মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে আলংকাৰিক মীনপালন বিকাশৰ বাবে "মিছন ৰঙীন মছলী ২০৩১" কৌশলগত কাৰ্যপৰিকল্পনা উন্মোচন কৰিব

দ্বীপসমূহৰ সম্পদৰ অব্যৱহৃত সম্ভাৱনাক বহনক্ষমভাৱে কামত লগোৱাৰ ওপৰত বিশেষ গুৰুত্ব

পোষ্ট কৰা হৈছে: 30 AUG 2026 11:13AM by PIB Guwahati

ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে আলংকাৰিক মীনপালন বিকাশৰ বাবে "মিছন ৰঙীন মছলী ২০৩১" কৌশলগত কাৰ্যপৰিকল্পনা উন্মোচন কৰিব

দ্বীপসমূহৰ সম্পদৰ অব্যৱহৃত সম্ভাৱনাক বহনক্ষমভাৱে কামত লগোৱাৰ ওপৰত বিশেষ গুৰুত্ব

ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰালয়ৰ মীন বিভাগৰ উদ্যোগত ২০২৬ চনৰ ৩১ আগষ্ট, সোমবাৰে লাক্ষাদ্বীপৰ আগাট্টিত ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ এক আউটৰীচ (Outreach) কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে আলংকাৰিক মীনপালন বিকাশৰ বাবে "মিছন ৰঙীন মছলী ২০৩১" কৌশলগত কাৰ্যপৰিকল্পনা উন্মোচন কৰিব।

এই আউটৰীচ কাৰ্যসূচীত মাননীয় কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন তথা পঞ্চায়ত ৰাজ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং; মাননীয় মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন তথা পঞ্চায়ত ৰাজ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ. পি. সিং বাঘেলৰ লগতে লাক্ষাদ্বীপৰ মাননীয় প্ৰশাসক শ্ৰী প্ৰফুল্ল খোদা পেটেল উপস্থিত থাকিব। অনুষ্ঠানটোত মহিলা মীন পালক আৰু মৎস্যজীৱীকে ধৰি বহুসংখ্যক মীন পালক আৰু মৎস্যজীৱীৰ লগতে ভাৰত চৰকাৰৰ মীন বিভাগ, লাক্ষাদ্বীপ চৰকাৰৰ বিষয়া, মীন ক্লাষ্টাৰৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব।

ভাৰতৰ অপাৰ সামুদ্ৰিক ঐশ্বৰ্য থকাৰ পিছতো ইয়াৰ বিশাল সামুদ্ৰিক সম্পদসমূহ যথেষ্ট পৰিমাণে অব্যৱহৃত হৈ আছে। ১১,০৯৯ কিলোমিটাৰ জোৰা উপকূলৰেখা, ২.২ নিযুত বৰ্গ কিলোমিটাৰৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (EEZ) আৰু আনুমানিক ৫.৩১ নিযুত টন সামুদ্ৰিক মীনপালনৰ সম্ভাৱনাৰ সৈতে, ভাৰতত বহনক্ষম মীনপালন, গভীৰ সাগৰীয় মৎস্য চিকাৰ, সামুদ্ৰিক মীনপালন (mariculture) আৰু সুনীল অৰ্থনীতিৰ বিকাশৰ বাবে প্ৰচুৰ সুযোগ আছে। প্ৰায় ৪ লাখ বৰ্গ কিলোমিটাৰৰ ই ই জি (EEZ), যিটো ভাৰতৰ মুঠ ই ই জি-ৰ প্ৰায় ১৭%, আৰু ৪,২০০ বৰ্গ কিলোমিটাৰতকৈয়ো অধিক উপহ্ৰদ (lagoon) এলেকাৰে লাক্ষাদ্বীপ এই অব্যৱহৃত সম্ভাৱনাৰ এক উৎকৃষ্ট উদাহৰণ। এই বিশাল আৰু সম্পদেৰে ভৰপূৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰই উচ্চ মূল্যৰ মীন সম্পদসমূহ ব্যৱহাৰ কৰা, মেৰিকালচাৰ সম্প্ৰসাৰণ কৰা, উপকূলীয় জীৱিকা সৃষ্টি কৰা আৰু বহনক্ষম সুনীল অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে।

মীন খণ্ডত সমন্বিত আৰু মূল্য শৃংখল-ভিত্তিক বিকাশৰ বাবে ভাৰত চৰকাৰে এক ক্লাষ্টাৰ-ভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰিছে। এই কৌশলৰ সৈতে সংগতি ৰাখি, উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বজাৰৰ সংযোগক প্ৰসাৰিত কৰিবলৈ লাক্ষাদ্বীপক এক নিৰ্দিষ্ট 'ছীৱিড ক্লাষ্টাৰ' (Seaweed Cluster) হিচাপে অধিসূচিত কৰা হৈছে। সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ সংৰক্ষণ কৰাৰ লগতে বহনক্ষম পালন, ৰপ্তানি আৰু জীৱিকা নিৰ্বাহৰ গুৰুত্বপূৰ্ণ সম্ভাৱনা প্ৰদান কৰা প্ৰচুৰ সামুদ্ৰিক আলংকাৰিক মীন সম্পদেৰেও লাক্ষাদ্বীপ দ্বীপপুঞ্জ সমৃদ্ধ।

এই আউটৰীচ (Outreach) কাৰ্যসূচীৰ সময়ত, মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে মীন খণ্ডৰ হিতাধিকাৰীসকলক সা-সুবিধা প্ৰদান কৰিব আৰু আলংকাৰিক মীনপালন বিকাশৰ বাবে "মিছন ৰঙীন মছলী ২০৩১" কৌশলগত কাৰ্যপৰিকল্পনা উন্মোচন কৰিব। এই কৌশলগত কাৰ্যপৰিকল্পনাই আলংকাৰিক মীনপালনৰ সমগ্ৰ মূল্য শৃংখলত বৈজ্ঞানিক ব্যৱস্থাপনা, জৈৱ-নিৰাপত্তা, গুণগত মানদণ্ডৰ নিশ্চয়তা আৰু নিয়ন্ত্ৰণমূলক অনুপালনৰ বাবে এক উমৈহতীয়া গাঁথনি প্ৰদান কৰিব। এছ অ' পি (SOP) সমূহে ব্ৰুডষ্টক (প্ৰজননক্ষম মাছ) ব্যৱস্থাপনা, প্ৰজনন, হেচাৰী পৰিচালনা, উৎপাদন প্ৰণালী, কোৱাৰাণ্টাইন, স্বাস্থ্য ব্যৱস্থাপনা, ট্ৰেচেবিলিটি (traceability), একুৱেৰিয়াম পৰিচালনা, পৰিচালন, পৰিবহণ আৰু বাণিজ্যৰ সৈতে জড়িত পদ্ধতিসমূহক মানক ৰূপ প্ৰদান কৰিব, যাৰ দ্বাৰা সমগ্ৰ দেশজুৰি ধাৰাবাহিকতা আৰু সৰ্বোত্তম ব্যৱস্থাপনা পদ্ধতিসমূহৰ গ্ৰহণযোগ্যতা নিশ্চিত কৰা হ'ব। এইবোৰে লগতে অংশীদাৰসকলৰ সামৰ্থ্য বৃদ্ধি কৰিব, সামগ্ৰীৰ গুণাগুণ আৰু জৈৱ-নিৰাপত্তাৰ মানদণ্ড উন্নত কৰিব, প্ৰমাণীকৰণ আৰু বজাৰৰ সহজ প্ৰৱেশাধিকাৰ সুনিশ্চিত কৰিব, আৰু ভাৰতৰ আলংকাৰিক মীন খণ্ডৰ বহনক্ষম, সুসংগঠিত আৰু বিশ্বৰ দৰবাৰত প্ৰতিযোগিতামূলক বিকাশত সহায় কৰিব।

পটভূমি

প্ৰায় ১১,০৯৯ কিলোমিটাৰৰ উপকূলৰেখা আৰু প্ৰায় ২৪ লাখ বৰ্গ কিলোমিটাৰৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (EEZ)-ৰ সৈতে ভাৰত এক বিশাল আৰু বৈচিত্ৰ্যময় সামুদ্ৰিক সম্পদৰ অধিকাৰী। ভাৰতৰ ই ই জি-ৰ (EEZ) ভিতৰত সামুদ্ৰিক মীনপালনৰ সম্ভাৱনা ৫৮.৬ লাখ মেট্ৰিক টন বুলি অনুমান কৰা হৈছে, যিয়ে প্ৰায় ৫০ লাখ মৎস্যজীৱীৰ জীৱিকা নিৰ্বাহ কৰাত সহায় কৰে আৰু খাদ্য নিৰাপত্তা, পুষ্টি, নিযুক্তি, আয় সৃষ্টি আৰু ৰপ্তানি ৰাজহলৈ উল্লেখনীয় বৰঙণি আগবঢ়ায়। ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে মীনপালন আৰু জলজ পালন (aquaculture) উৎপাদনকাৰী আগশাৰীৰ দেশসমূহৰ অন্যতম আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ৭৩,৮৯০ কোটি টকাৰ সামুদ্ৰিক খাদ্য ৰপ্তানি কৰিছে।

বেছিভাগ মৎস্য চিকাৰ কাৰ্যকলাপ উপকূলৰ ৪০-৫০ নটিকেল মাইলৰ ভিতৰতে কেন্দ্ৰীভূত হৈ থাকে, আনহাতে গভীৰ জলভাগ আৰু ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ বাহিৰৰ অঞ্চলসমূহে উচ্চ মূল্যৰ প্ৰজাতি, বিশেষকৈ টুনা আৰু টুনা-সদৃশ সম্পদ আহৰণৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰে। বহনক্ষম সামুদ্ৰিক মীনপালনৰ কৌশলগত গুৰুত্ব স্বীকাৰ কৰি, ভাৰত চৰকাৰে ভাৰতীয় ই ই জি আৰু গভীৰ সাগৰৰ (High Seas) পৰা বহনক্ষমভাৱে মৎস্য সম্পদ আহৰণৰ বাবে এক সহায়ক গাঁথনি অধিসূচিত কৰিছে, যাৰ ভিতৰত 'ভাৰতীয় পতাকাযুক্ত মৎস্য চিকাৰী জাহাজৰ দ্বাৰা গভীৰ সাগৰত বহনক্ষম মৎস্য সম্পদ আহৰণৰ নিৰ্দেশিকা, ২০২৫' (Guidelines for Sustainable Harnessing of Fisheries in the High Seas by Indian-Flagged Fishing Vessels, 2025) অন্তৰ্ভুক্ত।

লাক্ষাদ্বীপ চহকী সামুদ্ৰিক মৎস্য সম্পদেৰে, বিশেষকৈ য়েলোফিন টুনা (Yellowfin Tuna) আৰু স্কিপজেক টুনা (Skipjack Tuna) আদিৰ দৰে উচ্চ মূল্যৰ টুনা প্ৰজাতিৰে সমৃদ্ধ, যি দ্বীপটোৰ সামুদ্ৰিক মীন খণ্ডৰ মেৰুদণ্ড স্বৰূপ। বিশাল আৰু উৎপাদনশীল জলভাগৰ দ্বাৰা সমৰ্থিত, এই বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ প্ৰজাতিসমূহে বহনক্ষম আহৰণ, মূল্য সংযোজন, ৰপ্তানি বৃদ্ধি আৰু জীৱিকা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে, যিয়ে লাক্ষাদ্বীপক টুনা-ভিত্তিক মীনপালন আৰু সুনীল অৰ্থনীতিৰ বিকাশৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে।

 

*****

JP /RD


(ৰিলিজ আই ডি : 2305417) অতিথি কক্ষ : 8