ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
azadi ka amrit mahotsav

অসমৰ কাছাৰ জিলাৰ এটা ধাতু প্ৰক্ৰিয়াকৰণ কাৰখানাত সংঘটিত বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ মৃত্যুৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱা বাতৰিক লৈ নিজাববীয়া গোচৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

দুসপ্তাহৰ ভিতৰত বিষয়টোৰ বিশদ প্ৰতিবেদন বিচাৰি অসমৰ মুখ্য সচিব আৰু কাছাৰৰ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি

প্ৰতিবেদনত আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ লগতে মৃতকৰ নিকটাত্মীয় আৰু আহত শ্ৰমিকসকলক ক্ষতিপূৰণ প্ৰদানৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

प्रविष्टि तिथि: 29 JUL 2026 11:20AM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ২০২৬ চনৰ ২৬ জুলাইত অসমৰ কাছাৰ জিলাৰ এটা ধাতু প্ৰক্ৰিয়াকৰণ কাৰখানাত সংঘটিত বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনক লৈ নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। খবৰ অনুসৰি বিস্ফোৰণৰ পাছত শ্ৰমিকসকলৰ ওপৰত গলিত ধাতু পৰিছিল। ভুক্তভোগীসকলৰ পৰিয়াল আৰু স্থানীয় লোকে অভিযোগ কৰিছে যে কাৰখানাত আগতেও এনে ঘটনা সংঘটিত হৈছে।

আয়োগে মন্তব্য কৰিছে যে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ তথ্য যদি সঁচা হয়, তেন্তে ই মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ বিষয়। সেই অনুসৰি আয়োগে অসমৰ মুখ্য সচিব আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিষয়টোৰ ওপৰত এক বিশদ প্ৰতিবেদন বিচাৰিছে। প্ৰতিবেদনত আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ লগতে মৃতকৰ নিকটাত্মীয় আৰু আহত শ্ৰমিকসকলক ক্ষতিপূৰ প্ৰদানৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

২০২৬ চনৰ ২৭ জুলাইত প্ৰচাৰিত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত কাৰখানাত ১০০ৰো অধিক শ্ৰমিক উপস্থিত আছিল।

 

***

NSK/HS


(रिलीज़ आईडी: 2290945) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Bengali-TR , Manipuri , Tamil , Telugu