প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউ কেৰ প্ৰধানমন্ত্ৰীৰ ফোনকল পায় প্ৰধানমন্ত্ৰীয়ে
কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহামক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাবলৈ সন্মতি প্ৰকাশ কৰে
प्रविष्टि तिथि:
31 JUL 2026 7:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউ কেৰ প্ৰধানমন্ত্ৰী মহামহিম এণ্ডি বাৰ্নহামৰ পৰা এটা ফোনকল পায়।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বাৰ্নহামক কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এটা সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে ভাৰত-ব্ৰিটেইনৰ ভৱিষ্যদৰ্শন ২০৩৫ৰ সৈতে সংগতি ৰাখি প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, স্বচ্ছ শক্তি, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰিবলৈ সন্মত হয়।
শেহতীয়াকৈ ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীণ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি বলৱৎ হোৱাক আদৰণি জনাই নেতাদ্বয়ে দুয়োখন দেশৰ জনসাধাৰণৰ ভাগ-বতৰা কৰা সমৃদ্ধি আৰু কল্যাণৰ বাবে ইয়াৰ বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।
তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে।
দুয়োগৰাকী নেতাই পাৰস্পৰিক সম্পৰ্ক অটুট ৰাখিবলৈ সন্মত হয়।
*****
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2292853)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam