ৰাষ্ট্ৰপতি সচিবালয়
৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
পোষ্ট কৰা হৈছে:
13 AUG 2026 10:14PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ (১৪ আগষ্ট, ২০২৬) ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।
এই ভাষণ আকাশবাণীৰ সমগ্ৰ ৰাষ্ট্ৰীয় নেটৱৰ্কত আৰু দূৰদৰ্শনৰ সকলো চেনেলত সন্ধিয়া ৭:০০ বজাৰ (১৯:০০ বজা) পৰা প্ৰথমতে হিন্দীত আৰু তাৰ পিছত ইংৰাজী ভাষাত সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনত হিন্দী আৰু ইংৰাজী ভাষাত এই ভাষণ সম্প্ৰচাৰ হোৱাৰ পিছত দূৰদৰ্শনৰ আঞ্চলিক চেনেলসমূহে আঞ্চলিক ভাষাত ইয়াক সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা ৯:৩০ বজাত (২১:৩০ বজা) ইয়াৰ নিজা আঞ্চলিক নেটৱৰ্কসমূহত আঞ্চলিক ভাষাৰ সংস্কৰণসমূহ সম্প্ৰচাৰ কৰিব।
***
MJPS/SS/PRK/RD
(ৰিলিজ আই ডি : 2299965)
অতিথি কক্ষ : 22