পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
সংশোধিত চিবিজি মূল্য নীতিয়ে গ্ৰাহকসকলক বিশেষ প্ৰভাৱান্বিত নকৰাকৈ সমৰ্থন আগবঢ়াইছে উৎপাদনকাৰীক
পোষ্ট কৰা হৈছে:
29 AUG 2026 10:56AM by PIB Guwahati
সংবাদপত্ৰৰ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে 'গোৱৰ্ধন' আঁচনিৰ অধীনত কম্প্ৰেজড বায়’ গেছৰ সংশোধিত মূল্যই চিএনজি আৰু ঘৰুৱা পিএনজি গ্ৰাহকসকলৰ ওপৰত অতিৰিক্ত বোজা বৃদ্ধি কৰিব পাৰে।
এই প্ৰতিবেদনে সঠিক ছবিখন দাঙি ধৰা নাই। ই কেতবোৰ বিসংগতিপূৰ্ণ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত:
- বৰ্তমানৰ ব্যৱস্থাটোত, চিবিজি উৎপাদনকাৰীক প্ৰদান কৰা মূল্য চিএনজিৰ খুচুৰা বিক্ৰী মূল্যৰ ৮৫ শতাংশৰ সৈতে সংযুক্ত। শেহতীয়া সংশোধনীৰ আধাৰত এই মূল্য প্ৰতি এমএমবিটিইউত প্ৰায় ১,৪৭৮ টকা হয়।
- 'গোৱৰ্ধন' আঁচনিৰ অধীনত চিবিজিৰ মূল্য প্ৰতি এমএমবিটিইউত ২,১১০ টকা নিৰ্ধাৰণ কৰা হৈছে।
- ১,৪৭৮ টকাৰ পৰা বৃদ্ধি পাই ২,১১০ টকা হোৱা মানে প্ৰায় ৪৩ শতাংশ অধিক।
- এয়া হৈছে চিবিজি উৎপাদনকাৰীক প্ৰদান কৰা ক্ৰয়মূল্য। ই চিএনজি বা ঘৰুৱা পিএনজি গ্ৰাহকসকলে পোনপটীয়াকৈ পৰিশোধ কৰা মূল্য নহয়।
- প্ৰতি এমএমবিটিইউত ২,১১০ টকাৰ সম্পূৰ্ণ মূল্য গেছ গ্ৰাহকসকলৰ জৰিয়তে সংগ্ৰহ কৰা নহয়। চৰকাৰে প্ৰতি কেজি চিবিজিত ১০ টকাকৈ সামৰ্থ্য সমৰ্থন আগবঢ়াব, যিটো ৯৫ শতাংশ মিথেনযুক্ত চিবিজিৰ বাবে প্ৰতি এমএমবিটিইউত প্ৰায় ২১৫ টকাৰ সমান।
- এই সাহায্য পুঁজি চৰকাৰে যোগান ধৰিব আৰু গ্ৰাহকসকলৰ পৰা সম্পূৰ্ণৰূপে সংগ্ৰহ কৰা নহয়। সেয়েহে, এক বৃহৎ সংখ্যক গেছ গ্ৰাহকৰ জৰিয়তে সংগ্ৰহ কৰিবলগীয়া কাৰ্যক্ষম চিবিজিৰ খৰচ হ'ব: প্ৰতি এমএমবিটিইউত ২,১১০ টকা– ২১৫ টকা = প্ৰায় ১,৮৯৫ টকা প্ৰতি এমএমবিটিইউ।
- চিবিজিৰ প্ৰচলিত মূল্য ১,৪৭৮ টকাৰ তুলনাত কাৰ্যক্ষম বৃদ্ধি হ'ল প্ৰায় ২৮ শতাংশ।
- তদুপৰি, চিবিজি চিজিডি প্ৰতিষ্ঠানসমূহক ইয়াৰ ক্ৰয়মূল্যত বিক্ৰী কৰা নহয়। ইয়াক অন্যান্য ঘৰুৱাভাৱে উৎপাদিত প্ৰাকৃতিক গেছৰ সৈতে মিহলি কৰা হয় আৰু ইয়াৰ খৰচ প্ৰযোজ্য ঘৰুৱা গেছ পুলত বিয়পাই দিয়া হয়।
- পূৰ্বে, চিবিজিৰ খৰচ কেৱল চিএনজি (পৰিবহণ) আৰু পিএনজি (ঘৰুৱা) খণ্ডত আৱণ্টন কৰা এপিএম গেছৰ সীমিত পৰিমাণৰ মাজতহে সীমাবদ্ধ আছিল। নতুন পৰিকাঠামোৰ অধীনত চিবিজিৰ মুল ব্যয় পূৰ্বৰ আধাৰত প্ৰায় ২.৫ৰ পৰা ৩ গুণ ডাঙৰ ঘৰুৱা গেছ আধাৰত প্ৰসাৰিত হ’ব।
- বহুত ডাঙৰ গেছ পুলত চিবিজিৰ খৰচ বিয়পি পৰাৰ বাবে এজন ব্যক্তিগত গেছ গ্ৰাহকৰ ওপৰত মূল্যৰ প্ৰভাৱ একেবাৰে নগণ্য হ'ব।
সংশোধিত মূল্য নিৰ্ধাৰণ পৰিকাঠামো সাৱধানেৰে দুটা উদ্দেশ্যৰ মাজত সামঞ্জস্য ৰক্ষা কৰি প্ৰস্তুত কৰা হৈছে। চিবিজি উৎপাদকসকলে এটা সুস্থিৰ আৰু কাৰ্যক্ষম মূল্য লাভ কৰে যিয়ে প্লাণ্টসমূহক সুস্থিৰতাৰে পৰিচালনা কৰাত সামৰ্থ কৰি তোলে, আনহাতে চৰকাৰী অনুদানপ্ৰাপ্ত সামৰ্থ্য সমৰ্থন আৰু যথেষ্ট বহল গেছ পুলে গ্ৰাহকসকলক কোনো গুৰুতৰ মূল্যৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰে।
*****
SJ/DB
(ৰিলিজ আই ডি : 2304524)
অতিথি কক্ষ : 6