফ্ৰিকুয়েন্সী ব্যৱস্থাপনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় টেলিকমিউনিকেচন ইউনিয়নৰ নিয়ন্ত্ৰণ কাঠামোৰ প্ৰতি সমৰ্থনৰ ওপৰত প্ৰস্তাৱিত সন্মিলনৰ আলোচনাসমূহক ভাৰতে আদৰণি জনায়। ডাঃ জিতেন্দ্ৰ সিঙে এই পদক্ষেপসমূহ চূড়ান্ত কৰাৰ সময়ত ফ্ৰান্সৰ পক্ষৰ সৈতে মত-বিনিময়ৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ কথা প্ৰকাশ কৰে।

আলোচনাৰ এটি কেন্দ্ৰবিন্দু আছিল পেৰিছ সন্মিলনত ভাৰতৰ অৱদান। ইছৰ’ৰ অধ্যক্ষ/ মহাকাশ বিভাগৰ সচিবক ল’ আৰ্থ অৰবিটত ভাৰতৰ ভৱিষ্যৎ হিউমেন স্পেচফ্লাইট সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ডঃ জিতেন্দ্ৰ সিঙে লগতে কয় যে ফ্ৰান্সে উপযোগী বুলি বিবেচনা কৰা মাত্ৰেকে ভাৰতীয় প্ৰতিনিধি দলৰ সদস্যসকলে মহাকাশ ক্ষেত্ৰত ডিজাইন আৰু উৎপাদন প্ৰযুক্তি, মহাকাশৰ পৰা সংযোগ আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত অন্বেষণকে প্ৰমুখ্য কৰি অতিৰিক্ত ক্ষেত্ৰসমূহৰ ওপৰত উপস্থাপন কৰিব পাৰিব।

অধ্যাপক ফিলিপ বাপ্টিষ্টে মহাকাশত বৰ্তমান ভাৰত-ফ্ৰান্সৰ সহযোগিতাক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ বাবে ফ্ৰান্সৰ ইচ্ছা প্ৰকাশ কৰে। লগতে তেওঁ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত ভিডিঅ’ বাৰ্তাৰ বাবে ভাৰতক ধন্যবাদ জনায় আৰু অনুষ্ঠানত গ্ৰহণৰ বাবে প্ৰস্তাৱিত ঘোষণাসমূহৰ সন্দৰ্ভত ভাৰতীয় পক্ষৰ সৈতে আলোচনা অব্যাহত ৰখা কাৰ্য্যক আদৰণি জনায়।

বেংগালুৰু মহাকাশ এক্সপ’ত ফ্ৰান্সৰ অংশগ্ৰহণ আৰু দুয়োখন দেশৰ মহাকাশ সংস্থা, উদ্যোগ আৰু উদীয়মান মহাকাশ বাতাবৰণৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধিৰ সুযোগৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে।

২০২৬-ৰ ২৮-৩০ ছেপ্টেম্বৰৰ পৰা ভাৰত ভ্ৰমণ কৰিবলগীয়া অধ্যাপক বাপ্টিষ্টে বেংগালুৰুত থকা ইছৰ’ৰ সুবিধাসমূহ পৰিদৰ্শন কৰি ডাঃ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। দুয়োপক্ষই সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ আৰু পেৰিছ সন্মিলনৰ বাবে প্ৰস্তাৱিত অতিৰিক্ত উপস্থাপনসমূহৰ ওপৰত নিজ-নিজ দলসমূহে আলোচনা অব্যাহত ৰাখিব বুলি ঐক্যমত প্ৰকাশ কৰে।

ভাৰত আৰু ফ্ৰান্সে প্ৰায় ছটা দশকজুৰি এক ঘনিষ্ঠ মহাকাশ অংশীদাৰিত্ব অব্যাহত ৰাখিছে। ইছৰ’ আৰু ফ্ৰান্সৰ চিএনইএছ-ৰ মাজৰ সহযোগিতাত যৌথ উপগ্ৰহ অভিযান মেঘা-ট্ৰপিকেছ আৰু সৰল (SARAL) অন্তৰ্ভুক্ত হোৱাৰ সমান্তৰালকৈ দুয়োপক্ষই পৃথিৱী পৰ্য্যবেক্ষণ আৰু জলবায়ু সম্পৰ্কীয় প্ৰয়োগতো অধিক সহযোগিতা আগবঢ়াইছে।

দুয়োপক্ষই উদ্ভাৱন, গৱেষণা, হিউমেন স্পেচফ্লাইট, প্ৰযুক্তি বিকাশ আৰু ব্যক্তিগত মহাকাশ খণ্ডৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণৰ জৰিয়তে মহাকাশত ভাৰত-ফ্ৰান্সৰ সহযোগিতাক অধিক গভীৰ কৰাৰ অংগীকাৰৰ কথা দোহাৰি বৈঠকৰ সামৰণি মাৰে।

 

*****

NKR/AK/NM/SB


(ৰিলিজ আই ডি : 2307015) অতিথি কক্ষ : 3