গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
পিঁয়াজৰ পৰ্যাপ্ত উপলভ্যতা; ঋতুভিত্তিক মূল্যৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ সংৰক্ষিত ভাণ্ডাৰসমূহ নিয়ন্ত্ৰিত আৰু লক্ষ্য নিৰ্ধাৰিতভাৱে মুকলি কৰাৰ পদক্ষেপ চৰকাৰৰ
পিঁয়াজ কঢ়িওৱা প্ৰথমখন কান্দা এক্সপ্ৰেছ নাছিকৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা
ৰে’লৱে ৰেক আৰু পথ পৰিবহণৰ জৰিয়তে ব্যৱহাৰৰ প্ৰধান কেন্দ্ৰসমূহলৈ হাইব্ৰিড পৰিবহণ মডেলৰ দ্বাৰা যোগান ধৰা হ’ব
এনচিচিএফ, নাফেড, কেন্দ্ৰীয় ভাণ্ডাৰ আৰু অন্যান্য খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে পিঁয়াজ প্ৰতি কেজি ৩৫ টকাত বিক্ৰী কৰা হ’ব
পোষ্ট কৰা হৈছে:
26 AUG 2026 8:49PM by PIB Guwahati
অনাগত মাহবোৰত পৰ্যাপ্ত উপলভ্যতা আৰু ঋতুভিত্তিক মূল্যৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে সংৰক্ষিত ভাণ্ডাৰসমূহৰ পৰা পিঁয়াজ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰে’লৱে ৰেক আৰু পথ পৰিবহণক সামৰি পৰিবহণৰ হাইব্ৰিড মডেলৰ জৰিয়তে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত বৰ্তমানৰ বজাৰৰ স্থিতি আৰু মূল্য প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি মুখ্য ব্যৱহাৰ কেন্দ্ৰসমূহলৈ যোগানৰ ব্যৱস্থা কৰা হৈছে।
পিঁয়াজৰ পৰ্যাপ্ত উপলভ্যতা আৰু উৎপাদন বৃদ্ধি
২০২৫-২৬ত ৩০৭.৩৭ এল এম টিৰ আনুমানিক উৎপাদনৰ জৰিয়তে অনাগত মাহবোৰত ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ পৰ্যাপ্ত পিঁয়াজ মজুত আছে, যিটো পূৰ্বৰ বছৰৰ ৩০৭.৬৭ এল এম টিৰ উৎপাদনৰ সৈতে প্ৰায় সমপৰিমাণৰ। উৎপাদন বৃদ্ধি, সংৰক্ষিত ভাণ্ডাৰৰ উপলভ্যতা আৰু সক্ৰিয় বজাৰৰ জৰিয়তে অনাগত মাহবোৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰি ঋতুভিত্তিক মূল্যৰ চাপ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। সুস্থিৰ উৎপাদনৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ২০২৬-২৭ত মূল্য স্থিৰকৰণ পুঁজি (পিএছএফ) সংৰক্ষণৰ বাবে ২.০ এল এম টি ৰবি পিঁয়াজ ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নাফেড আৰু এনচিচিএফৰ জৰিয়তে ২০২৬ৰ ১৫ মে’ত এই ক্ৰয় কাৰ্য্য আৰম্ভ হৈছিল। সংৰক্ষণৰ বাবে প্ৰায় ১.২১ এলএমটি পিঁয়াজ ক্ৰয় কৰা হৈছে।
সংৰক্ষণ ব্যৱস্থাপনা আৰু কাৰ্য্যকৰী দক্ষতা শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় পণ্যাগাৰ নিগম (চি ডব্লিউ চি)ক প্ৰথমবাৰৰ বাবে ২০২৬-২৭ৰ সময়ছোৱাত পিঁয়াজ সংৰক্ষণৰ বাবে পি এছ এফক সংৰক্ষণ সংস্থা হিচাপে নিয়োগ কৰা হৈছে। অ’নাম, গণেশ চতুৰ্থী, দুৰ্গা পূজা, দছেৰা, দীপাৱলী আৰু বিবাহৰ বতৰকে ধৰি উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে সাধাৰণতে চাহিদা বৃদ্ধি আৰু যোগান-শৃংখল আদিৰ কাৰকৰ বাবে পিঁয়াজৰ মূল্যৰ ঋতুগত বৃদ্ধি পৰিলক্ষিত হয়।
সংৰক্ষিত পিঁয়াজৰ নিয়ন্ত্ৰিত আৰু লক্ষ্য নিৰ্ধাৰিত মুকলি
পৰ্যাপ্ত উপলভ্যতা নিশ্চিত কৰিবলৈ আৰু অপ্ৰয়োজনীয় মূল্যৰ অস্থিৰতা প্ৰতিৰোধ কৰিবলৈ, চৰকাৰে সংৰক্ষিত ভাণ্ডাৰৰ পৰা পিঁয়াজ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ আৰু আৰম্ভ কৰিছে। ৰে’লৱে ৰেক আৰু পথ পৰিবহণকে ধৰি পৰিবহণৰ হাইব্ৰিড মডেলৰ জৰিয়তে পিঁয়াজ মুকলি কৰি দিয়া হ’ব, যাৰ ফলত প্ৰধান ব্যৱহাৰ কেন্দ্ৰসমূহলৈ পিঁয়াজ পৰিবহণ সম্ভৱ হ’ব। প্ৰচলিত বজাৰৰ স্থিতি আৰু মূল্য প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি পিঁয়াজ মুকলি কৰাৰ পৰিমাণ, পৰিসৰ আৰু মাধ্যমসমূহ অধিক বিস্তাৰ কৰা হ’ব।
প্ৰতি কিলোগ্ৰামত ৩৫ টকাত বিক্ৰী হ’ব পিঁয়াজ
এনচিচিএফ আৰু নাফেডৰ ভ্ৰাম্যমাণ বাহন আৰু খুচুৰা বিপণীৰ লগতে ছফল আৰু কেন্দ্ৰীয় ভাণ্ডাৰৰ বিপণীৰ জৰিয়তে প্ৰতি কেজি ৩৫ টকা মূল্যত পিঁয়াজৰ খুচুৰা বিক্ৰী আৰম্ভ কৰা হ’ব। খুচুৰা বিক্ৰী ইয়াৰ জৰিয়তে সম্পন্ন কৰা হ’বঃ
- এন চি চি এফ: ৯ খন বিপণী আৰু ৪০ খন ভ্ৰাম্যমাণ বাহন
- নাফেদঃ ১৩ খন দোকান আৰু ৫০ খন ভ্ৰাম্যমাণ বাহন
- কেন্দ্ৰীয় ভাণ্ডাৰঃ প্ৰায় ১০০ খন বিপণী
লক্ষ্য নিৰ্ধাৰিত খুচুৰা বিক্ৰীৰ লক্ষ্য হৈছে গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত পিঁয়াজৰ উপলভ্যতা নিশ্চিত কৰা।
কান্দা এক্সপ্ৰেছৰ দ্বাৰা সংৰক্ষিত পিঁয়াজৰ পৰিবহণ শক্তিশালীকৰণ
কান্দা এক্সপ্ৰেছৰ জৰিয়তে উৎপাদিত অঞ্চলৰ পৰা ব্যৱহাৰ কেন্দ্ৰলৈ সংৰক্ষিত পিঁয়াজৰ স্থানান্তৰকৰণ এক ফলপ্ৰসূ লজিষ্টিক পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৪-২৫ৰ সময়ছোৱাত পিঁয়াজৰ সংৰক্ষিত ভাণ্ডাৰসমূহৰ পৰা ১৪ টা ৰে’লৱে ৰেকৰ জৰিয়তে প্ৰায় ১২,০০০ মেট্ৰিক টন পিঁয়াজ পাঁচখন চহৰলৈ পৰিবহণ কৰা হৈছিল। ২০২৫-২৬ত এই প্ৰক্ৰিয়া যথেষ্ট বিস্তাৰিত হৈছিল, ৮৬ টা ৰে’লৱে ৰেকৰ জৰিয়তে প্ৰায় ৮৮,০০০ মেট্ৰিক টন পিঁয়াজ সমগ্ৰ দেশৰ ১৬ খন চহৰলৈ পৰিবহণ কৰা হৈছিল।
চলিত বিত্তীয় বৰ্ষত কান্দা এক্সপ্ৰেছৰ জৰিয়তে নাছিকৰ পৰা নতুন দিল্লীলৈ পিঁয়াজৰ পৰিবহণ আৰম্ভ হৈছে। প্ৰথমখন কান্দা এক্সপ্ৰেছ নাছিকৰ পৰা যাত্ৰা কৰিছে আৰু শীঘ্ৰে দিল্লী এনচিআৰত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। একে সময়তে চেন্নাই, কলকাতা, এৰ্নাকুলাম, গুৱাহাটী, বাৰাণসী, লক্ষ্ণৌ, পাটনা, চণ্ডীগড়, জম্মু আৰু অমৃতসৰৰ দৰে অন্যান্য মুখ্য ব্যৱহাৰ কেন্দ্ৰসমূহলৈ পথ পৰিবহণৰ জৰিয়তে পিঁয়াজৰ পৰিবহণ কৰা হৈছে। হাইব্ৰিড পৰিবহণ মডেলে বৰ্তমানৰ বজাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰ কেন্দ্ৰসমূহলৈ সময়মতে সংৰক্ষিত পিঁয়াজৰ পৰিবহণ সূচল কৰি তুলিব।

