যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
২০২৬ৰ ২২-২৩ আগষ্টত বিশাখাপট্টনমত ব্ৰিকছৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠক
১১ খন ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত সভাপতিত্ব কৰিব ড০ মনসুখ মাণ্ডৱিয়াই
ব্ৰিকছ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত ক্ৰীড়া প্ৰযুক্তি সহযোগিতা আৰু ক্ৰীড়া উৎপাদন সন্মিলনৰ ওপৰত দিয়া হ’ব গুৰুত্ব
ব্ৰিকছ ৰাষ্ট্ৰ গোষ্ঠীৰ যুৱ মন্ত্ৰীসকলে যুৱ বিকাশ আৰু সবলীকৰণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব দিব
प्रविष्टि तिथि:
21 AUG 2026 1:03PM by PIB Guwahati
ভাৰতৰ অধ্যক্ষতাত ২০২৬ চনৰ ২২-২৩ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ব্ৰিকছ যুৱ মন্ত্ৰীৰ বৈঠক আৰু ব্ৰিকছ ক্ৰীড়া মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব। মন্ত্ৰী পৰ্যায়ৰ কাৰ্যসূচীসমূহে যুৱ বিষয়ক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে ব্ৰিকছৰ ১১ খন সদস্য দেশৰ মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলক একত্ৰিত কৰিব।
ভাৰতৰ ব্ৰিকছ অধ্যক্ষতা ২০২৬ ‘স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু সুস্থিৰতাৰ বাবে নিৰ্মাণ’ বিষয়বস্তুৰ দ্বাৰা পৰিচালিত, যিয়ে জনসাধাৰণকেন্দ্ৰিক আৰু মানৱতা-প্ৰথম দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ বৈঠক আৰু আলোচনাই মন্ত্ৰী পৰ্যায়ৰ সম্পৰ্ক গঢ়ি তুলিব আৰু ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আগবঢ়াই নিয়াৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই এই বৈঠকসমূহত অধ্যক্ষতা কৰিব আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাড়ছেই এই কাৰ্য্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব।
যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী সুনীল পালিৱাল, ক্ৰীড়া বিভাগৰ সচিব শ্ৰী হৰি ৰঞ্জন ৰাওকে ধৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল মন্ত্ৰী পৰ্যায়ৰ কাম-কাজৰ সৈতে জড়িত হ’ব।
চৰকাৰী কাৰ্যসূচীত ড০ মাণ্ডৱিয়াই দেশৰ বিবৃতি আৰু যুৱ মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত শ্ৰীমতী ৰক্ষা খাড়ছেই সামৰণি ভাষণ প্ৰদান কৰিব।
২২ আগষ্টত ব্ৰিকছৰ যুৱ মন্ত্ৰীসকলৰ বৈঠকত শিক্ষা, দক্ষতা, উদ্যমশীলতা, কল্যাণ আৰু বহনক্ষম উন্নয়নক সামৰি লোৱা আলোচনাৰ সৈতে যুৱ বিকাশ আৰু সবলীকৰণত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
এই বৈঠকত ব্ৰিকছ যুৱ পৰিষদৰ বৈঠক আৰু ব্ৰিকছ যুৱ সন্মিলনৰ পৰা উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ বিবেচনা কৰা হ’ব আৰু ক্ৰমান্বয়ে ব্ৰিকছৰ অধ্যক্ষতাত ভৱিষ্যতৰ সহযোগিতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰা হ’ব।
ব্ৰিকছ যুৱ মন্ত্ৰী পৰ্যায়ৰ যুটীয়া ঘোষণা আৰু ব্ৰিকছ যুৱ সহযোগিতা পৰিকাঠামো গ্ৰহণৰ সৈতে এই বৈঠকৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে।
২৩ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত ব্ৰিকছৰ ১১ খন সদস্য ৰাষ্ট্ৰৰ ক্ৰীড়া মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব।
ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছৰ ক্ৰীড়া ক্ষেত্ৰখনে পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া নিৰ্মাণ আৰু যুটীয়া ঘোষণাপত্ৰ চূড়ান্তকৰণকে ধৰি বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰিছে।
ব্ৰিকছ ক্ৰীড়া যুটীয়া ঘোষণাপত্ৰ গ্ৰহণৰ সৈতে এই বৈঠকৰ সামৰণি পৰিব।
এই বৈঠকত ব্ৰিকছ ফ্ৰেণ্ডশ্বিপ চাইক্লিং ইভেণ্ট, ১১ খন ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ দেশৰ বিবৃতি, দ্বিপাক্ষিক বৈঠক আৰু সাংস্কৃতিক কাৰ্যসূচী থাকিব।
ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত ব্ৰাজিল, চীন, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব এমিৰেটছৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ বিবৃতি অন্তৰ্ভুক্ত কৰা হ’ব আৰু ইয়াৰ পিছতেই যুটীয়া ঘোষণাপত্ৰ গ্ৰহণ কৰা হ’ব।
মন্ত্ৰী পৰ্যায়ৰ দুয়োখন বৈঠকে ব্ৰিকছ ৰাষ্ট্ৰসমূহক প্ৰাতিষ্ঠানিক সহযোগিতা গভীৰ কৰাৰ লগতে অভিজ্ঞতা আৰু অনুশীলনৰ আদান-প্ৰদান কৰা আৰু ভাৰতৰ ব্ৰিকছ অধ্যক্ষতা ২০২৬ৰ অধীনত যুৱ বিকাশ আৰু ক্ৰীড়াত অংশীদাৰী অগ্ৰাধিকাৰ আগবঢ়াই নিয়াৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব।
****
Pawan Singh Faujdar/ Ayushman Kumar/NB
(रिलीज़ आईडी: 2301999)
आगंतुक पटल : 7