প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

प्रविष्टि तिथि: 23 JUL 2026 8:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহিয়ান ব্যক্তিত্ব হিচাপে লোকমান্য তিলকে জাতীয়তাবাদৰ মনোভাৱ জাগ্ৰত কৰিছিল আৰু প্ৰতিটো প্ৰজন্মক জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলা আৰু ভাতৃত্ববোধৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাও সমানেই অনুপ্ৰেৰণাদায়ক আছিল। শ্ৰী মোদীয়ে কয় যে তেওঁৰ লিখনিসমূহে জনসাধাৰণক নতুন আত্মবিশ্বাস প্ৰদানৰ লগতে গৌৰৱৰ মনোভাৱ বৃদ্ধি কৰিছিল।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

" লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহিয়ান ব্যক্তি হিচাপে তেওঁ জাতীয়তাবাদৰ চেতনা জাগ্ৰত কৰিছিল আৰু প্ৰতিটো প্ৰজন্মক জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আমাৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলা আৰু ভাতৃত্ববোধৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাও সমানেই অনুপ্ৰেৰণাদায়ক আছিল। তেওঁৰ লিখনিসমূহে জনসাধাৰণক আত্মবিশ্বাস প্ৰদান কৰাৰ লগতে গৌৰৱৰ মনোভাৱ বৃদ্ধি কৰিছিল।"

 

***

MJPS/SS/PRK/NB


(रिलीज़ आईडी: 2288206) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam