যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ বাবে ২০২৬ চনৰ ২৭ আগষ্টত সমগ্ৰ দেশতে ‘খেলো ইণ্ডিয়া ডায়লগ-খেল কি বাত, পিএম মোদী কে সাথ’ ৰ আয়োজন কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰীড়া, যুৱ নেতৃত্ব আৰু বিকশিত ভাৰতৰ বিষয়ে যুৱ উদীয়মান খেলুৱৈসকলক সম্বোধন কৰিব

১,৫০০+ শিক্ষা প্ৰতিষ্ঠানত যুৱ, খেলুৱৈ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰাৰ বাবে আলোচনা

प्रविष्टि तिथि: 24 AUG 2026 4:07PM by PIB Guwahati

২০২৬ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ বাবে, দেশে ২০২৬ চনৰ ২৭ আগষ্টত ‘খেলো ইণ্ডিয়া ডায়লগ-খেল কি বাত, প্ৰধানমন্ত্ৰী মোদী কে সাথ’ নামৰ এক বৃহৎ পৰিসৰৰ কাৰ্ষসূচী যুৱ অংশগ্ৰহণ পদক্ষেপৰ সাক্ষী হ’বলৈ সাজু হৈছে, য’ত যুৱক-যুৱতী, খেলুৱৈ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক দেশৰ বিভিন্ন স্থানত একত্ৰিত কৰা হ’ব।

দেশজোৰা এই উদ্যোগে যুৱ উদীয়মান খেলুৱৈসকলৰ বাবে ভাৰতৰ ক্ৰীড়া তথা যুৱ পৰিৱেশতন্ত্ৰৰ ভৱিষ্যতৰ ওপৰত তেওঁলোকৰ ধাৰণা, পৰামৰ্শ আৰু উদ্ভাৱনীমূলক চিন্তাধাৰা শ্বেয়াৰ কৰিবলৈ এখন পোনপটীয়া মঞ্চ সৃষ্টি কৰিব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত থাকিব আই আই টি, আই আই এম, এন আই টি, এইমছ, আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাছতে অংশগ্ৰহণকাৰী স্থানসমূহত একেলগে কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ দ্বাৰা যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু তৃণমূল পৰ্যায়ৰ অভিজ্ঞতা তথা নীতি নিৰ্ধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব বিচৰা হৈছে।

যুৱ অংশগ্ৰহণকাৰীসকলে চাৰিটা মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবঃ ক্ৰীড়া পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা আৰু তৃণমূল পৰ্যায়ৰ সুবিধা, প্ৰশিক্ষণ আৰু সুযোগ সম্প্ৰসাৰণ কৰা; বৈজ্ঞানিক প্ৰতিভা চিনাক্তকৰণ আৰু খেলুৱৈ বিকাশৰ জৰিয়তে ২০৩৬ অলিম্পিকৰ বাবে প্ৰতিভাৰ প্ৰতিপালন কৰা; প্ৰশাসনত যুৱ নেতৃত্ব আৰু অংশগ্ৰহণ বৃদ্ধি কৰা; আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতা, স্বেচ্ছাসেৱী তথা ৰাষ্ট্ৰ নিৰ্মাণৰ সুযোগৰে যুৱক-যুৱতীসকলক শক্তিশালী কৰা।

এই পদক্ষেপৰ এটা মুখ্য বৈশিষ্ট্য হ’ব ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী তথা আগশাৰীৰ ভাৰতীয় খেলুৱৈ আৰু পদক বিজয়ীসকলৰ মাজত পোনপটীয়া মত বিনিময়। দীপা কৰ্মকাৰ, ছাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটিয়া, গোপীচান্দ, অঞ্জু ববী জৰ্জ, কৰ্ণম মালেশ্বৰী, মীৰাবাই চানু আৰু পি টি উষাৰ দৰে বিশিষ্ট ক্ৰীড়াবিদসকলৰ লগতে বিশিষ্ট ক্ৰিকেটাৰসকলে যুৱক-যুৱতীসকলৰ সৈতে জড়িত হৈ তেওঁলোকৰ ক্ৰীড়া যাত্ৰা, প্ৰত্যাহ্বান আৰু অভিজ্ঞতা শ্বেয়াৰ কৰিব। অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ বাহিৰেও সংসদৰ সদস্য, বিধান সভাৰ সদস্য, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য মন্ত্ৰী আৰু ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীসকলে যুৱক-যুৱতীসকলৰ সৈতে জড়িত হৈ চাৰিটা চিহ্নিত বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শ বিচাৰিব।

এই প্ৰচেষ্টাত বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগ কুইজো প্ৰদৰ্শিত হ’ব আৰু যুৱ অংশগ্ৰহণকাৰীসকলক মাই ভাৰত পৰ্টেলত পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হ’ব, যাৰ ফলত এদিনীয়া কাৰ্যসূচীৰ বাহিৰেও যুৱক-যুৱতীসকলৰ নিৰন্তৰ অংশগ্ৰহণৰ বাবে এটা পথৰ সৃষ্টি হ’ব।

‘খেলো ইণ্ডিয়া ডায়ালগ-খেল কি বাত, প্ৰধানমন্ত্ৰী মোদী কে সাথ’-এ এই ধাৰণাক শক্তিশালী কৰিবলৈ চেষ্টা কৰে যে যুৱ আকাংক্ষা, ক্ৰীড়াৰ অভিজ্ঞতা আৰু নীতিগত দৃষ্টিভংগী এক উমৈহতীয়া মঞ্চলৈ অনাৰ জৰিয়তে ভাৰতৰ ক্ৰীড়া পৰিৱৰ্তন ইয়াৰ যুৱক-যুৱতীসকলৰ দ্বাৰা চালিত হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মক দেশত ক্ৰীড়া আৰু যুৱ বিকাশৰ ভৱিষ্যত গঠনত এক অৰ্থপূৰ্ণ কণ্ঠ প্ৰদান কৰা।

 

*****

Pawan Singh Faujdar / Ayushman Kumar/MK


(रिलीज़ आईडी: 2302856) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Urdu , Marathi , Bengali , Gujarati , Kannada , Malayalam