মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নাগৰিকসকলক ভাৰতীয় হস্ততাঁত সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতীঅন্নপূৰ্ণা দেৱীৰ

प्रविष्टि तिथि: 07 AUG 2026 2:13PM by PIB Guwahati

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতীঅন্নপূৰ্ণা দেৱীয়েৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে নাগৰিকসকলক ভাৰতীয় হস্ততাঁত সামগ্ৰী গ্ৰহণ কৰাৰ লগতে দেশৰ শিপিনী আৰু শিল্পীসমাজক সন্মান জনাবলৈ আহ্বান জনাইছে।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ হস্ততাঁত কেৱল বস্ত্ৰশিল্পই নহয়,বৰঞ্চ ই আমাৰ সংস্কৃতি,আমাৰ পৰম্পৰাআৰু লাখ লাখ শিপিনী পৰিয়ালৰ জীৱিকাৰ আধাৰ।

তেওঁ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ প্ৰিয় হস্ততাঁত সামগ্ৰীৰ ভিডিঅ’ ভাগ-বতৰা কৰি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসক এক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ সকলোকে অনুৰোধ জনায়। তেওঁ লগতে এই দিনটোত ‘ভ’কেল ফৰ লোকেল’ হোৱাৰ সংকল্প শক্তিশালী কৰাৰ লগতে ভাৰতীয় হস্ততাঁত সামগ্ৰী গ্ৰহণ কৰি আমাৰ শিপিনীসকলৰ গৌৰৱ বৃদ্ধি কৰিবলৈও আহ্বান জনায়।

***

 

SS/PC/KD


(रिलीज़ आईडी: 2296347) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Gujarati , Tamil , Telugu