বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে টকিঅ’ত ভাৰত–জাপান ষ্টাৰ্টআপ ৰাউণ্ডটেবুলত ভাৰতৰ ক্ৰমবৰ্ধমান ষ্টাৰ্টআপ বাতাবৰণত আলোকপাত কৰে

ভাৰত আৰু জাপানে ষ্টাৰ্টআপ, ডিপ-টেক, উদ্ভাৱন আৰু এমএছএমই সহযোগিতাক গভীৰ কৰাৰ অংগীকাৰক পুনৰ সুদৃঢ় কৰিছে

ভাৰত–জাপান ষ্টাৰ্টআপ ৰাউণ্ডটেবুলত প্ৰায় ৪০ টা আগশাৰীৰ জাপানী কোম্পানীয়ে অংশগ্ৰহণ কৰে

পোষ্ট কৰা হৈছে: 26 AUG 2026 5:00PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে আজি টকিঅ’ত অনুষ্ঠিত ভাৰত–জাপান ষ্টাৰ্টআপ ৰাউণ্ডটেবুলত বিগত দশকটোত প্ৰায় ২ লাখ ৫০ হাজাৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠা কৰা বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ বাতাবৰণ হিচাপে ভাৰতৰ উত্থান ঘটা কাৰ্য্যত আলোকপাত কৰে। তেওঁ কয় যে ভাৰতৰ বৃহৎ ঘৰুৱা বজাৰ, গভীৰ ষ্টেম (STEM) টেলেন্ট পুল, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু দ্ৰুতগতিত সম্প্ৰসাৰিত উদ্ভাৱন বাতাবৰণে দেশখনক জাপানী প্ৰযুক্তি, বিনিয়োগ আৰু উদ্ভাৱন অংশীদাৰিত্বৰ বাবে এক আকৰ্ষণীয় স্থান কৰি তুলিছে।

এই ৰাউণ্ডটেবুলত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, বিনিয়োগকাৰী, উদ্যোগৰ নেতৃবৃন্দ আৰু ষ্টাৰ্টআপ একত্ৰিত হৈ ষ্টাৰ্টআপ, ডিপ টেক, উদ্ভাৱন আৰু এমএছএমই-ৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিবলৈ ভাৰত আৰু জাপানৰ উমৈহতীয়া দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে। আলোচনাত প্ৰযুক্তি অংশীদাৰিত্বক গভীৰ কৰা, বিনিয়োগক প্ৰসাৰিত কৰা আৰু দুয়োখন দেশৰ মাজৰ উদ্ভাৱন-চালিত অৰ্থনৈতিক সহযোগিতাৰ পৰৱৰ্তী পৰ্য্যায়ক ত্বৰান্বিত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।

অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই ৰাষ্ট্ৰদূত নাগমা মহম্মদ মালিকে দুয়োখন দেশৰ মাজৰ ক্ৰমবৰ্ধমান ষ্টাৰ্টআপ সহযোগিতাৰ ওপৰত আলোকপাত কৰে। ইতিমধ্যে ভাৰত–জাপান পিটচিং ছিৰিজে ৬৫ টা ভাৰতীয় ষ্টাৰ্টআপক প্ৰায় ১০০ টা জাপানী নিগমৰ সৈতে সংযোগ কৰি ৩০-ৰো অধিক ব্যৱসায়িক অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে ২২২-জনীয়া ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলটোৰ অংশগ্ৰহণে উভয় উদ্ভাৱন বাতাবৰণৰ মাজত নতুন আৰু চিৰস্থায়ী অংশীদাৰিত্ব গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছে।

