গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘বিশ্ব সংস্কৃত দিৱস’ উপলক্ষে সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

সংস্কৃত ভাষা-ভাৰতৰ জ্ঞান পৰম্পৰা, সংস্কৃতি আৰু চেতনাৰ মূল আধাৰ-যিমানেই প্ৰাচীন, সিমানেই বৈজ্ঞানিক

সংস্কৃতত লিখা বেদ, উপনিষদ আৰু শাস্ত্ৰই বহু শতিকা ধৰি মানৱ জাতিক জ্ঞানৰ পথত পথ প্ৰদৰ্শন কৰি আহিছে

সংস্কৃত ভাষা সংৰক্ষণ আৰু নতুন প্ৰজন্মলৈ ইয়াক আগবঢ়াই দিয়াৰ অবিস্মৰণীয় অৱদানৰ বাবে সকলো পণ্ডিত আৰু শিক্ষাগুৰুক মই শ্ৰদ্ধা জনাইছো

শাৱন পূৰ্ণিমা উপলক্ষে দেশৰ জনসাধাৰণক ৰক্ষা বন্ধনৰ শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

পোষ্ট কৰা হৈছে: 28 AUG 2026 12:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘বিশ্ব সংস্কৃত দিৱস’ উপলক্ষে সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স প্লেটফৰ্মত তেওঁৰ পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সংস্কৃত ভাষা ভাৰতৰ জ্ঞান পৰম্পৰা, সংস্কৃতি আৰু চেতনাৰ মূল আধাৰ- ই যিমানেই প্ৰাচীন, সিমানেই বৈজ্ঞানিক। তেওঁ কয় যে সংস্কৃতত লিখা বেদ, উপনিষদ আৰু শাস্ত্ৰই বহু শতিকা ধৰি মানৱ জাতিক জ্ঞানৰ পথত পথ প্ৰদৰ্শন কৰি আহিছে। শ্ৰী শ্বাহে কয় যে সংস্কৃত ভাষা সংৰক্ষণ আৰু নতুন প্ৰজন্মলৈ ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অবিস্মৰণীয় অৱদান আগবঢ়োৱা সকলো পণ্ডিত আৰু শিক্ষাগুৰুক মই শ্ৰদ্ধা জনাইছো।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শাৱন পূৰ্ণিমা উপলক্ষে দেশৰ জনসাধাৰণক ৰক্ষা বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে।

*****

RK / RR / PR / PS / HS


(ৰিলিজ আই ডি : 2304273) অতিথি কক্ষ : 11