ৰাষ্ট্ৰপতি সচিবালয়
ভাৰত-উত্তৰ মেচিডোনিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
ভাৰত-উত্তৰ মেচিডোনিয়াৰ মাজৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কই সম্পূৰ্ণৰূপে জয়ৰ বাবে অপেক্ষা কৰি থকা এক সীমান্তত উপনীত হৈছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
দুয়োখন দেশৰ ব্যৱসায়ীয়ে কাৰ্য্যক্ষম প্ৰকল্প চিনাক্তকৰণ আৰু দীৰ্ঘম্যাদী বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব লাগে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পোষ্ট কৰা হৈছে:
21 JUL 2026 10:16PM by PIB Guwahati
আজি (২১ জুলাই, ২০২৬) স্কোপজেত অনুষ্ঠিত ভাৰত-উত্তৰ মেচিডোনিয়া ব্যৱসায়িক মঞ্চত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উদ্বোধনী ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উত্তৰ মেচিডোনিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ডাঃ গৰ্ডানা চিলজানোভস্কা-ডাভকোভা,উত্তৰ মেচিডোনিয়া চৰকাৰৰ সদস্য, ভাৰত আৰু উত্তৰ মেচিডোনিয়াৰ ব্যৱসায়িক নেতা তথা দুয়োখন দেশৰ উদ্যোগ সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

সভাত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতৰ কোনো ৰাষ্ট্ৰপতিয়ে উত্তৰ মেচিডোনিয়ালৈ কৰা এয়াই প্ৰথম ভ্ৰমণ , তেওঁৰ এই ভ্ৰমণে উত্তৰ মেচিডোনিয়াৰ সৈতে সকলো ক্ষেত্ৰতে যোগাযোগ স্থাপনৰ বাবে ভাৰতৰ তীব্ৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ভাৰত-উত্তৰ মেচিডোনিয়াৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক সম্পূৰ্ণৰূপে জয়ৰ বাবে অপেক্ষা কৰি থকা এক সীমান্তত উপনীত হৈছে বুলিও তেওঁ উল্লেখ কৰে। দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণে এক স্থিৰ ইতিবাচক দিশ প্ৰতিফলিত কৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ই অৱশ্যে এটা অংশহে প্ৰতিনিধিত্ব কৰিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বাণিজ্যৰ পৰা প্ৰকৃত অৰ্থনৈতিক অংশীদাৰিত্বলৈ উধাই যাবলৈ হ’লে আমি পাৰস্পৰিক বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেওঁ দৃঢ়তাৰে কয় যে নতুন বিনিয়োগৰ পৰিসৰ ডিজিটেল উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন খণ্ডত বিস্তৃত হৈ আছে , সেয়া ঔষধ আৰু স্বাস্থ্যসেৱা, কৃষি প্ৰক্ৰিয়াকৰণ, আৰু সেউজ শক্তিৰ পৰিৱৰ্তন আদিলৈও বিস্তৃত। অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন (WAVES)ত অংশগ্ৰহণ কৰিবলৈ উত্তৰ মেচিডোনিয়াক তেওঁ আমন্ত্ৰণ জনায়।ৰাষ্ট্ৰপতিগৰাকীয়ে ষ্টাৰ্ট-আপ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰযুক্তি উদ্যোগসমূহৰ মাজত অংশীদাৰিত্ব বৃদ্ধিত উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰতো সহযোগিতা অন্বেষণ কৰা উচিত বুলি তেওঁ কয় ।

কাৰ্যকৰী প্ৰকল্প চিনাক্তকৰণ আৰু দীৰ্ঘম্যাদী বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশৰ ব্যৱসায়ীসকলে আগভাগ ল’ব লাগে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। দুয়োখন দেশৰ চেম্বাৰ অৱ কমাৰ্চ, বিনিয়োগ সংস্থা আৰু ব্যৱসায়িক সংস্থাসমূহৰ মাজত সংযোগ স্থাপন তথা ব্যৱসায়িক প্ৰতিনিধি দলৰ আদান-প্ৰদানৰ বৃদ্ধি কৰিবলৈও তেওঁ আহ্বান জনায়। তেওঁ লগতে কোম্পানীসমূহক তাৎক্ষণিক লেনদেনৰ বাহিৰলৈ গৈ প্ৰযুক্তিৰ হস্তান্তৰ, যৌথ উদ্যোগ, স্থানীয় মূল্যৰ সৃষ্টি আৰু নিয়োগ সৃষ্টিৰ বিষয়ত অংশীদাৰিত্ব গঢ়ি তোলাৰ অৰ্থে বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে এইবুলি আস্থা প্ৰকাশ কৰে যে এই মঞ্চই নতুন ধাৰণা সৃষ্টি কৰিব আৰু ভাৰত আৰু উত্তৰ মেচিডোনিয়াৰ মাজত সহযোগিতাৰ নতুন পথ মুকলি কৰিব ।
Please click here to see the President’s speech
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2287636)
অতিথি কক্ষ : 28