শ্ৰী গোৱেলে চাৰিটা স্তম্ভক কেন্দ্ৰ কৰি ভাৰত–জাপান ষ্টাৰ্টআপ সহযোগিতাৰ পৰৱৰ্তী পৰ্য্যায়ৰ বাবে এক আগন্তুক দৃষ্টিভংগী কাঠামোৰ প্ৰস্তাৱ জনায়। স্তম্ভ চাৰিটা হৈছেঃ প্ৰাৰম্ভিক-পৰ্য্যায়ৰ গৱেষণা, ডিপ-টেক উদ্ভাৱন আৰু বাণিজ্যিকীকৰণৰ বাবে পেচেন্ট মূলধন সংগঠিত কৰিবলৈ জাপান–ভাৰত ডিপ-টেক কেপিটেল কৰিডৰ; দুয়োখন দেশৰ বিশ্ববিদ্যালয়, ইনকিউবেটৰ, গৱেষণা আৰু উন্নয়ন (R&D) প্ৰতিষ্ঠান, পৰীক্ষাগাৰ আৰু পৰীক্ষাৰ সুবিধাসমূহক সংযোগ কৰা এখন টু-ৱে’ ইন’ভেচন ব্ৰীজ; ভাৰতৰ পৰিসৰ, অভিযান্ত্ৰিক প্ৰতিভা আৰু উদ্যমিতা গতিশীলতাক জাপানৰ নিখুঁত অভিযান্ত্ৰিক, প্ৰযুক্তি আৰু উৎপাদন ক্ষমতাৰ সৈতে সংযুক্ত কৰি উৎপাদন আৰু প্ৰযুক্তি সংহতি তথা ভাৰতীয় প্ৰতিষ্ঠাপক, জাপানী নিগম, ভেঞ্চাৰ ফাণ্ড আৰু কৌশলগত বিনিয়োগকাৰীৰ মাজত নিয়মীয়াকৈ পাৰস্পৰিক মত-বিনিময় কাৰ্য্যক প্ৰশস্ত কৰি তুলিবলৈ যৌথ ষ্টাৰ্টআপ পিটচিং প্লেটফৰ্ম।

মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ প্ৰস্তাৱিত প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিতীয়টো ফাণ্ড অৱ ফাণ্ডছ-ৰ ওপৰতো আলোকপাত কৰে। এই ক্ষেত্ৰত ডিপ-টেক প্ৰতিষ্ঠান সমূহক সহায় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু জাপানী বিনিয়োগকাৰী সকলৰ অধিক অংশগ্ৰহণক আহ্বান জনোৱা হয়।

জাপানৰ অংশীদাৰসকলে ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণৰ ক্ৰমবৰ্ধমান পৰিপক্কতাক আদৰণি জনায়। জাইকা-ৰ (JICA) জ্যেষ্ঠ উপাধ্যক্ষ শ্বোহেই হাৰাই টু-ৱে’ অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে জাপানে ভাৰতৰ সামাজিক আৰু উন্নয়নমূলক প্ৰত্যাহ্বানসমূহক স্কেলেবল ব্যৱসায়িক সুযোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতাৰ পৰা শিকিব পাৰে। জাইকা-ই গৰিষ্ঠ সংখ্যক জাপানী ষ্টাৰ্টআপক ভাৰতীয় বজাৰত থকা সুযোগসমূহক থূপাই-প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰ কথাও প্ৰকাশ কৰে।

এই ৰাউণ্ডটেবুলত টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু জেট্ৰ’ৰ (JETRO) জ্যেষ্ঠ নেতৃত্বই অংশগ্ৰহণ কৰে। উল্লেখ্য যে টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু জেট্ৰ’ই মিছনৰ সৈতে অংশীদাৰিত্ব কৰি জাপানী কোম্পানীসমূহক এই ৰাউণ্ডটেবুললৈ আনে। স্পাৰক্স (SPARX) গ্ৰুপ, এমইউএফজি (MUFG) ইন’ভেচন পাৰ্টনাৰ্ছ, বিয়ণ্ড নেক্সট ভেঞ্চাৰছ ইনকৰ্পৰেচন, ইনকিউবেট ফাণ্ড এছিয়া, মিজুহো ফাইনেন্সিয়েল গ্ৰুপ, এছবিআই ইনভেষ্টমেন্ট, ফুজিটছু লিমিটেড, ডিজি দৈৱা ভেঞ্চাৰছ, এষ্ট্ৰ’ (ASTRO) গেট ইনকৰ্পৰেচন, ইনকিউবেট ফাণ্ড, ইনষ্টালিম্ব ইনকৰ্পৰেচন, ইউনিভাৰ্চেল মেটেৰিয়েলছ ইনকিউবেটৰ কোম্পানী লিমিটেড, কিয়’ট’ ফিউজনিয়াৰিং লিমিটেড আৰু এৰ’চেন্স ইনকৰ্পৰেচনকে প্ৰমুখ্য কৰি প্ৰায় ৪০ টা আগশাৰীৰ জাপানী কোম্পানীৰ প্ৰতিনিধিসকলে আলোচনাত অংশগ্ৰহণ কৰে। ভিন্ন খণ্ডৰ ষ্টাৰ্টআপ, ভাৰতীয় ব্যৱসায়িক চেম্বাৰৰ লগতে ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ সদস্যসকলো ইয়াত উপস্থিত থাকে।