পিঁয়াজৰ ৰপ্তানি উন্নত হৈ আছে
পিঁয়াজৰ ৰপ্তানি উন্নত হৈ আছে। ২০২৬ চনৰ এপ্ৰিল-জুনৰ সময়ছোৱাত মালয়েছিয়া, শ্ৰীলংকা, ইউ এ ই আৰু নেপালকে ধৰি প্ৰধান গন্তব্য স্থানসমূহলৈ ৩.৮২ এল এম টি পৰিমাণৰ পিঁয়াজ ৰপ্তানি হৈছিল, যিয়ে সুস্থিৰ ঘৰুৱা উপলভ্যতা প্ৰতিফলিত কৰিছে।
৫৭৯ টা কেন্দ্ৰত দৈনিক নিৰীক্ষণ
গ্ৰাহক পৰিক্ৰমা বিভাগে দেশৰ ৫৭৯ টা কেন্দ্ৰত পিঁয়াজকে ধৰি ৪১ টা অত্যাৱশ্যকীয় সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰে। বজাৰৰ প্ৰৱণতা, আগমন আৰু চাহিদাৰ স্থিতিয়ে সংৰক্ষিত ভাণ্ডাৰ মুকলিৰ পৰিসৰ আৰু গন্তব্য স্থানৰ সিদ্ধান্তৰ বাবে মূল আহিলা হিচাপে কাম কৰে। চৰকাৰে ৰাজ্যসমূহত পিঁয়াজৰ মূল্য, আগমন আৰু উপলভ্যতা সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজনসাপেক্ষে পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ আৰু অপ্ৰয়োজনীয় মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অধিক পদক্ষেপ গ্ৰহণ কৰিব।
গুৰুত্বপূৰ্ণ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য স্থিৰ আৰু সীমাবদ্ধ হৈ আছে
ৰহৰ, বুট, মচুৰ, মাটিমাহ আৰু মুগকে ধৰি প্ৰধান মাহজাতীয় শস্যৰ লগতে বিলাহী আৰু আলুৰ দৰে অত্যাৱশ্যকীয় শাক-পাচলিৰ মূল্য বৰ্তমান স্থিৰ আৰু সীমিত পৰিসৰত আছে।
২৬.০৮.২০২৬ পৰ্যন্ত সৰ্বভাৰতীয় গড় খুচুৰা মূল্য তলত দিয়াধৰণৰঃ
|
সামগ্ৰী
|
সৰ্বভাৰতীয় গড় খুচুৰা মূল্য
|
|
বিলাহী
|
৩৮.৩৩ টকা /কেজি
|
|
আলু
|
২২.৬৩ টকা /কেজি
|
|
বুট দাইল
|
৮৬.৭১ টকা /কেজি
|
|
আটা
|
৪০.৪৮ টকা /কেজি
|
|
ৰহৰ দাইল
|
১২৩.৩০ টকা /কেজি
|
|
গাখীৰ
|
৬০.৮২ টকা /কেজি
|
|
পিঁয়াজ
|
৩৭.৮৭ টকা /কেজি
|
উল্লেখযোগ্য যে বিলাহী, আলু আৰু বুটৰ দাইলৰ মূল্য যোৱা এবছৰৰ তুলনাত কম হৈছে।
গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে নিৰন্তৰ নিৰীক্ষণ
সন্তুলিত আৰু প্ৰমাণ-আধাৰিত মূল্য স্থিৰকৰণ পদ্ধতিৰ জৰিয়তে কৃষকসকলৰ বাবে অধিক লাভ সুনিশ্চিত কৰাৰ লগতে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। চৰকাৰে পিঁয়াজৰ মূল্য, আগমন, উপলভ্যতা আৰু চাহিদাৰ পৰিস্থিতি সূক্ষ্ম নিৰীক্ষণ অব্যাহত ৰাখিব। সংৰক্ষিত ভাণ্ডাৰ মুকলিৰ পৰিমাণ, পৰিধি আৰু মাধ্যমসমূহ বৰ্তমানৰ বজাৰৰ স্থিতি অনুসৰি মানাংকন কৰা হ’ব, যাতে পৰ্যাপ্ত যোগান আৰু ঋতুভিত্তিক মূল্যৰ চাপ নিশ্চিত কৰিব পৰা যায়।
*********
RT/SB/ARC/NB
(ৰিলিজ আই ডি : 2303657)
অতিথি কক্ষ : 7