যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিলে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ২০২৪

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫ৰ সৈতে এই বঁটা প্ৰদান কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 02 SEP 2026 4:23PM by PIB Guwahati

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০২৪ বৰ্ষৰ বাবে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা (টিএনএএ) ঘোষণা কৰিছে।এই বঁটাসমূহে চাৰিটা শাখা সামৰি লৈছে — লেণ্ড এডভেঞ্চাৰ, ৱাটাৰ এডভেঞ্চাৰ, এয়াৰ এডভেঞ্চাৰ আৰু লাইফটাইম এচিভমেণ্ট।

এই বঁটাসমূহে দুঃসাহসিক কৰ্মৰ ক্ষেত্ৰত ব্যক্তিসকলৰ অসাধাৰণ কৃতিত্বক স্বীকৃতি দিয়ে আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত সহনশীলতা, প্ৰত্যাহ্বান গ্ৰহণ, দলীয় কাম আৰু দ্ৰুত আৰু ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ মনোভাৱক প্ৰসাৰিত কৰিব বিচাৰে। চৰকাৰে টিএনএএ ২০২৪ৰ বাবে তলত উল্লেখ কৰা বঁটাপ্ৰাপকসকললৰ নাম অনুমোদন জনাইছে।

 

 

ক্ৰমিক নং

নাম

শাখা

১.

শ্ৰীমতী বলজিত কৌৰ

স্থল দুঃসাহসিক কৰ্ম

২.

শ্ৰী কালজাং ৰিগজিন

স্থল দুঃসাহসিক কৰ্ম

৩.

শ্ৰী ৰিমো সাহা

জল দুঃসাহসিক অভিযান

৪.

শ্ৰী শিৱপ্ৰসাদ চামোলী

জীৱনজোৰা কৃতিত্ব


ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫ৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰিব। প্ৰতিগৰাকী বঁটাপ্ৰাপকে প্ৰতিমূৰ্তি, প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰৰ ধন হিচাবে ১৫ লাখ টকা লাভ কৰিব । বঁটাপ্ৰাপকসকলক ৰাষ্ট্রীয় বাছনি সমিতিৰ পৰামর্শ অনুসৰি বাছনি কৰা হয়৷ সমিতিখনে মনোনয়নসমূহৰ মূল্যায়ন কৰে আৰু উপযুক্ত নিৰীক্ষণৰ অন্তত বঁটাপ্ৰাপকসকলক ৰাষ্ট্ৰীয় সন্মান প্ৰদানৰ বাবে পৰামৰ্শ দিয়ে।

এই বঁটাসমূহে যুৱক-যুৱতীসকলৰ মাজত সাহস, সহনশীলতা, অনুশাসন, প্ৰত্যাহ্বান গ্ৰহণ আৰু সহযোগিতামূলক দলীয় কামৰ মনোভাৱক প্ৰসাৰিত কৰাৰ লগতে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত দ্ৰুত তথা ফলপ্ৰসূতাৰে সঁহাৰি জনোৱাৰ ক্ষমতাক উৎসাহিত কৰিব বিচাৰে। ইয়াৰ উপৰি বঁটাসমূহে সমগ্ৰ দেশতে দুঃসাহসিক কাৰ্য্যকলাপত ব্যাপক অংশগ্ৰহণৰ বাবে এক প্ৰেৰণা যোগায়। এই বঁটাসমূহে দুঃসাহসিক কাৰ্য্যকলাপৰ প্ৰসাৰ আৰু যুৱক-যুৱতীসকলৰ মাজত সাহস, স্থিতিস্থাপকতা আৰু উৎকৃষ্টতাৰ সংস্কৃতিক লালন-পালন কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথাই প্ৰতিফলিত কৰে কৰে।

 

*****

Pawan Singh Faujdar/DM


(ৰিলিজ আই ডি : 2306675) অতিথি কক্ষ : 6