তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

৫৭সংখ্যক আইএফএফআইৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অধ্যক্ষতাত প্ৰথমখন ষ্টিয়েৰিং কমিটীৰ বৈঠক অনুষ্ঠিত

যুৱ আৰু উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে অধিক সুযোগ আৰু শক্তিশালী আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ আহ্বান ড০ মুৰুগানৰ

আইএফএফআইত ভাৰতীয় আৰু বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে সৃষ্টিশীল আদান-প্ৰদান আৰু ভাৰতৰ বিকাশশীল সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব

৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ ষ্টিয়েৰিং কমিটীৰ প্ৰথমখন বৈঠক ২১ আগষ্ট ২০২৬ তাৰিখে নতুন দিল্লীৰ কৰ্তব্য ভৱন-২ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। আগন্তুক মহোৎসৱৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে ইয়াৰ স্থান অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ ওপৰত বৈঠকত আলোচনা কৰা হয়।

৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০ৰ পৰা ২৮ নৱেম্বৰ ২০২৬লৈ গোৱাত অনুষ্ঠিত হ’ব।

বৈঠকত ভাষণ দি ড০ এল মুৰুগানে আইএফএফআইৰ ৫৭সংখ্যক সংস্কৰণক লৈ তেওঁৰ দৃষ্টিভংগী দাঙি ধৰে আৰু যুৱ শিক্ষাৰ্থী, উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অখ্য়াত নায়কসকলৰ বাবে অধিক সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আইএফএফআইয়ে যুৱ প্ৰতিভাসমূহক তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন, প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ পৰা শিকাৰ লগতে বিশ্বৰ চলচ্চিত্ৰ সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপনৰ বাবে এক মঞ্চ প্ৰদান কৰিব লাগে। লগতে সমগ্ৰ বিশ্বৰ উৎকৃষ্ট চলচ্চিত্ৰ আৰু আগশাৰীৰ সৃষ্টিশীল প্ৰতিভাক ভাৰতলৈ আনি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰ অধিক শক্তিশালী কৰিব লাগে।

ড০ মুৰুগানে কয় যে শ্ৰী অশ্বিনী বৈষ্ণৱৰ নেতৃত্বত মন্ত্ৰালয়ে ভাৰতৰ ‘অৰেঞ্জ অৰ্থনীতি’ক উদগনি দিয়াৰ লগতে দেশৰ সৃষ্টিশীল উদ্যোগসমূহ শক্তিশালী কৰাৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে প্ৰতিভা, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে সুযোগ সৃষ্টি কৰা হৈছে।

ড০ মুৰুগানে যুৱ আৰু উদীয়মান প্ৰতিভাসকলৰ বাবে মাষ্টাৰক্লাছ, প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে সুসংগঠিত মত-বিনিময় আৰু অৰ্থপূৰ্ণ মেণ্টৰশ্বিপৰ সুযোগ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য আৰু শক্তি প্ৰদৰ্শনৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু পেছাদাৰী আদান-প্ৰদানৰ সুযোগসমূহ শক্তিশালী কৰাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে।

আইএফএফআইৰ বিকাশ আৰু অব্যাহত সফলতাত গোৱা চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শ্ৰী মনোহৰ পাৰিকৰৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বাবে গোৱাক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত গন্তব্যস্থান হিচাপে গঢ়ি তোলাত তেওঁৰ দূৰদৰ্শী চিন্তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মন্ত্ৰীগৰাকীয়ে গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তকো আইএফএফআইক এক প্ৰকৃত বিশ্বমানৰ সাংস্কৃতিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ দিশত তেওঁৰ অব্যাহত সমৰ্থন আৰু প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে।

অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কয় যে ভাৰতৰ বিকাশশীল সৃষ্টিশীল অৰ্থনীতিৰ প্ৰচাৰ আৰু ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় সৃষ্টিশীল সম্প্ৰদায়সমূহৰ মাজত সহযোগিতা গভীৰ কৰাৰ বাবে আইএফএফআইক এক প্ৰধান মঞ্চ হিচাপে ব্যৱহাৰ কৰিব লাগিব। তেওঁ মহোৎসৱত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী, প্ৰতিনিধি আৰু অতিথিসকলৰ বাবে উচ্চমানৰ আৰু নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএফডিচি)ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগদুমে ৫৭সংখ্যক আইএফএফআইৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত এক উপস্থাপন আগবঢ়ায়। আইএফএফআইৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে ষ্টিয়েৰিং কমিটীৰ পৰামৰ্শসমূহক আদৰণি জনাই মাষ্টাৰক্লাছ, যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সুযোগ, ভাৰত আৰু বিদেশৰ উৎকৃষ্ট চলচ্চিত্ৰৰ বাছনি আৰু ভাৰত তথা সমগ্ৰ বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু সৃষ্টিশীল ব্যক্তিসকলৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গোৱা চৰকাৰৰ আইপিআৰ সচিবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি থকা প্ৰস্তুতিসমূহৰ বিষয়ে কমিটীক অৱগত কৰে আৰু ৫৭সংখ্যক আইএফএফআইৰ বাবে প্ৰয়োজনীয় সকলো কাম সময়মতে সম্পূৰ্ণ কৰাৰ লগতে সুচাৰুৰূপে সকলো ব্যৱস্থা সম্পন্ন কৰাৰ বাবে সকলো প্ৰয়োজনীয় প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

ষ্টিয়েৰিং কমিটীৰ সদস্যসকলে আইএফএফআইৰ বাবে অধিক বিস্তৃত আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহ বাছনি কৰাৰ লগতে বিভিন্ন দেশৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু সৃষ্টিশীল পেছাদাৰীসকলক আমন্ত্ৰণ জনোৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। মহোৎসৱটোক কেৱল চলচ্চিত্ৰৰ উদযাপন হিচাপেই নহয়, বৰং সৃষ্টিশীল আদান-প্ৰদান, সহযোগিতা আৰু ভাৰতৰ বিকাশশীল সৃষ্টিশীল অৰ্থনীতিৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

ষ্টিয়েৰিং কমিটীয়ে মহোৎসৱৰ সফল আয়োজনৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, এনএফডিচি, গোৱা চৰকাৰ আৰু সংশ্লিষ্ট সকলো অংশীদাৰৰ মাজত ঘনিষ্ঠ আৰু অব্যাহত সমন্বয়ৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে। কমিটীয়ে সামূহিকভাৱে এই বিশ্বাস প্ৰকাশ কৰে যে ৫৭সংখ্যক আইএফএফআইয়ে চলচ্চিত্ৰ, সৃষ্টিশীলতা, সাংস্কৃতিক আদান-প্ৰদান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক আগশাৰীৰ মঞ্চ হিচাপে ইয়াৰ স্থান অধিক সুদৃঢ় কৰিব। লগতে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু সৃষ্টিশীল পেছাদাৰীসকলৰ বাবে বিশ্বৰ সৈতে অৰ্থপূৰ্ণভাৱে সংযোগ স্থাপনৰ অধিক সুযোগ সৃষ্টি কৰিব।

বৈঠকত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ; বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা আইএফএফআইৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰ; নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএফডিচি)ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগদুম; গোৱা চৰকাৰৰ আইপিআৰ সচিব আৰু ষ্টিয়েৰিং কমিটীৰ বিশিষ্ট সদস্যসকল—শ্ৰীমতী ভাবনা খেৰ, ৰাম সম্পথ, অপৰ্ণা পুৰোহিত, প্ৰেৰণা সিং, নামিতা, সুহাসিনী মণিৰত্নম, অভিষেক জৈন, সন্তোষ শিৱন, গৌৰৱ বেনাৰ্জী, আদিত্য ভাট, প্ৰশান্ত চোথানি আৰু ধৰম গুলাটীয়ে অংশগ্ৰহণ কৰে।

 

*****

Mahesh Kumar/ Vivek Vishwash/ Riya Rani/AA


(रिलीज़ आईडी: 2302310) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , Malayalam , English , Urdu , Marathi , Bengali , Tamil , Kannada