উদ্যোগৰ প্ৰতিনিধিসকলে এমএছএমই সমূহক ষ্টাৰ্টআপ আৰু বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে একত্ৰিত কৰাৰ লগতে ভাৰতত উৎপাদন আৰু সম্প্ৰসাৰণ কৰিব বিচৰা কোম্পানীসমূহক প্লাগ-এণ্ড-প্লে’ আন্তঃগাঁথনি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভেঞ্চাৰ কেপিটেল বিনিয়োগকাৰীসকলে এআই, অৰ্ধপৰিবাহী, স্বাস্থ্যসেৱা, মহাকাশ, প্ৰতিৰক্ষা, উন্নত উৎপাদন আৰু গভীৰ প্ৰযুক্তিক ভৱিষ্যতৰ ভাৰত–জাপান বিনিয়োগৰ বাবে প্ৰধান ক্ষেত্ৰ হিচাপে চিনাক্ত কৰে। বিনিয়োগকাৰীসকলে ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণৰ প্ৰধানকৈ ইন্টাৰনেট আৰু চফ্টৱেৰ ব্যৱসায়ৰ পৰা উৎপাদন আৰু প্ৰযুক্তি-চালিত প্ৰতিষ্ঠানৰ দিশলৈ দৃশ্যমান পৰিৱৰ্তনো লক্ষ্য কৰে।

ভাৰতীয় ষ্টাৰ্টআপসমূহে মহাকাশ আৰু প্ৰতিৰক্ষা, ড্ৰোন, কৃত্ৰিম বুদ্ধিমত্তা, স্বাস্থ্যসেৱা, প্ৰচথেটিকছ, ৰবটিক্স, ৱেৰহাউছ অট’মেচন, ম’বিলিটি আৰু ডিজিটেল স্বাস্থ্যৰ সামৰ্থ্য প্ৰদৰ্শন কৰে। কেইবাটাও কোম্পানীয়ে প্ৰযুক্তি বৈধকৰণ, নিখুঁত উৎপাদন, বিনিয়োগ, বজাৰত প্ৰৱেশ তথা জাপানী আৰু বিশ্বব্যাপী যোগান শৃংখলৰ সংহতিৰ বাবে জাপানী অংশীদাৰিত্বৰ অন্বেষণ কৰে।

এই ৰাউণ্ডটেবুলত ভাৰত আৰু জাপানৰ অতি পৰিপূৰক শক্তিক স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতে স্কেল, প্ৰতিভা, ডিজিটেল সামৰ্থ্য আৰু উদ্যমিতা গতি আগবঢ়াইছে, আনহাতে জাপানে পেচেন্ট মূলধন, উন্নত প্ৰযুক্তি, উৎপাদন উৎকৰ্ষতা আৰু বিশ্বব্যাপী গুণমানৰ সঞ্চাৰ কৰিছে। এই শক্তিসমূহৰ সংমিশ্ৰণে ভাৰত, জাপান আৰু তৃতীয় দেশৰ বজাৰসমূহক সেৱা আগবঢ়াব পৰাকৈ বিশ্বব্যাপী প্ৰতিযোগিতামূলক উদ্যোগ আৰু প্ৰযুক্তি সৃষ্টি কৰাত সহায় কৰিব পাৰে।

নিয়মীয়া বিনিয়োগকাৰী–ষ্টাৰ্টআপৰ মত-বিনিময়, প্ৰযুক্তি অংশীদাৰিত্ব, সহ-বিনিয়োগ ব্যৱস্থা আৰু দুয়োখন দেশৰ বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, ইনকিউবেটৰ তথা উদ্যোগসমূহৰ মাজত শক্তিশালী সংযোগৰ দ্বাৰা সমৰ্থিত ব্যক্তিগত সংযোগৰ পৰা প্ৰতিষ্ঠানিক ভাৰত–জাপান ষ্টাৰ্টআপ আৰু উদ্ভাৱন অংশীদাৰিত্বৰ দিশত আগবাঢ়ি যোৱাৰ ওপৰত উমৈহতীয়া গুৰুত্ব আৰোপেৰে আলোচনাৰ সামৰণি পৰে।

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/SB


(ৰিলিজ আই ডি : 2303773) অতিথি কক্ষ : 9