প্ৰতিৰক্ষা মন্ত্ৰালয়
আত্মনিৰ্ভৰ ভাৰতঃ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৪০৫ বিধ স্বদেশী সামগ্ৰীৰ ষষ্ঠ তালিকাৰ বিষয়ে অৱগত কৰে ডিডিপিয়ে
प्रविष्टि तिथि:
18 AUG 2026 11:15AM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগে (ডিডিপি) ষষ্ঠ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট (পিআইএল)ৰ বিষয়ে অৱগত কৰিছে, য’ত ৪০৫ বিধ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ আনুমানিক ব্যৱসায়িক সম্ভাৱনা ৩,০৭০ কোটি টকা বুলি কোৱা হৈছে। তালিকাখনত লাইন ৰিপ্লেচেবল ইউনিট, উপ-চিষ্টেম, উপ-এছেম্বলি, স্পেয়াৰ, কম্পোনেণ্ট আৰু কেঁচামাল আছে। ইয়াৰ ভিতৰত ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (আইচিজি)ৰ ১৬টা বস্তু আৰু ডিফেন্স পাব্লিক ছেক্টৰ অণ্ডাৰটেকিংছ (ডিপিএছইউ)ৰ ৩৮৯ বিধ সামগ্ৰী আছে। সমগ্ৰীসমূহে প্ৰতিৰক্ষা মঞ্চ আৰু ব্যৱস্থাৰ এক বিস্তৃত পৰিসৰ সামৰি লৈছে, য'ত অন্তৰ্ভুক্ত আছে:
• এডভান্সড লাইট হেলিকপ্টাৰ, লাইট ইউটিলিটি হেলিকপ্টাৰ, ছু-৩০এমকেআই, লাইট কম্বেট এয়াৰক্ৰাফ্ট আৰু এএল-৩১এফপি ইঞ্জিনৰ দৰে এয়াৰ প্লেটফৰ্ম।
• টি-৭২, টি-৯০ আৰু বিএমপি-আইআইকে ধৰি সাজসজ্জিত প্লেটফৰ্ম।
• যুদ্ধ জাহাজ
• কংকুৰছ-এম, ইনভাৰ আৰু এম আৰ এছ এ এমৰ দৰে মিছাইল ব্যৱস্থা।
• ৰাডাৰ, ছ’নাৰ, অগ্নি নিয়ন্ত্ৰণ ব্যৱস্থা আৰু উপগ্ৰহ যোগাযোগ ব্যৱস্থাকে ধৰি প্ৰতিৰক্ষা ইলেক্ট্ৰনিকছ।
• উচ্চ বিস্ফোৰক এণ্টি টেংক গোলাবাৰুদ আৰু অন্যান্য জটিল প্ৰতিৰক্ষা সঁজুলি।
৪০৫ বিধ স্বদেশী সামগ্ৰীৰ ষষ্ঠ তালিকা
বস্তুৰ বিশদ তালিকা সৃজন পোৰ্টেল (srijandefence.gov.in)তো উপলব্ধ। প্ৰতিবিধ সামগ্ৰীৰ স্বদেশীকৰণৰ বাবে এটা সূচক সময়সীমা থাকে। সফল থলুৱা উন্নয়নৰ পিছত এই সামগ্ৰীসমূহ ভাৰতীয় উদ্যোগৰ পৰা ক্ৰয় কৰা হ’ব। ডিপিএছইউ আৰু আইচিজিয়ে উদ্যোগ বিশেষকৈ এমএছএমইৰ অংশগ্ৰহণেৰে তেওঁলোকৰ ‘মেক’ পদ্ধতি আৰু আভ্যন্তৰীণ উন্নয়নকে ধৰি বিভিন্ন পথৰ জৰিয়তে স্বদেশীকৰণৰ কাম হাতত ল’ব।
এই ষষ্ঠ পিআইএলে আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অধীনত প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ আন এক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ইয়াৰ দ্বাৰা ভাৰতীয় উদ্যোগৰ বাবে সুযোগসমূহ অধিক সম্প্ৰসাৰিত হ’ব, ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব, বিনিয়োগ আৰু উদ্ভাৱনক প্ৰসাৰিত হ’ব, আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
ডিডিপিয়ে ২০২০ চনৰ আগষ্ট মাহত শ্ৰীজান প্ৰতিৰক্ষা পৰ্টেলক এক নিৰ্দিষ্ট মঞ্চ হিচাপে মুকলি কৰিছিল, যাৰ জৰিয়তে ডিপিএছইউ আৰু সেৱা মুখ্য কাৰ্যালয়ে (এছএইচকিউ) উদ্যোগটোক স্বদেশী উন্নয়ন আৰু উৎপাদনৰ বাবে এমএছএমই আৰু ষ্টাৰ্ট-আপকে ধৰি প্ৰতিৰক্ষা সামগ্ৰী আগবঢ়ায়। এই পৰ্টেলটোৱে মুকলি কৰাৰ পিছৰে পৰা ২০২৬ চনৰ জুন মাহলৈকে ডিপিএছইউ আৰু এছএইচকিউসমূহে খিলঞ্জীয়াকৰণৰ বাবে ৩৩,০০০ৰো অধিক প্ৰতিৰক্ষা সামগ্ৰী আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰিছে।ইয়াৰ ভিতৰত প্ৰথম পাঁচখন ধনাত্মক খিলঞ্জীয়াকৰণ তালিকাৰ অধীনত অধিসূচনা কৰা ৫,০১২ বিধ সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।
১৫,৭০০ৰো অধিক প্ৰতিৰক্ষা সামগ্ৰী সফলতাৰে স্বদেশী কৰা হৈছে, যাৰ ফলত যোৱা পাঁচ বছৰত আমদানি প্ৰতিস্থাপনৰ আনুমানিক মূল্য প্ৰায় ৯,০০০ কোটি টকা হৈছে। ইয়াৰ উপৰি ডিপিএছইউসমূহে ২০২৬ চনৰ মাৰ্চ মাহলৈকে ঘৰুৱা বিক্ৰেতাসকলৰ ক্ষেত্ৰত প্ৰায় ১০,০০০ কোটি টকাৰ আভ্যন্তৰীণ উৎপাদনকে ধৰি ক্ৰয়ৰ অৰ্ডাৰ দিছে।
***
VK/Savvy/DM
(रिलीज़ आईडी: 2301841)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam