প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত বিকশিত ভাৰতৰ দিশত দেশখনৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আহ্বান জনায়

प्रविष्टि तिथि: 15 AUG 2026 12:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে দেশখনৰ যাত্ৰা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায়। দেশৰ কৰ্ম সংস্কৃতি, চিন্তাধাৰা আৰু বিস্তৃত উচ্চাকাংক্ষাৰ পৰিৱৰ্তনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিক, চৰকাৰ, উদ্যোগ, কৃষক, যুৱক-যুৱতী আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰ সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল কথাবোৰ হ’ল-

১) পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰঃ ভাৰতৰ বাবে সংস্কাৰ কোনো বাধ্যবাধকতা বা মূলমন্ত্ৰ নহয় বৰঞ্চ প্ৰত্যয়ৰ বিষয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্কাৰৰ গতি ত্বৰান্বিত কৰাৰ আহ্বান জনায়। তেওঁ কয় যে চৰকাৰ, সমাজ, উদ্যোগ, উৎপাদক আৰু কৃষক সকলোৱে পৰম্পৰাগত ব্যৱস্থা, চিন্তাধাৰা আৰু লক্ষ্যৰ সংস্কাৰ কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ, ৰাজ্য আৰু উদ্যোগক একেলগে আগবাঢ়ি যাবলৈ আৰু ২০৪৭ চনৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি সংস্কাৰ, ব্যৱস্থা, নীতি, নিয়ম গঢ় দিবলৈ নিৰন্তৰভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

২) বিকশিত ভাৰতৰ বাবে ‘সপ্ত ধাৰা’ঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে লালকিল্লাৰ পৰা সাতটা ক্ষমতাৰ ধাৰা অৰ্থাৎ “সপ্ত ধাৰা”ৰ আহ্বান জনাইছিল, যাতে ভাৰতক নতুন উচ্চতালৈ লৈ যোৱা আৰু অনাগত পাঁচ-সাত বছৰত দেশক নতুন গতি প্ৰদান কৰিব পৰা যায়। এই সাতটা ধাৰা হ’ল-

উৎপাদন শক্তিঃ ভাৰতে উপাদান আৰু ডিজাইনৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সামগ্ৰী নিৰ্মাণলৈকে সম্পূৰ্ণ মূল্য শৃংখল গঢ়ি তুলিব লাগিব আৰু বিশ্ব যোগান শৃংখলৰ এক বিশ্বাসযোগ্য কেন্দ্ৰ হ’ব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে খৰচ, গুণগত মান আৰু পৰিসৰ, প্ৰতিযোগিতামূলক কাৰখানা, ব্যৱহাৰকাৰী অনুকূল সামগ্ৰী, আকৰ্ষণীয় পেকেজিং আৰু শূন্য দোষযুক্ত নিখুঁত উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ নকৰিবলৈ আহ্বান জনাই তেওঁ কয়, “গুণগত মান, গুণগত মান, গুণগত মান” ভাৰতীয় উৎপাদনৰ মন্ত্ৰ হ’ব লাগে।

কৃষি আৰু খাদ্য উৎপাদনঃ প্ৰধানমন্ত্ৰীয়ে পামৰ পৰা ৰপ্তানি বজাৰলৈ গৈ ভাৰতৰ পৰম্পৰাগত খাদ্য, মিলেট, মছলা, ফল-মূল আৰু ফুলক গোলকীয় ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাৰ আহ্বান জনায়। তেওঁ ৰাসায়নিক সাৰমুক্ত কৃষি আৰু গোলকীয় মান পূৰণ কৰা কৃষিজাত সামগ্ৰীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰযুক্তি আৰু উদ্ভাৱনঃ এআই, কোৱাণ্টাম, মহাকাশ, ৰবটিক্স আৰু ডাটা চেণ্টাৰকে ধৰি উদীয়মান ক্ষেত্ৰসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত কেৱল বিশ্বৰ বাবে বজাৰ হৈয়েই থাকিব নালাগে বৰঞ্চ উদ্ভাৱনৰ কেন্দ্ৰ হ’ব লাগে। তেওঁ কয় যে মেড-ইন-ইণ্ডিয়া ৬জি প্ৰতিটো চুকত উপনীত হোৱাটোৱেই দেশৰ লক্ষ্য হ’ব লাগে।

গতি শক্তিঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে চহৰ, আধুনিক ঘাইপথ, অভ্যন্তৰীণ জলপথ, বিমানবন্দৰ আৰু মাল্টিমডেল লজিষ্টিক সংযোগ কৰা তীব্ৰবেগী ৰে’লৰ জৰিয়তে নিৰৱচ্ছিন্ন আৰু দ্ৰুত সংযোগ স্থাপনৰ আহ্বান জনায়। তেওঁ কয় যে বন্দৰসমূহে সামগ্ৰী লোডিং আৰু আনলোডিঙৰ ঊৰ্ধ্বলৈ গৈ বন্দৰ নেতৃত্বাধীন উন্নয়ন আৰু বিকাশৰ চালক হ’ব লাগে।।

প্ৰতিৰক্ষা শক্তিঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনাই কয় যে ভাৰতে পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তি বিকশিত কৰি গোলকীয় যোগানকাৰী হোৱাৰ দিশত আগবাঢ়িব লাগিব। তেওঁ বিশেষভাৱে ড্ৰ’ন আৰু কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থা বিকশিত কৰাৰ লগতে হাইপাৰছ’নিক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত নেতৃত্ব লোৱাৰ আহ্বান জনায়। তেওঁ চাইবাৰ সুৰক্ষাক ভাৰত আৰু বিশ্বৰ বাবে ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ্যক ব্যৱহাৰ কৰিব পৰা ক্ষেত্ৰ হিচাপেও আলোকপাত কৰে।

সেউজ অৰ্থনীতি আৰু নীলা অৰ্থনীতিঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেউজ হাইড্ৰজেন, নৱীকৰণযোগ্য শক্তি, শক্তি সংৰক্ষণ, সেউজ গতিশীলতা আৰু সেউজ উৎপাদনৰ ক্ষেত্ৰত গোলকীয় মৰ্যাদা লাভৰ আহ্বান জনায়। তেওঁ মীন, উপকূলীয় পৰ্যটন, সাগৰীয় প্ৰযুক্তি আৰু নীলা অৰ্থনীতিৰ অন্যান্য ক্ষেত্ৰত ভাৰতৰ উপকূলীয় অঞ্চলে আগবঢ়োৱা সুযোগসমূহৰ ওপৰতো আলোকপাত কৰে।

ভাৰতৰ মসৃণ শক্তিঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগ, আয়ুৰ্বেদ, সামগ্ৰিক স্বাস্থ্যসেৱা আৰু হিল ইন ইণ্ডিয়াৰ ক্ষেত্ৰত ভাৰতৰ শক্তিক বিশ্বলৈ লৈ যোৱাৰ আহ্বান জনায়। তেওঁ হস্তশিল্প, সংস্কৃতি, চলচ্চিত্ৰ, ভিএফএক্স, এনিমেচন, গেমিং আৰু ডিজিটেল কন্টেন্টক বিশ্বজুৰি ভাৰতে নিজৰ শক্তি প্ৰতিষ্ঠা কৰিব পৰা ক্ষেত্ৰ হিচাপে আলোকপাত কৰে। তেওঁ বিদেশী পৰ্যটক, বিশ্বজোৰা ক্ৰীড়া অনুষ্ঠান আৰু কনচাৰ্ট ভাৰতলৈ আকৰ্ষণ কৰাৰ বাবে অধিক প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

৩) ভাৰতৰ উচ্চাকাংক্ষাৰ পৰিসৰ বৃদ্ধি কৰাঃ দেশখনক ডাঙৰ চিন্তা কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে অনাগত দশকত ফৰ্চুন ৫০০ৰ ভিতৰত ভাৰতৰ ৫০টা কোম্পানী কিয় থাকিব নালাগে। তেওঁ কয় যে ভাৰতীয় বেংক বিশ্বৰ শীৰ্ষ পাঁচটা বেংকৰ ভিতৰত থাকিব লাগে আৰু এটা বা দুটা ভাৰতীয় ঔষধ কোম্পানীয়ে বিশ্বৰ পাঁচটা বৃহৎ ফাৰ্মা কোম্পানীৰ ভিতৰত স্থান নিশ্চিত কৰিব লাগে। তেওঁ ভাৰতীয় আইন সংস্থা, ৰেটিং এজেন্সী, পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰু একাউণ্টিং প্ৰতিষ্ঠানক বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ ভিতৰত আত্মপ্ৰকাশ কৰিবলৈ, ভাৰতীয় প্ৰযুক্তি কোম্পানীসমূহক বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ, ভাৰতীয় ব্ৰেণ্ডসমূহক বিশ্বক আকৰ্ষণ কৰা দেশৰ পৰিচয় হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

৪) ভাৰতীয় গুণগত মানক বিশ্বজনীন পৰিচয় হিচাপে গঢ়ি তোলাঃ প্ৰধানমন্ত্ৰীয়ে উৎপাদক, উদ্যোগী আৰু এম এছ এম ইসমূহক বিশ্বৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা আৰু গুণগত মানৰ পৰিচয় হিচাপে গঢ়ি তুলিবলৈ সৱল আহ্বান জনায়। তেওঁ কয় যে ভাৰতে খৰচ, গুণগত মান আৰু পৰিসৰৰ ক্ষেত্ৰত গোলকীয় মান পূৰণ কৰিব লাগিব আৰু বিশ্বৰ বজাৰত সফলতাৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰা সামগ্ৰী আগবঢ়াব লাগিব। তেওঁ এম এছ এম ইসমূহক ভাৰতৰ বাণিজ্যিক চুক্তিসমূহে সৃষ্টি কৰা সুযোগসমূহ আকৰ্ষণ কৰি ভাৰতীয় সামগ্ৰীসমূহ বিশ্ব বজাৰলৈ লৈ যোৱাৰ লগতে গুণগত মান আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ ক্ষেত্ৰত গোলকীয় মানদণ্ড পূৰণ কৰিবলৈ আহ্বান জনায়।

৫) কৰ্ম সংস্কৃতি সলনি কৰি ভাৰতৰ ব্যাপক লক্ষ্যৰ পৰিসৰৰ সৈতে মিলাওকঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শতিকাৰ পৰৱৰ্তী চতুৰ্থাংশ ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু দেশখনে ৰৈ থাকিব নোৱাৰে বা গতি মন্থৰ হ’বলৈও দিব নোৱাৰে। দেশৰ কৰ্ম সংস্কৃতি, চিন্তাধাৰা আৰু কামৰ গতি সলনি কৰাৰ আহ্বান জনাই তেওঁ কয় যে যিবোৰ কাম বিগত পাঁচ-সাত দশকত সম্পন্ন হোৱা নাছিল, সেইবোৰ কাম আগন্তুক পাঁচ-সাত বছৰত সম্পন্ন কৰিব লাগিব।

৬) নিচামুক্ত ভাৰত- প্ৰতিটো পৰিয়ালে যোগদান কৰিব লাগিবঃ ড্ৰাগছ সেৱনক ভাৰতৰ যুৱক-যুৱতীসকলৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছমুক্ত ভাৰত লাভ কৰাটো এখন সামূহিক দায়িত্ব হ’ব লাগিব। মাই ভাৰতৰ স্বেচ্ছাসেৱক, বেচৰকাৰী সংস্থা, সামাজিক-সাংস্কৃতিক সংগঠন আৰু আধ্যাত্মিক নেতাসকলৰ সৈতে জড়িত ১০০ সপ্তাহজোৰা নিচামুক্ত ভাৰত অভিযানৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিটো পৰিয়ালক এই অভিযানৰ অংশ হ'বলৈ আৰু নিচামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়।

৭) মহিলা সংৰক্ষণ কাৰ্যকৰীকৰণঃ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে সকলো ৰাজনৈতিক দলক একত্ৰিত হ’বলৈ প্ৰত্যক্ষ আহ্বান জনায়। নাৰী শক্তি বন্দন অধিনিয়ামৰ কথা উল্লেখ কৰি তেওঁ ৰাজনৈতিক দলসমূহক অতি সোনকালে নিশ্চিত কৰিবলৈ আহ্বান জনায় যে মহিলাসকলে যাতে লোকসভা আৰু ৰাজ্যিক বিধানসভাত ৩৩ শতাংশ প্ৰতিনিধিত্ব লাভ কৰে আৰু ভাৰতৰ নীতি গঢ় দিয়াত অৰিহণা যোগাবলৈ সক্ষম হয়।

৮) যুৱক-যুৱতীসকলে লোকপিয়লত অংশগ্ৰহণৰ নেতৃত্ব দিবঃ নীতি, আঁচনি আৰু দেশৰ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে সঠিক তথ্য অপৰিহাৰ্য বুলি জোৰ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক নিজৰ পৰিয়ালক চলি থকা লোকপিয়লত সঠিকভাৱে অংশগ্ৰহণ কৰাত সহায় কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়। তেওঁ যুৱক-যুৱতীসকলক পৰিয়ালৰ সৈতে বহি প্ৰ-পত্ৰ বুজিবলৈ, দাখিল তথ্যসমূহ শুদ্ধ হোৱাটো নিশ্চিত কৰিবলৈ আৰু লোকপিয়লৰ অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

৯/ নিজতকৈ ৰাষ্ট্ৰৰ স্বাৰ্থ ঊৰ্ধ্বত; কৰ্তব্যই পৰিচয়ঃ পঞ্চ প্ৰতিজ্ঞাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিকসকলক দাসত্বৰ মানসিকতাক নিৰ্মূল কৰি যাবলৈ আহ্বান জনায় আৰু ৰাষ্ট্ৰৰ স্বাৰ্থ নিজৰ স্বাৰ্থতকৈ ওপৰত হ’ব লাগে আৰু কৰ্তব্য আমাৰ পৰিচয় হ’ব লাগে বুলি সংকল্প পুনৰবাৰ উল্লেখ কৰে।

১০) সপোনক সংকল্পলৈ আৰু সংকল্পক সফলতালৈ ৰূপান্তৰ কৰকঃ বিকশিত ভাৰতৰ প্ৰতি সামূহিক ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ আহ্বানৰে ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বাবে এয়াই সময়, সুযোগ আৰু সংকল্প। সপোনক সংকল্পলৈ, সংকল্পক শক্তিলৈ আৰু শক্তিক সফলতালৈ ৰূপান্তৰ কৰি, প্ৰতিটো খোজকে উন্নয়নৰ দিশত এখোজ হিচাপে গঢ়ি তুলিবলৈ, একেলগে আগবাঢ়ি যাবলৈ আৰু সামূহিকভাৱে এখন বিকশিত ভাৰত গঢ়ি তুলিবলৈ তেওঁ নাগৰিকসকলক আহ্বান জনায়।

 

***

 

MJPS/SS/KD


(रिलीज़ आईडी: 2300167) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Bengali , Bengali-TR , Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Tamil , Malayalam