গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

জিলা পৰ্যায়ৰ ফৰেনছিক মোবাইল ভ্যান নেটৱৰ্ক

प्रविष्टि तिथि: 05 AUG 2026 3:07PM by PIB Guwahati

চৰকাৰে ফৰেনছিক ক্ষমতা আধুনিকীকৰণৰ আঁচনিত অনুমোদন জনাইছে, যাৰ অধীনত সমগ্ৰ দেশৰ সকলো জিলা আৰু ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (এফএছএল)লৈ ম’বাইল ফৰেনছিক ভ্যান (এমএফভি) প্ৰদানৰ বাবে ৪৯৬.৬৬ কোটি টকা আবণ্টনত অনুমোদন জনোৱা হৈছে।

এই ভ্যানসমূহক অপৰাধস্থলীৰ বৈজ্ঞানিক পৰীক্ষা তথা প্ৰমাণ সংগ্ৰহৰ সুবিধাৰ বাবে আধুনিক ফৰেনছিক সঁজুলিৰে সজ্জিত কৰা হৈছে। ম’বাইল ফৰেনছিক ভ্যানসমূহত উপলব্ধ সুবিধাসমূহৰ ভিতৰত আছে অপৰাধস্থলীৰ নথিপত্ৰ, ফটোগ্ৰাফী/ভিডিঅ’গ্ৰাফী, জৈৱিক আৰু ট্ৰেচ আদিৰ  প্ৰমাণ সংগ্ৰহ, আঙুলিৰ ছাপ , ভৌতিক প্ৰমাণৰ প্ৰাৰম্ভিক পৰীক্ষা, সেইবোৰৰ সুৰক্ষিত সংৰক্ষণ , ডিজিটেল নথিপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় ফৰেনছিক সঁজুলি।

এই পৰ্যন্ত দেশৰ বিভিন্ন ৰাজ্যত ৬১৯ খন  এনেধৰণৰ ম’বাইল ফৰেনছিক ভ্যান আগবঢ়োৱা হৈছে।

এইক্ষেত্ৰত কৰ্মীৰ নিযুক্তিকে ধৰি অন্যান্য খৰচ  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে  বহন কৰিব লাগিব।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দি সঞ্জয় কুমাৰে।

 

*****

RK/RR/PR/PS/SC/DM


(रिलीज़ आईडी: 2294981) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Tamil , Telugu