ৰাষ্ট্ৰপতি সচিবালয়
দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ অনুষ্ঠানত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
হস্ততাঁত খণ্ডৰ বহনক্ষম উন্নয়নৰ বাবে নতুন প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ অতি প্ৰয়োজনীয়ঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
তৰুণ উদ্যোগী, ডিজাইনাৰ আৰু ষ্টাৰ্টআপে আধুনিক ধাৰা, ব্ৰেণ্ড তথা বিশ্বজোৰা মূল্য শৃংখলৰ সৈতে পৰম্পৰাগত শিল্পকলাৰ
সংযোগ কৰি এই ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব পাৰে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
प्रविष्टि तिथि:
07 AUG 2026 4:27PM by PIB Guwahati
আজি (৭ আগষ্ট, ২০২৬) নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অনুষ্ঠানত সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ২০২৫ চনৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানতে ভাৰতৰ চহকী তথা বৈচিত্ৰ্যময় হস্ততাঁত পৰম্পৰাক উদ্ভাসিত কৰা চাৰিটা স্মাৰক ডাক টিকটো মুকলি কৰা হয়। 
অনুষ্ঠানত ভাষণ আগবঢ়াই ৰাষ্ট্ৰপতিয়ে কয় যে যুগ যুগ ধৰি হস্ততাঁত ভাৰতৰ সভ্যতাৰ বিৱৰ্তন যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ই আমাৰ দেশৰ অসাধাৰণ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে আৰু আমাৰ আঞ্চলিক স্বকীয়তাক ৰক্ষা কৰি ৰাখিছে। হস্ততাঁত খণ্ডই নিয়োগ, মহিলা সবলীকৰণৰ লগতে শিল্প আৰু সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি প্ৰেমক প্ৰতিফলিত কৰি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱৰ সৈতেও হস্ততাঁত শিল্প জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত উল্লেখ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ১৯০৫ চনৰ ৭ আগষ্টত আনুষ্ঠানিকভাৱে স্বদেশী আন্দোলন আৰম্ভ হৈছিল।বংগ বিভাজনৰ প্ৰতিবাদত আৰম্ভ কৰা এই আন্দোলনৰ লক্ষ্য আছিল স্বদেশী সামগ্ৰী, ঘৰুৱা উদ্যোগ আৰু বিশেষকৈ দেশৰ হস্তচালিত তাঁতশালৰ শিপিনীসকলৰ বিষয়ে প্ৰচাৰ কৰা। সেই ঐতিহাসিক দিনটোৰ স্মৃতি তথা সন্মানাৰ্থে ভাৰত চৰকাৰে ২০১৫ চনৰ পৰাই ৭ আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হস্ততাঁত খণ্ডৰ সৈতে জড়িত সকলোকে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ অভিনন্দন জনায়। এয়া আমাৰ দেশৰ সাংস্কৃতিক ঐক্যক সংজ্ঞায়িত কৰা বৈচিত্ৰ্যৰ উদযাপন বুলিও তেওঁ কয়। তেওঁ কয় যে এয়া ভাৰতৰ হস্ততাঁত খণ্ডৰ বাবে উল্লেখনীয় ভাবমূৰ্তি প্ৰতিষ্ঠা কৰা চৰকাৰ আৰু বয়ন শিল্পৰে জড়িত সমাজৰ সহযোগিতামূলক প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ এক অনুষ্ঠান।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ হস্ততাঁত খণ্ডই ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ এক প্ৰধান শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা এতিয়া উজ্জ্বল হৈ পৰিছে। মূল হস্ততাঁত ক্লাষ্টাৰসমূহক আধুনিক প্ৰযুক্তি আৰু সমসাময়িক প্ৰশিক্ষণ পদ্ধতিৰ সৈতে একত্ৰিত কৰা হৈছে। শিপিনীৰ আয় বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা ৰূপায়ণ কৰিছে। চৰকাৰে এই খণ্ডটোক পৰীক্ষিত সাংস্কৃতিক অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাৰ ফলত ভাৰতীয় হস্ততাঁত খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি উজ্জ্বল হৈ পৰাৰ বিষয়টো লক্ষ্য কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক ডিজাইনেৰে সজ্জিত বহু প্ৰতিভাৱান যুৱ উদ্যোগীয়ে এই খণ্ডত প্ৰৱেশ কৰিছে। চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানৰ জৰিয়তে যুৱক-যুৱতীসকলক আগুৱাই নিব লাগে যাতে তেওঁলোকৰ উৎসাহ আৰু দক্ষতাই এই খণ্ডৰ দীৰ্ঘম্যাদী তথা বহুমুখী সফলতা নিশ্চিত কৰিব পাৰে। যুৱ উদ্যোগী, ডিজাইনাৰ আৰু ষ্টাৰ্টআপে পৰম্পৰাগত শিল্পকলাক আধুনিক ধাৰা, ব্ৰেণ্ড তথা বিশ্বজোৰা মূল্য শৃংখলৰ সৈতে সংযোগ কৰি এই ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব পাৰে। ভাৰতীয় হেণ্ডলুম টেকন’লজি ইনষ্টিটিউট আৰু ৱেভাৰছ চাৰ্ভিচ চেণ্টাৰৰ তত্বাৱধানত ডিজাইন ৰিচ’ৰ্চ চেণ্টাৰসমূহে যুৱক-যুৱতীসকলক এই খণ্ডত জড়িত কৰাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই খণ্ডৰ বহনক্ষম উন্নয়নৰ বাবে নতুন প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ অতি প্ৰয়োজনীয়। আধুনিক ডিজিটেল সমাধানৰ জৰিয়তে বজাৰত প্ৰৱেশ অধিক ফলপ্ৰসূ কৰি তুলিব পাৰি। তদুপৰি ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে ভাৰতীয় হস্ততাঁত সামগ্ৰী বিশ্বৰ বজাৰলৈ প্ৰসাৰিত কৰিব পৰা যাব। হস্ততাঁত খণ্ডই দেশৰ সৰ্বাংগীন বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰিব বুলিও তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। ভাৰতৰ বয়ন পৰম্পৰা ৰক্ষা আৰু প্ৰসাৰৰ দিশত তেওঁলোকৰ অসাধাৰণ কাৰুকাৰ্য্য, আজীৱন নিষ্ঠা আৰু স্থায়ী অৱদানক স্বীকৃতি দি প্ৰদান কৰা হস্ততাঁত বঁটাৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ সন্মান হ’ল সন্ত কবীৰ হস্ততাঁত বঁটা। ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাৰ জৰিয়তে পৰম্পৰাগত দক্ষতা সংৰক্ষণ আৰু আধুনিক কৌশল আঁকোৱালি লোৱাৰ লগতে অসাধাৰণ সৃষ্টিশীলতা, গুণগত মান, উদ্ভাৱন তথা উৎকৃষ্টতা প্ৰদৰ্শন কৰা আন অংশীদাৰসকলক সন্মান জনোৱা হয়।
Please click here to see the President’s Speech
****
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2296354)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Gujarati
,
Odia
,
Kannada