গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰী নাৰায়ণ গুৰুজীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
শ্ৰী অমিত শ্বাহে মহাত্মা আয়ংকলীজীলৈও তেওঁৰ জন্মবাৰ্ষকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
শ্ৰী নাৰায়ণ গুৰুজীয়ে আধ্যাত্মিকতাৰ জৰিয়তে অধিক সুষম, ন্যায়পৰায়ণ আৰু কল্যাণমূলক সমাজ গঢ়াৰ পথ দেখুৱাইছিল
তেওঁৰ প্ৰজ্ঞা, কৰুণা, সমতা আৰু আধ্যাত্মিক স্বাধীনতাৰ নীতিয়ে আমাক ভাৰতৰ মহানতাৰ পথত অনুপ্ৰাণিত কৰি আহিছে
আয়ংকলীজী আছিল এগৰাকী অগ্ৰণী সমাজ সংস্কাৰক, যিয়ে কেৰালামত শিক্ষাৰ জৰিয়তে সামাজিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল
পোষ্ট কৰা হৈছে:
28 AUG 2026 12:05PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰী নাৰায়ণ গুৰুজীক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী অমিত শ্বাহে মহাত্মা আয়ংকলীজীলৈও জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “শ্ৰী নাৰায়ণ গুৰুজীয়ে আধ্যাত্মিকতাৰ জৰিয়তে অধিক সুষম, ন্যায়পৰায়ণ আৰু কল্যাণমূলক সমাজ গঢ়াৰ পথ দেখুৱাইছিল। তেওঁৰ প্ৰজ্ঞা, কৰুণা, সমতা আৰু আধ্যাত্মিক স্বাধীনতাৰ নীতিয়ে আমাক ভাৰতৰ মহানতাৰ পথত অনুপ্ৰাণিত কৰি আহিছে। এই মহান সাধুগৰাকীলৈ তেওঁৰ জয়ন্তীত মোৰ গম্ভীৰ শ্ৰদ্ধাঞ্জলি।”
আন এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় “মহান ঋষি মহাত্মা আয়ংকলীজীক তেওঁৰ জন্ম বাৰ্ষিকীৰ দিনা প্ৰণাম জনাইছোঁ। আয়ংকলীজী আছিল এজন অগ্ৰণী সমাজ সংস্কাৰক, যিয়ে কেৰালামত শিক্ষাৰ জৰিয়তে সামাজিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। সামাজিক ন্যায় আৰু সমতাৰ মূল্যবোধক অক্ষুণ্ণ ৰাখি এখন ঐক্যবদ্ধ আৰু শক্তিশালী সমাজৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ মূল্যবোধ আমাৰ প্ৰগতিৰ শিখৰত উপনীত হোৱাৰ পথৰ পথ প্ৰদৰ্শক হৈয়েই আছে।”
*****
RK / RR / PR / PS / KD
(ৰিলিজ আই ডি : 2304455)
অতিথি কক্ষ : 8