যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
18 AUG 2026 12:50PM by PIB Guwahati
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে।
ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা শ্ৰেষ্ঠত্বক স্বীকৃতি আৰু পুৰস্কৃত কৰাৰ বাবে প্ৰতিবছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হয়।
ভাৰতৰ উচচতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত বাছনি সমিতিৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে বিভিন্ন শ্ৰেণীৰ অধীনত নিম্নোলিখিত খেলুৱৈ, প্ৰশিক্ষক আৰু প্ৰতিষ্ঠানসমূহক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা, ২০২৫
যোৱা চাৰি বছৰ ধৰি ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰাৰ লগতে গুণগত নেতৃত্ব, ক্ৰীড়াসুলভ মনোভাৱ আৰু অনুশাসনৰ ভাৱ প্ৰদৰ্শন কৰাৰ বাবে 'ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা' প্ৰদান কৰা হয়।
.
|
ক্ৰমিক নং
|
খেলুৱৈৰ নাম
|
ক্ৰীড়া বিভাগ
|
|
১.
|
শ্ৰী তেজস্বিন শংকৰ
|
এথলেটিকছ
|
|
২.
|
শ্ৰী মহম্মদ আজমল ভি
|
এথলেটিকছ
|
|
৩.
|
শ্ৰীমতী প্ৰিয়ংকা গোস্বামী
|
এথলেটিকছ
|
|
৪.
|
শ্ৰীমতী ত্ৰিশা জলী
|
বেডমিণ্টন
|
|
৫.
|
শ্ৰীমতী পুলেল্লা গায়ত্ৰী গোপীচান্দ
|
বেডমিণ্টন
|
|
৬.
|
শ্ৰী নৰেন্দ্ৰ
|
বক্সিং
|
|
৭.
|
শ্ৰী বিদিত সন্তোষ গুজৰাটী
|
দবা
|
|
৮.
|
শ্ৰীমতী দিব্যা জীতেন্দ্ৰ দেশমুখ
|
দবা
|
|
৯.
|
শ্ৰী ধনুষ শ্ৰীকান্ত
|
বধিৰসকলৰ শ্বুটিং
|
|
১০.
|
শ্ৰীমতী লালৰেমছিয়ামী
|
হকী
|
|
১১.
|
শ্ৰী ৰাজকুমাৰ পাল
|
হকী
|
|
১২.
|
শ্ৰী সুৰজিত
|
কাবাডী
|
|
১৩.
|
শ্ৰীমতী পূজা
|
কাবাডী
|
|
১৪.
|
শ্ৰী ৰুদ্ৰাংশ খাণ্ডেলৱাল
|
পেৰা-শ্বুটিং
|
|
১৫.
|
শ্ৰীমতী একতা ভ্যান
|
পেৰা-এথলেটিকছ
|
|
১৬.
|
শ্ৰী অৰবিন্দ সিং
|
ৰ’য়িং
|
|
১৭.
|
শ্ৰী নিখিল শ্বেৰাণ
|
শ্বুটিং
|
ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা (জীৱনজোৰা সাধনা) ২০২৫
'অৰ্জুন বঁটা (জীৱনজোৰা সাধনা)' এনে খেলুৱৈসকলক সন্মান আৰু উৎসাহিত কৰিবলৈ প্ৰদান কৰা হয়, যিসকলে নিজৰ ক্ৰীড়া জীৱনত প্ৰদৰ্শনৰ দ্বাৰা ক্ৰীড়াজগতৰ উপৰিও সক্ৰিয় খেলুৱৈ জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছতো ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰত ধাৰাবাহিকভাৱে অৰিহণা যোগাই আহিছে।
|
ক্ৰমিক নং
|
খেলুৱৈৰ নাম
|
ক্ৰীড়াৰ বিভাগ
|
|
১
|
শ্ৰী আই আৰুমাইনায়গম
|
ফুটবল
|
ক্ৰীড়াৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বাবে দ্ৰোণাচাৰ্য বঁটা ,২০২৫
'ক্ৰীড়াৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বাবে দ্ৰোণাচাৰ্য বঁটা' এনে প্ৰশিক্ষকসকলক প্ৰদান কৰা হয় যিসকলে ধাৰাবাহিকভাৱে উৎকৃষ্ট আৰু প্ৰশংসনীয় কাম কৰি খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰি তোলে।
নিয়মীয়া শ্ৰেণী:
|
ক্ৰমিক নং
|
প্ৰশিক্ষকৰ নাম
|
ক্ৰীড়াৰ বিভাগ
|
|
১
|
শ্ৰী পৰবীন সিং
|
এথলেটিকছ
|
|
২
|
শ্ৰী ছোট লাল যাদৱ
|
বক্সিং
|
|
৩
|
শ্ৰীমতী নেহা নন্দকুমাৰ চাৱন
|
শ্বুটিং
|
জীৱনজোৰা সাধনা শ্ৰেণী:
|
ক্ৰমিক নং
|
প্ৰশিক্ষকৰ নাম
|
ক্ৰীড়াৰ বিভাগ
|
|
১
|
শ্ৰী ধৰ্মেন্দ্ৰ সিং যাদৱ
|
বক্সিং
|
|
২
|
শ্ৰী বীৰেন্দ্ৰ কুমাৰ
|
মল্লযুদ্ধ
|
ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ, ২০২৫
'ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ' ক্ৰীড়াৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা কৰ্পোৰেট প্ৰতিষ্ঠান (ৰাজহুৱা/ব্যক্তিগত) আৰু বেচৰকাৰী সংগঠনসমূহক প্ৰদান কৰা হয়।
|
ক্ৰমিক নং
|
প্ৰতিষ্ঠানৰ নাম
|
|
১
|
আৰ্মী পেৰালিম্পিক ন’ড, পুনে
|
উক্ত বঁটাসমূহৰ বাবে অনলাইনযোগে আবেদন বিচৰা হৈছিল আৰু খেলুৱৈ/প্ৰশিক্ষক/প্ৰতিষ্ঠানসমূহক এটা সুকীয়া অনলাইন প'ৰ্টেলৰ জৰিয়তে নিজাববীয়াকৈ আবেদন কৰাৰ অনুমতি দিয়া হৈছিল।
এইবছৰ বঁটাসমূহৰ বাবে বিপুল সংখ্যক আবেদন লাভ কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মিশ্ৰৰ নেতৃত্বত গঠিত বাছনি সমিতিয়ে এই আবেদনসমূহ বিবেচনা কৰে। এই সমিতিত বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সাংবাদিকতাৰ অভিজ্ঞতা থকা ব্যক্তি আৰু ক্ৰীড়া প্ৰশাসকসকল সদস্য হিচাপে অন্তৰ্ভুক্ত আছিল।
***
Ayushman Kumar/DB
(रिलीज़ आईडी: 2300864)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Bengali-TR
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam